• Fri. Jun 13th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

Spread the love

নৱবার্তা গুৱাহাটী: গুৱাহাটীৰ বাঘৰবৰি তিনিআলিস্থ সমাজকৰ্মী ছাজন ভূঞাৰ বাসভৱনত বুধবাৰে সমাজ বন্ধুৰ দিন উদযাপন সমিতিৰ উদ্যোগত ‘সমাজ বন্ধুৰ দিন’ উদযাপন কৰা হয়। বিশিষ্ট সমাজকৰ্মী ছাজন ভূঞাৰ ৫৪ সংখ্যক ওপজা দিন উপলক্ষে চতুৰ্থবর্ষৰ বাবে সমাজ বন্ধুৰ দিন পালন কৰা হয়। ওপজা দিন উপলক্ষে এখন ধৰ্মীয় সভা অনুষ্ঠিত হয়। সভাত বহুকেইজন ধৰ্মীয় ব্যক্তিয়ে ‘কোৰাণ শ্বৰীফৰ’ ব্যাখ্যা আগবঢ়ায়। এই অনুষ্ঠানৰ সমাজৰ ভিন্নজনে অংশগ্ৰহণ কৰি ভূঞাক আশীৰ্বাদ দিয়ে।
উল্লেখ‍্য, বিশিষ্ট সমাজকৰ্মী ছাজন ভূঞাই চাকৰিৰ দৰমহাৰ আধা অংশ বহু বছৰ ধৰি সমাজৰ আৰ্তজনৰ সহায়ৰ বাবে আগবঢ়াই আহিছে। হৃদ্ ৰোগৰ জটিল অস্ত্ৰোপচাৰ কৰিও বিভিন্ন সমাজ সেৱা মূলক কাম কৰি অহা ভূঞাই নিজৰ ওপজা দিনত সকলোৰে পৰা আশীৰ্বাদ কামনা কৰে। এই উপলক্ষে তেওঁৰ বাসগৃহত ‘য়শ্বনে মীলাদুন্নবী কনফাৰেঞ্চ’ অনুষ্ঠিত হয়। এই কাৰ্যসূচীত কোৰাণ পাঠ কৰে মৌলানা আব্দুল ছাত্তাৰ আৰু কাৰী আব্দুল জলীলে। নাট শ্বৰীফ পাঠ কৰে হায়াৰ ৰাব্বানীয়ে।ৱাজ নশ্বিয়াৰ আৰম্ভ কৰে বৰবাৰী বৰটিলা মছজিদৰ ইমাম মৌলনা আমিনুল হকে। তাৰপাছত তাৰপাছত ৱাজ নশ্বিয়াত কৰে অনুষ্ঠানৰ মুখ্য অতিথি তথা সাতগাঁও মাদ্ৰাছাৰ উপাধ্যক্ষ মৌলানা আজিম উদ্দিন আহমেদ ৰেজবী চাহাবে। এই অনুষ্ঠানত সভাপতিত্ব কৰে নৱাপাৰা অঞ্চলৰ যুৱক ৰাজা লস্কৰে। এই অনুষ্ঠানত অঞ্চলটোৰ বহু সংখ্যক গণ্য মনে লোক উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *