• Fri. Jun 13th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

ৰাধা গোৱিন্দ বৰুৱা সভাকক্ষত বিশাল প্ৰকাশনৰ গ্ৰন্থ উন্মোচনী সভা

ByNaba Barta

Jan 4, 2025
Spread the love

শিক্ষাবিদ-চিন্তশীল লেখক ড০ অমৰজ্যোতি চৌধুৰীৰ জীৱন কৃতি সম্বলিত গ্ৰন্থ উন্মোচন

নৱ প্ৰজন্মৰ পথপ্ৰদৰ্শক ড০ চৌধুৰীঃ গৌতম শৰ্মা

নৱবার্তা গুৱাহাটী:: শিক্ষা-সাহিত্য-সংস্কৃতি জগতখনৰ অন্যতম পুৰোধা ব্যক্তি হিচাপে পৰিচিত ড০ অমৰজ্যোতি চৌধুৰীৰ জীৱন কৃতি সম্বলিত এখনি গ্ৰন্থ আজি উন্মোচন কৰা হয়। অসম সাহিত্য সভাৰ ৰাধাগোবিন্দ বৰুৱা সভাকক্ষত বিশাল প্ৰকাশনৰ উদ্যোগত আজি বিয়লি তিনি বজাত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ সভাত ‘ব্যক্তিত্ব-বিজ্ঞান-কৃষ্টি আৰু মানৱতাৰ জলঙাৰে ড০ অমৰজ্যোতি চৌধুৰী’ নামৰ গ্ৰন্থখনি উন্মোচন কৰে নৃত্যাচাৰ্য, সংগীত নাটক অকাডেমি বঁটা প্ৰাপক তথা ‘সদস্যৰত্ন’ পদ্মশ্ৰী যতীন গোস্বামীয়ে। ‘বাৰ্তাপখিলী’ৰ সহকাৰী সম্পাদক তথা কবি-সাংবাদিক বিপুল কুমাৰ দিহিঙীয়াই আঁতধৰা সভাত গ্ৰন্থ উন্মোচক গোস্বামীয়ে শিক্ষা-সাহিত্য আৰু সংস্কৃতিৰ ক্ষেত্ৰত ৰাজ্যখনত বিশেষ বৰঙণি আগবঢ়াই অহা অৱসৰপ্ৰাপ্ত উপাচাৰ্য, শিক্ষাবিদ তথা চিন্তাশীল লেখক ড০ অমৰজ্যোতি চৌধুৰীৰ জীৱন পৰিক্ৰমা সামৰি প্ৰস্তুত কৰা ‘ব্যক্তিত্ব-বিজ্ঞান-কৃষ্টি আৰু মানৱতাৰ জলঙাৰে ড০ অমৰজ্যোতি চৌধুৰী’ গ্ৰন্থখনিয়ে তেওঁৰ লগতে সমাজ আৰু সময়ৰ বহু কথা সোঁৱৰাই দিব বুলি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। ব্ৰজেন্দ্ৰ নাথ ডেকা আৰু গোপাল জালানৰ সম্পাদনাত বিশাল প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত গ্ৰন্থখনিত ৰাজ্যখনৰ ভালেসংখ্যক বিশিষ্ট লেখক, বুদ্ধিজীৱীৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইবাগৰাকী বিশিষ্ট লেখক তথা বিজ্ঞানীয়ে এই গ্ৰন্থখনত ড০ অমৰজ্যোতি চৌধুৰীৰ জীৱন কৃতি সম্পৰ্কে বৰ্ণনা কৰে। সভাত বিশিষ্ট অতিথি হিচাপে ‘দ্য আছাম ট্ৰিবিউন’ কাকতৰ কাৰ্যবাহী সম্পাদক প্ৰশান্তজ্যোতি বৰুৱা, অৱসৰপ্ৰাপ্ত আয়ুক্ত সচিব তথা বিশিষ্ট লেখক থানেশ্বৰ মালাকাৰ, ‘আমাৰ অসম’ কাকতৰ কাৰ্যবাহী সম্পাদক তথা বিশিষ্ট গীতিকাৰ গৌতম শৰ্মা আৰু বিশিষ্ট সংগীত শিল্পী মনিষা হাজৰিকাই অংশগ্ৰহণ কৰি কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। বিশেষকৈ বিশিষ্ট সাংবাদিক গৌতম শৰ্মাই বক্তব্য ৰাখি নৱ প্ৰজন্মৰ পথপ্ৰদৰ্শক ড০ অমৰজ্যোতি চৌধুৰীৰ বক্তব্যলৈ সকলোৱে ৰৈ থাকে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য ৰাখে। সভাত অনুষ্ঠানটিৰ মধ্যমণি ড০ অমৰজ্যোতি চৌধুৰীয়ে বক্তব্য ৰাখি বিশাল প্ৰকাশনৰ পদক্ষেপৰ শলাগ লোৱাৰ লগতে সম্পাদকদ্বয় ব্ৰজেন্দ্ৰ নাথ ডেকা আৰু গোপাল জালানক ধন্যবাদ জ্ঞাপন কৰে। ‘বাৰ্তাপখিলী’ৰ কাৰ্যবাহী সম্পাদক তথা লেখক গোপাল জালানে উদ্দেশ্য ব্যাখ্যা আগবঢ়োৱা সভাখনিত নয়ন প্ৰসাদ, প্ৰফুল্ল বৰ্মন, মিহিৰ বৰুৱা, ডাঃ অঞ্জনজ্যোতি চৌধুৰী, অনুপজ্যোতি চৌধুৰী, দেৱজিৎ গোস্বামী, ৰুণু দেৱী, ড০ অমৰজ্যোতি চৌধুৰীৰ সহধৰ্মিনী কাবেৰী দাস চৌধুৰী, বিজয় শংকৰ শৰ্মা, ভৱেন বেজ, ত্ৰিদীপ বৰা, হৰেন গগৈ, ‘গিৰজনি’ৰ সম্পাদক দুৰ্গা প্ৰসাদ হাজৰিকাকে ধৰি ভালেসংখ্যক গণ্য-মান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *