• Sun. Jun 15th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত সজাগতামুলক আলোচনাচক্ৰ

ByNaba Barta

Feb 6, 2025
Spread the love

নৱবার্তা গুৱাহাটী, : গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত বুধবাৰে ‘মেগা ৰিচা ‘শীৰ্ষক এখন আলোচনাচক্ৰ অনুষ্ঠিত হয়। বিনিয়োগকাৰীসকলৰ সজাগতা বৃদ্ধি আৰু বিনিয়োগ সুৰক্ষা নিশ্চিত কৰাৰ লক্ষ্যৰে এন এছ ই আৰু এন এছ ডি এল এ এছ ই বি আই-ৰ তত্ত্বাৱধানত আৰু অন্যান্য বজাৰ গঠনমূলক প্ৰতিষ্ঠান মিল্ ছ ৰ (MIIs)’ৰ সহযোগত গুৱাহাটী মেডিকেল কলেজৰ সভাকক্ষত অসমত বিনিয়োগকাৰীসকলৰ সজাগতা আৰু সুৰক্ষাক দৃঢ়কৰণ কৰাৰ বাবে এই আলোচনাচক্ৰ অনুষ্ঠিত কৰা হয়। ‘বিকশিত ভাৰতৰ বিকশিত নিবেশক” শীৰ্ষক এই আলোনাচক্ৰত শ্বেয়াৰ বজাৰ, বিনিয়োগ ক্ষেত্ৰৰ বিপদসমূহ, বিনিয়োগকাৰীৰ অধিকাৰ আৰু দায়িত্ব, লগতে সঠিক বিনিয়োগ প্ৰক্ৰিয়া সম্পৰ্কে সজাগতা সৃষ্টি কৰা হয়।
অনুষ্ঠানত অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰ (সম্ভাব্য) সন্মনীয় অতিথি হিচাপে উপস্থিত থাকে, আৰু এছ ই বি আই ৰ মহা প্ৰৱন্ধক
আৰাধনা বর্মা মুখ্য অতিথিৰ ৰূপে অনুষ্ঠানতটোত উপস্থিতি থাকে ।অসমৰ বিনিয়োগ ক্ষেত্ৰ যথেষ্ট গতিশীল হৈ উঠিছে, য’ত ২৪.৬ লাখতকৈ অধিক নিবন্ধিত বিনিয়োগকাৰী আছে। অসমত ২৯.৮% মহিলা বিনিয়োগকাৰী, যি দেশৰ ভিতৰত ৫তম স্থান লাভ কৰিছে। ২০১৯ চনত ০.৭% থকাৰে ২০২৪ চনত এই বৃদ্ধিৰ হাৰ ২.৩% লৈ বৃদ্ধি পাইছে। এই ধৰণৰ উন্নতি অব্যাহত ৰাখিবলৈ সুশিক্ষা, বিশ্বাস, স্বচ্ছতা, আৰু সুৰক্ষা নিশ্চিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।মেগা ৰিচা-এ বিনিয়োগকাৰীৰ অধিকাৰ, দায়িত্ব, উদীয়মান বজাৰ প্ৰৱণতা সম্পৰ্কে গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত কৰে। লগতে ডিজিটেল যুগত বিনিয়োগ বিপদ, বিত্তীয় সজাগতা, আৰু সঠিক বিনিয়োগ প্ৰক্ৰিয়া সন্দৰ্ভত সূক্ষ্ম বিষয়সমূহতো আলোকপাত কৰে।অনুষ্ঠানত “শ্বেয়াৰ বজাৰৰ ভৱিষ্যৎ – প্ৰৱণতা, দুৰ্বলতা, আৰু সম্ভাৱনা” আৰু “ডিমেট একাউন্টৰ গভীৰ অধ্যয়ন” শীৰ্ষক পেনেল আলোচনা হয়। SEBI আৰু বিত্তীয় প্ৰতিষ্ঠানৰ বিশেষজ্ঞসকলে বজাৰ উন্নয়নৰ ধাৰা, ডিমেট একাউন্ট সম্পৰ্কীয় সমস্যা, চাইবাৰ বিপদ, আৰু নিয়ন্ত্ৰণবিহীন বিনিয়োগ ৰিস্ক সম্পৰ্কে আলোচনা কৰে। পঞ্জী স্কীম, অনুমোদনবিহীন উপদেষ্টা, ডিজিটেল কেলেংকাৰী পৰিচয়ৰ চিহ্নিতকৰণ, আৰু সুৰক্ষিত বিনিয়োগ পদ্ধতি সম্পৰ্কে বিনিয়োগকাৰীসকলক সজাগ কৰা হয়। লগতে বিত্তীয় কুইজ আৰু পথ নাটিকা (নুক্কাড নাটক)-ৰ যোগেদি বিনিয়োগ শিক্ষাক উৎসাহজনক আৰু সহজলভ্য কৰাৰ চেষ্টা কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *