• Fri. Jun 13th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

গুৱাহাটী প্ৰেছ ক্লাবত শিশু আলোচনী ‘মৌ-মেল’ উন্মোচন

ByNaba Barta

Jul 30, 2024
Spread the love

নৱবার্তা গুৱাহাটী:::গুৱাহাটী প্ৰেছ ক্লাবত মঙলবাৰে শিশু আলোচনী ‘মৌ-মেল’ ৰ শুভ উন্মোচন কৰা হয়। আলোচনীখন উন্মোচন কৰি অসম শিশু সাহিত্য ন্যাসৰ সচিব হৃষিকেশ গোস্বামীয়ে। ভাষণত তেওঁ কয়-শিশুৰ বাবে কাম কৰা মানুহৰ অভাৱ। ইয়াত গ্লেমাৰৰ অভাৱ। আব্দুল কালাম,পাপ গাইকা মেদনা, বিষ্ণু শৰ্মাই পঞ্চতন্ত্ৰ ৰচিলে। শিশুৰ মনবোৰ কোমল আৰু নিষ্পাপ সিহঁতক সঠিক ভাঁজ দিয়া দৰকাৰ। কম বয়সত শিশু সকলক গঢ় দিব পাৰিলে উৎকৃষ্ট আৰু সু-সাহিত্যিক দেশ এখন আমি পাম।ইয়াৰ বাবে ঘৰখন, বিদ্যালয় আৰু সমাজখনৰ দায়িত্ব থকা উচিত। শিশুৰ মনোজগতখন আমি বুজা উচিত। লৰা -ছোৱালীক যৌনতা আৰু হিংসাৰ পৰা শিশু সকলক মুক্ত কৰি ৰাখিব লাগে। মানৱ জীৱনত নিয়মানুবৰ্তিতা অতি জৰুৰী। শিশু আলোচনীখনৰ নামটো অৰ্থৱহ হৈছে।
মৌৰ দৰে অমৃত শিশু সকলৰ মাজত লুকাই থাকে। লৰা- ছোৱালীবোৰ আমাৰ ভৱিষ্যতৰ সম্পদ।কেতিয়াও লৰা-ছোৱালীক আনৰ লৰা- ছোৱালীৰ সৈতে তুলনা নকৰিব। লৰা -ছোৱালীবোৰক
তেওঁলোকৰ প্ৰতিভা বিকাশৰ বাবে উৎসাহ দিব লাগে। প্ৰতিগৰাকী শিশুৰ মাজত সম্ভাৱনীয়তা আছে। ‘মৌ মেলে’ এন্টি অস্কিজেনৰ কাম কৰিব। এই আলোচনীখনে লৰা ছোৱালীক অনুপ্ৰেৰণা দিব বুলি আশা কৰিলোঁ।সভাত বিশিষ্ট অতিথি হিচাপে দদৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱৰ প্ৰাপ্ত অধ্যক্ষ, বিশিষ্ট শিক্ষাবিদপৰেশ বৈশ্য, বিশিষ্ট লেখক, অৱসৰপ্ৰাপ্ত প্ৰসাশনিক বিষয়া থানেশ্ব ৰ মালাকাৰ, কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ সভাপতি সবিতা দেৱী,শিশু সাহিত্যিক যুগল লোচন দাস,গুৱাহাটী কলেজৰ সহযোগী অধ্যাপক, বিশিষ্ট শিক্ষাবিদ ড০ দীনেশ কাকতি উপস্থিত থাকি শুভেচ্ছামুলক বক্তব্য আগবঢ়ায়।আলোচনীখন সম্পাদনা কৰা শিক্ষয়িত্ৰী লেখিকা কিৰণ দাসে আলোচনীখনৰ আঁৰৰ কথা কয়। ছাত্র-ছাত্রীৰ মানসিক হেঁচা কমাবলৈ প্ৰয়াস কৰি এই আলোচনীখন প্ৰকাশ কৰা হৈছে। এই শিশু আলোচনীবোৰে শিশুবোৰক বহুদূৰ আগুৱাই লৈ যাব। শিশু সকলক আমি আগবঢ়াই নিবলৈ উৎসাহ উদ্দীপনা দিয়া উচিত। লিখা মেলাৰ কামে আমাক জীৱনত অক্সিজেনৰ দৰে কাম কৰে। ভৱিষ্যত জীৱন যাতে আগুৱাই লৈ যাব পাৰো তাৰবাবে ‘মৌ-মেল’খন প্ৰকাশ কৰি যাম।মন ময়ুৰী শইকীয়াই পৰিবেশন কৰা এটি বিষ্ণুৰভাৰ গীতেৰে সভাৰ শুভাৰম্ভ কৰা হয়। ৰামদিয়া ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে এটি সমবেত সংগীত পৰিবেশন কৰে ।লেখিকা উষামণি শইকীয়াই আঁত ধৰা সভাখনত ‘আমাৰ অসম’কাকতৰ জ্যেষ্ঠ সাংবাদিক মন্টু শইকীয়া, চলচ্চিত্ৰ পৰিচালক লৰ্ড দাসৰ
লগতে বহু সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *