• Sun. Jun 15th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

ড° হীৰেন্দ্ৰ কুমাৰ গোস্বামীৰ গ্ৰন্থ মোৰ জীৱনৰ আশীটা বসন্ত উন্মোচন

ByNaba Barta

Jun 24, 2024
Spread the love

নৱবার্তা গুৱাহাটী: অসমৰ অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠান সংস্কাৰধ্বনি ফাউণ্ডেচনৰ উদ্যোগত মঙ্গলদৈ মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ ড° হীৰেন্দ্ৰ কুমাৰ গোস্বামীৰ “মোৰ জীৱনৰ আশীটা বসন্ত” শীৰ্ষক গ্ৰন্থখনি বহুজন বিশিষ্ট ব্যক্তিৰ উপস্হিতিত আজি গুৱাহাটী প্ৰেছ ক্লাৱত উন্মোচন কৰা হয় ।

অতি গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানটিত প্ৰসিদ্ধ কাব্যশিল্পী নীলিম কুমাৰ, সাহিত্য একাডেমী বঁটা আৰু বিষ্ণু প্ৰসাদ ৰাভা বঁটা বিজয়ী জয়ন্ত মাধৱ বৰা, মঙ্গল বাতৰি সম্পাদক গৌতমানন্দ গোস্বামী,
কামৰূপ জিলা সাহিত্য সভাৰ সভাপতি
সবিতা দেৱী, আছাম ট্ৰিবুন কাকতৰ কাৰ্যবাহী সম্পাদক প্ৰশান্তজ্যোতি বৰুৱা, গণেশ্বৰ দেৱ শৰ্মা আদি কৰি প্ৰায় ৭০জন গণ্যমান্য ব্যক্তিৰ উপস্হিতিয়ে এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি কৰে ।

এখন গ্ৰন্থ বা এজন লেখকক মহীয়ান কৰাত পঢ়ুৱৈ সকলৰ গুৰুত্বপূৰ্ণ ভূমিকাক সন্মান জনাই সংস্কাৰধ্বনি ফাউণ্ডেচনে অসমৰ সাহিত্য ইতিহাসৰ এক ব্যতিক্ৰমী প্ৰয়াস হিচাপে উক্ত অনুষ্ঠানতেই ৫১জন পঢ়ুৱৈলৈ সংস্কাৰধ্বনি পঢ়ুৱৈ সন্মান প্ৰদান কৰে বুলি স্বেচ্ছাসেৱক ড° হিতেশ গোস্বামীয়ে জানিবলৈ দিয়ে ।

Leave a Reply

Your email address will not be published. Required fields are marked *