• Fri. Jun 13th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

নৰ্থ-ইষ্ট আশীৰ্বাদ ফাউণ্ডেচন উদ্যোগ শিল্পগ্ৰামত ৬খন ৰাষ্ট্ৰৰ অংশগ্ৰহণেৰে দক্ষিণ-পূৱ এছিয়া সাংস্কৃতিক সন্মিলন

ByNaba Barta

Dec 7, 2024
Oplus_131072
Spread the love


সংস্কৃতি, পৰ্যটন আৰু সমন্বয়ৰ সেতু গঢ়াৰ প্ৰয়াস

শিল্পী, সাংবাদিকক সম্বৰ্ধনা

নৱবার্তা গুৱাহাটী : দক্ষিণ-পূৱ এছিয়াৰ দেশ সমূহৰ মাজত সংস্কৃতি, পৰ্যটন, বিশ্বাস, ভাতৃত্ববোধ আৰু পাৰস্পৰিক সমন্বয়ৰ সেতু গঢ়াৰ প্ৰয়াসেৰে ‘নৰ্থ-ইষ্ট আশীৰ্বাদ ফাউণ্ডেচন’ ৰ উদ্যোগত শনিবাৰে গুৱাহাটীৰ পাঞ্জাবাৰী শিল্পগ্ৰাম চৌহদত ‌ ‘৩য় দক্ষিণ-পূৱ এছিয়া সাংস্কৃতিক সন্মিলন-২০২৪’ অনুষ্ঠিত হয়। উত্তৰ পূৱ ক্ষেত্ৰ সাংস্কৃতিক কেন্দ্ৰ, শিল্পগ্ৰাম, ভাৰত চৰকাৰ আৰু সাংস্কৃতিক পৰিক্ৰমা সঞ্চালয়কাল‌য়, অসম চৰকাৰৰ সহযোগত ২০২২ বৰ্ষ প্ৰতিষ্ঠিত অসমৰ অগ্ৰণী অনুষ্ঠান নৰ্থ-ইষ্ট আশীৰ্বাদ ফাউণ্ডেচনে আয়োজন কৰা এই আন্ত:ৰাষ্ট্ৰীয় সন্মিলন ভাৰতৰ বিশিষ্ট ৰাজনীতিবিদ, সংস্কৃতিৰ পণ্ডিত, শিক্ষাবিদ, সাংস্কৃতিক সংগঠক ‌লগতে ৫ খন বিদেশী ৰাষ্ট্ৰৰ সাংস্কৃতিক দল আৰু অসমৰ বিশিষ্ট কলা-কুশলী, শিল্পীৰ দলে অংশগ্ৰহণ কৰে। খ্যাতি সম্পন্ন শিল্পী গুৰু জীনা ৰাজকুমাৰীৰ পৰিচালনাত অনুষ্ঠিত হোৱা আন্ত:ৰাষ্ট্ৰীয় সাংস্কৃতিক সন্ধিয়াৰ মঞ্চত ক্ৰমে’ থাইলেণ্ডৰ মহা‌চাৰাখাম বিশ্ববিদ্যালয়ৰ সাংস্কৃতিক দলে, অসমৰ বাৰেৰহণীয়া সংস্কৃতি, ভিয়েটনামৰ সাংস্কৃতিক দলে, ভূটানৰ সাংস্কৃতিক দলে, কটন বিশ্ববিদ্যালয় টাই সাংস্কৃতিক দলে, থাইলেণ্ডৰ নৰেছুৱান বিশ্ববিদ্যালয় সাংস্কৃতিক দলে, নেপালৰ সাংস্কৃতিক দলে, অনু বসুমতাৰী দলৰ ভাৰতনাট্যম, ড০ সংগীতা কাকতিৰ গীত আৰু গা‌য়ত্ৰী কোঁৱৰ সাংস্কৃতিক দলে দক্ষিণ-পূৱ এছিয়াৰ চহকী কৃষ্টি-সংস্কৃতি পৰিৱেশন কৰে। আন্ত:ৰাষ্ট্ৰীয় সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত পদ্মশ্ৰী যতীন গোস্বামী, বিশিষ্ট নাট্যকাৰ দুলাল ৰয়,অসৱৰী মুখ্য সচিৱ কুমাৰ সঞ্জয় কৃষ্ণ, ড০ নিতুল গগৈ , সাংস্কৃতিক সঞ্চালকালয়ৰ সঞ্চালক ৰাহুল দাস আদি বিশিষ্ট নাগৰিক সকল উপস্থিত থাকে৷ উপস্থিত বিশিষ্ট ব্যক্তি সকলৰক বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা অনুষ্ঠানত প্ৰয়াত সংগীত শিল্পী পংকজ কলিতাৰ সোৱঁৰণত বিশিষ্ট শিল্পী নীলিমা খাতুন, অপৰ্ণা বুজৰ বৰুৱা, সমৰ হাজৰিকা, জীতেন বসুমতাৰী, সূৰ্য দাস আৰু দ্বীপেন বৰুৱাক সম্বৰ্ধনা জনোৱা হয়। এই অনুষ্ঠানতে ‘অসমীয়া প্ৰতিদিন’ৰ সাংবদিক পুলিন্দ্ৰ দেৱ শৰ্মা, ‘আমাৰ অসম’ৰ সাংবাদিক অনুপমা ডেকা, প্ৰাগ নিউজৰ সাংবাদিক দেৱজিৎ নন্দন, প্ৰথম খবৰৰ সাংবাদিক ৰঞ্জিতা ৰাভা আৰু ডি ৱাই ৩৬৫ ৰ সাংবাদিক স্নিন্ধা শিখা বৰাক সম্বৰ্ধনা জনোৱা হয়।
সাংস্কৃতিক সন্মিলনৰ সাধাৰণ সম্পাদক অসীম বৰাই অনুষ্ঠানত উপস্থিত সকলোৰে শলাগ লয়।

Leave a Reply

Your email address will not be published. Required fields are marked *