• Fri. Jun 13th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

ডাউন টাউন হাস্পতালৰ সপ্তম সংখ্যকৰোগী সুৰক্ষা বিষয়ক কর্মশালা

ByNaba Barta

Dec 3, 2024
Oplus_131072
Spread the love

নৱবার্তা গুৱাহাটী :গুৱাহাটীৰ ডাউন টাউন হাস্পতালৰ উদ্যোগত সপ্তম সংখ্যক
ৰোগী সুৰক্ষা বিষয়ক কর্মশালাৰ আয়োজন কৰা হৈছে। এই কৰ্মশালাখন পানীখাইটি স্থিত অসম ডাউন টাউন বিশ্ববিদ্যালয়ত চলিত ৬ আৰু ৭ ডিচেম্বৰত অনুস্থিত হ’ব। মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত ডাউন টাউন হাস্পতালৰ উদ্যোগত
অনুষ্ঠিত এখন সংবাদ মেলত এইকথা সদৰী কৰে
চিকিৎসা অধীক্ষক ডাঃ উদয়ন বৰুৱাই। তেওঁ লগতে কয়-এই কর্মশালাৰ জৰিয়তে স্বাস্থ্য সেৱাবৃত্তিৰ সৈতে জৰিত প্ৰশাসন, স্বাস্থ্যকর্মী, ছাত্র-ছাত্ৰী সকলোৰে ৰোগীক স্বাস্থ্য সেৱা প্ৰদানত সম্পূর্ণ সুৰক্ষা আৰু উচ্চ মানদণ্ড নির্বাহ কৰাটোৱে স্বাস্থ্য সেৱাদানৰ মূল উদ্দেশ্য আৰু ইয়াৰ পালন অন্তঃ কৰণেৰে কৰাত দৃঢ়তা ৰখাৰ বাবে সুসংস্কৃত কৰা হয়।পূৰ্বৰ দৰে এইবাৰৰ কৰ্মশালা খনতো ভূটান আৰু নেপালৰ পৰা অহা প্ৰতিনিধিয়ে অংশগ্ৰহন কৰিব। ৬ ডিচেম্বৰত অনুষ্ঠিত হ’ব লগীয়া প্রি কনফাৰেন্স কর্মশালাত চেপচিচ্ প্রট’কল, ফার্মাক’ ভিজিলেন্স, ক্রিটিকেল কেয়াৰ ড্রিচ আদিৰ বিষয়ে ব্যৱহাৰিক প্ৰশিক্ষণ সত্ৰ আৰু বিশেষজ্ঞৰ নেতৃত্বত আলোচনা অনুস্থিত কৰা হ’ব। ৭ ডিচেম্বৰ মুখ্য অনুস্থানত উপস্থিত থাকিব লগীয়া মুখ্য বক্তা সকলৰ ভিতৰত ডাঃ আলেকজেণ্ডাৰ থমাচ, ডাঃ ভিন্সি অশোক, ডাঃ ইসা অৰোৰা নাৰংগ, ডাঃ হৰি প্ৰসাদ, প্ৰঃ শংকৰ দাস, শৈলেশ মেহতা, সংঘমিত্রা চক্ৰৱৰ্তী আদি। ৰোগীৰ সেৱা প্ৰদানৰ ক্ষেত্ৰত সকলো দিশত লব লগীয়া সাৱধানতা পূর্বক পদক্ষেপ সমূহৰ বিষয়ে তেওলোকে বিভিন্ন দিশ সামৰি আলোকপাত কৰিব।
এই কর্মশালাত অংশগ্রহন কৰা সকলক প্ৰমাণপত্ৰ আৰু চি এম ই / নার্চিং ক্রেডিট পইন্ট লাভ কৰিব। এইবাৰ
৩৫০ প্ৰতিনিধিয়ে এইবাৰ অংশগ্ৰহণ কৰিছে।
ডাউন টাউন্ বিশ্ববিদ্যালয়ত পুৱা ৮.৩০ বজাত উদ্ধোধনী অনুষ্ঠান কৰা হ’ব।’
সংবাদ মেলত হাস্পতালখনৰ
কাৰ্যকাৰী নির্দেশক ময়ুৰাক্ষী দত্ত, উপ -চিকিৎসা অধীক্ষক ডাঃ শিখাৰাণী চৌধুৰী, ব্যৱসায় বিকাশ প্রৱন্ধক তথা এই অনুস্থানৰ আয়োজন সচিব নিখিলেশ শর্মা উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *