• Sun. Jun 15th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

শুৱাহাটীত “লুইত পৰীয়া বিহু সম্মিলন”

ByNaba Barta

Apr 18, 2025
Spread the love

ৰাজ্যৰ তিনিগৰাকী কৃষকক
কৃষক বন্ধু সন্মান প্ৰদান কৰা হ’ব

নৱবার্তা গুৱাহাটী: পূর্বোত্তৰ প্ৰদেশীয় মাৰোৱাৰী যুৱ মঞ্চৰ উদ্যোগত আৰু ব্যতিক্রম ফাউণ্ডেশ্যনৰ সহযোগত ২০ এপ্ৰিলত গুৱাহাটীৰ বেলতলা ৰংগমঞ্চত (ৰুক্মিণী নগৰ) দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা হৈছে। শুকুৰবাৰে দিছপুৰ প্ৰেছ ক্লাবত পূর্বোত্তৰ প্ৰদেশীয় মাৰোৱাৰী যুৱ মঞ্চৰ উদ্যোগত আৰু ব্যতিক্রম ফাউণ্ডেশ্যনৰ সহযোগত অনুষ্ঠিত এখন সংবাদ মেলত এইকথা সদৰী কৰে ব্যতিক্রম ফাউণ্ডেশ্যনৰ মুখ্য উপদেষ্টা তথা বিশিষ্ট সংগীত শিল্পী বিদ্যা সাগৰে। তেওঁ লগতে কয়-বিহুৰ এই আয়োজনৰ মুখ্য লক্ষ্য হৈছে অসমত বসবাস কৰা নানা জাতি, উপজাতি, নানা ভাষিক সকলো লোকৰে মাজত সামাজিক সম্প্রীতিৰ এনাজৰীডাল আৰু অধিক সুদৃঢ় কৰি এক সুন্দৰ পৰিবেশ গঢ়ি তোলা।
সিদিনা পুৱা ৯ বজাত ঢোলৰ ওজা সোমনাথ বড়াই পতাকা উত্তোলন কৰিব লগতে বিহুৰ পৰম্পৰা অনুসৰি জ্যেষ্ঠ জনক সেৱা জনোৱাৰ লগতে আশীর্বাদ গ্রহণ কৰা হ’ব। ইয়াৰ পিছত দিনৰ ২ বজাৰ পৰা সদৌ অসম ভিত্তিত অসমীয়া গীতত সৃষ্টিমূলক একক নৃত্য প্রতিযোগিতা এখন আয়োজন কৰা হৈছে য’ত ৪ গৰাকী বিজয়ীক নগদ ধনেৰে পুৰস্কৃত কৰা হব। সন্ধিয়া ৭ বজাত সাংস্কৃতিক মঞ্চ মুকলি কৰিব উত্তৰ পূৰ্বাঞ্চল ক্ষেত্রীয় সাংস্কৃতিক কেন্দ্ৰৰ সঞ্চালক ড” প্রসন্ন গগৈ আৰু বিশিষ্ট অভিনেত্রী চেতনা দাসে। এই অনুষ্ঠানত গ্রহণ কৰিবলগীয়া আটাইতকৈ গুৰুত্বপূর্ণ কাৰ্যসূচী এইটোৱে যে অসমৰ তিনি গৰাকীকৈ বিশিষ্ট কৃষক বন্ধু তথা অন্ন দাতাক কৃষক বন্ধু সন্মান প্রদান কৰা হ’ব।
তেওঁলোক হৈছে ক্ৰমে গোলাঘাটৰ প্ৰিয়ংকা গগৈ, তামুলপুৰৰ সুশান্ত ৰামচিয়াৰী আৰু মৰিগাঁওৰ সোণাৰাম বণিয়া। তাৰ পিছতে অসমৰ উল্লেখযোগ্য কেইবাটাও বিহু হুঁচৰি দলৰ নৃত্য প্ৰদৰ্শনৰ লগতে অসমৰ জনপ্রিয় কণ্ঠ শিল্পী ড° মৈত্রেয়ী পাটৰ ডাঙৰীয়ানীৰ গীতৰ শৰাইৰে অনুষ্ঠানটিৰ সামৰণি পৰিব।সংবাদ মেলত পূৰ্বোত্তৰ প্ৰদেশীয় মাৰৱাড়ী যুৱ মঞ্চৰ সভাপতি ৰাজ চৌধুৰী, সম্পাদক অজিত কুমাৰ, মুখ্য উপদেষ্টা অবিনাশ আগৰৱালা,
উপদেষ্টা হিম শিখৰ খাণ্ডেলিয়া,
ব্যতিক্ৰম ফাউডেচনৰ সভাপতি হিমাংশু শৰ্মা আদি উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *