• Fri. Jun 13th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

হাতীগাঁৱত দি হাৰ্টৰ স্বাস্থ্য পৰীক্ষা আৰু সজাগতা শিবিৰ

ByNaba Barta

Feb 18, 2025
Spread the love

নৱবাৰ্তা গুৱাহাটী: বেচৰকাৰী সংস্থা দি হাৰ্টৰ উদ্যোগত দেওবাৰে গুৱাহাটীৰ হাতীগাঁৱস্থিত “দি হাৰ্ট”ৰ কাৰ্যালয়ৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষাৰ লগতে স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হয়। শিবিৰত হৃদৰোগ বিশেষজ্ঞ চিকিৎসক তথা দি হাৰ্ট”ৰ সভাপতি ডা৹ চন্দন মোদক, ডা৹ দেবজিত ব্ৰহ্ম আৰু ডা৹ ছায়েদা ছামিমাই শতাধিক লোকৰ স্বাস্থ্য পৰীক্ষা কৰি বিনামূলীয়া ঔষধ যোগান ধৰে। চিকিৎসা সেৱাৰ পূৰ্বে প্ৰয়োজন অনুসৰি লোক সকলৰ লিভাৰৰ ফাইব্ৰস্কেন, ইচিজি, ৰক্তচাপ, ছুগাৰ আদিও বিনামূলীয়াকৈ পৰীক্ষা কৰা হয়। শিবিৰত ইচ্ছুক যুৱক যুৱতী সকলক বিএলএছ আৰু চিপিআৰৰ প্ৰশিক্ষণ প্ৰদান কৰা হয়। উল্লেখ‍্য, ৩১ জানুৱাৰীত ধুবুৰী জিলাৰ ধৰ্মশালা প্ৰধানীপাৰা তিনিআলিত হেভেন ক্লাৱ কাম লাইব্ৰেৰী আৰু দি হাৰ্টৰ যৌথ উদ্যোগত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হয়। উল্লেখ্য যে প্ৰতি মাহেকৰ তৃতীয় দেওবাৰ দি হাৰ্টৰ হাতীগাঁওস্থিত কাৰ্যালয়ত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা আৰু সজাগতা শিবিৰ অনুষ্ঠিত হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *