• Sun. Jun 15th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া-২০২৫অসমৰ প্ৰথমটো দল ৰাওনা

ByNaba Barta

May 1, 2025
Spread the love

নৱবার্তা গুৱাহাটী ঃ বিহাৰ আৰু নতুন দিল্লীত অহা চাৰিৰ পৰা ১৫ মে’লৈ অনুষ্ঠিত হ’ব লগা সপ্তম খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াত প্ৰতিদণ্ডিতা কৰিবলগা অসমৰ প্ৰথমটো দল আজি গুৱাহাটীৰ পৰা ৰাওনা হৈছে৷ অসম দলৰ চিফ দ্য মিছন তথা সহকাৰী ক্ৰীড়া সঞ্চালক নৱ বসুমতাৰীয়ে জনোৱা অনুসৰি বৃহস্পতিবাৰে পূৱা ৰাজধানী এক্সপ্ৰেছযোগে অসমৰ কাবাডী আৰু ভলীবলৰ ছোৱালী দল দুটা পাটনালৈ যাত্ৰা কৰে৷ আনহাতে, কাইলৈ বসুমতাৰীৰ লগতে জুডো, সাঁতোৰ, চাইক্লিং, ছেপাকটাক্ৰ’ আৰু গাটকাৰ অসম দলৰ খেলুৱৈসকল প্ৰতিযোগিতাখনলৈ যাব৷

উল্লেখ্য যে প্ৰথমবাৰৰ বাবে খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া আয়োজনৰ দায়িত্ব লাভ বিহাৰে ৰাজ্যৰ পাঁচখন চহৰত প্ৰতিযোগিতাৰ খেল অনুষ্ঠিত কৰাৰ বিপৰীতে শ্বুটিং, জিমনাষ্টিক আৰু ট্ৰেক চাইক্লিং নতুন দিল্লীত হ’ব৷ প্ৰতিযোগিতাত ২৭ বিধ খেল অন্তৰ্ভূক্ত কৰা হৈছে যদিও অসমে ১৭ বিধ খেলত প্ৰতিদণ্ডিতা কৰিব৷ অসমৰ দলটোৰ সদস্যৰ সংখ্যা হ’ল ১৩৫৷ ইয়াৰে ১০৫ গৰাকী এথলীট৷ ল’ৰা ৪২ আৰু ছোৱালী ৬৩ গৰাকী৷

বুধবাৰে সৰুসজাই ক্ৰীড়া প্ৰকল্পত ক্ৰীড়া আৰু যুৱ কল্যান বিভাগে আয়োজন কৰা এক অনুষ্ঠানত অসম দলক আনুষ্ঠানিকভাবে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা শুভেচ্চা জনোৱা হয়৷ অসম চৰকাৰৰ ক্ৰীড়া বিভাগৰ বিশেষ সচিব কে জে হিলালি মুখ্য অতিথিৰূপে উপস্থিত থকা এই অনুষ্ঠানতে অসম দলৰ জাৰ্ছীও আনুষ্ঠানিকভাবে উন্মোচন কৰাৰ লগতে বিতৰণ কৰা হয়৷ অনুষ্ঠানত অলিম্পিয়ান আৰ্চাৰ তথা অজুৰ্ন সন্মান প্ৰাপ্যক জয়ন্ত তালুকদাৰ, ভাৰোত্তোলনৰ আন্তৰ্জাতিক প্ৰশিক্ষক অনূপ কোঁৱৰ, ক্ৰীড়া বিভাগৰ উপ-সঞ্চালক এন এইছ কৌশিক আদি উপস্থিত থাকে৷

দেশৰ ৩৬ ৰাজ্য তথা কেন্দ্ৰীয় শাসিত ৰাজ্যৰ প্ৰায় দহ হেজাৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰিবলগা সপ্তম খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াত অসমে সাঁতোৰ, ভাৰোত্তোলন, এথলেটিকছ, শ্বুটিং, বক্সিং, চাইক্লিং, থাংটা, টেবুল টেনিছ, যোগাসন, গাটকা, কালাৰিপায়াটু, জুডো, জিমনাষ্টিক, মাল্লখম্ব, ছেপাকটাক্ৰ’ আৰু ছোৱালীৰ ভলীবল তথা কাবাডীৰ দলে প্ৰতিদণ্ডিতা কৰিব৷

তামিলনাডুত অনুষ্ঠিত বিগত খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াত অসমে মুঠ ২৪ টা পদক লাভ কৰিছিল৷ তালিকাত ১৭ নম্বৰ স্থানত আছিল অসম৷ বাহিৰত এতিয়ালৈকে এয়াই অসমৰ শ্ৰেষ্ঠ প্ৰদৰ্শন৷ অৱশ্যে গুৱাহাটীত ২০২০ ত হোৱা তৃতীয় খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াত অসমে ২০ টা সোণসহ মুঠ ৭৬ টা পদক লাভ কৰি সপ্তম স্থানত আছিল৷

Leave a Reply

Your email address will not be published. Required fields are marked *