• Fri. Jun 13th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

মনীষা শৰ্মাৰ দুখনকৈ গ্ৰন্থ উন্মোচন

ByNaba Barta

Dec 13, 2024
Spread the love

নৱবাৰ্তা গুৱাহাটী:: জনপ্ৰিয় অসমীয়া পডকাষ্ট চেনেল “টক্ আনফিল্টালেটডত “আজি কবি,লেখক তথা বিশিষ্ট ঔপন্যাসিকা মনীষা শৰ্মাৰ দুখনকৈ গ্ৰন্থ ক্ৰমে “বনলতা” প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত “হাতী আৰু ফান্দী” (সামাজিক উপন্যাস) আৰু “ৰেখা” প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত”ভেম” (সামাজিক) আনুষ্ঠানিক ভাৱে উন্মোচন কৰা হয়। গ্ৰন্থ দুখন আনুষ্ঠানিক ভাৱে উন্মোচন‌কৰে বিশিষ্ট লেখিকা, অধিবক্তা মণিদীপা বৰঠাকুৰ শৰ্মাৰ লগতে টক্ আনফিল্টালেটডৰ স্বতাধিকাৰীকৃষ্ণক্ষী শৰ্মাই ।গ্ৰন্থ দুখন উন্মোচন কৰিঅধিবক্তা মণিদীপা বৰঠাকুৰে কয় য, অসমৰ গ্রাম্য পটভূমিৰ আধাৰত ৰচিত মানুহৰ জীৱন ,সময়ৰ ওপৰত নিৰ্ভৰ কৰি ৰচিত মনীষা শৰ্মাৰ গ্ৰন্থই সমাজত সদায় আদৰ পাই আহিছে।”হাতী আৰু ফান্দী” উপন্যাস পঢ়ি সচেতন মহলে নিশ্চয় বুজিব পাৰিব যে,বনৰীয়া হাতীক পহৰা দিব পাৰি কিন্তু এচাম অসাধু যেতিয়া বনৰীয়া হাতীতকৈও বেছি ভয়ানক হয় তেতিয়া কোনোও তাত পহৰা দিয়া মানুহ নাথাকে।বনৰীয়া হাতীয়ে মানুহৰ ঘৰ নষ্ট,খেতি নষ্ট কৰে,কিন্তু এচাম অসাধুয়ে নিজে মানুহ খোৱা হাতীলৈ ৰূপান্তৰিত হয়।ঠিক সেইদৰে “ভেম” উপন্যাস খন পঢ়িও সকলোৱে বুজিব পাৰিব যে, আমাৰ প্ৰতিখন ঘৰত ঘটি থকা ঘটনাৰ আলমত লুকাই থাকে কিছু আনফিল্টালেটডত পডকাষ্টত মনীষা শৰ্মাৰ দুখন উপন্যাস সৰু সৰু অভিমান ,সৰু সৰু ভেমত কেতিয়াবা থান -বান হৈ যায় এখন ঘৰ।নিজৰ মানুহৰ ওচৰত গুৰুত্বহীন হৈ পৰাৰ যি গোপন বেদনা ,তাক আনে হয়তো নেদেখে ,আনক দেখুৱাব নোৱাৰাৰ অন্য এক সহ্যাতিত যন্ত্ৰনাত দগ্ধ হৈ মৃত্যুতকৈও গভীৰ এক দুখে খান্দি উকা কৰে এটা পৰিপাটি জীৱনৰ সকলো শৃংখলা। সেয়ে দুখন গ্ৰন্থ বৰ সুন্দৰ সহজ

Leave a Reply

Your email address will not be published. Required fields are marked *