• Sun. Jun 15th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

কছমেটিক এণ্ড বিউটি সামগ্রী প্রস্তুত কৰি থলুৱা যুৱক -যুৱতীক স্বাৱলম্বীতাৰ পথ দেখুৱাইছে-ছিগনেছাৰ ইনষ্টিটিউটতে

ByNaba Barta

Mar 4, 2024
Spread the love

অসমত প্রায় ৫২৬ বিধ থলুৱা বনৌষধি আছে

নৱবার্তা গুৱাহাটী: আপুনি বাৰু ভাবিব পাৰেনে আমাৰ ঘৰৰ বাৰীৰ চুকে-কোনে পোৱা বন দৰবসমূহৰ পৰাও কছমেটিক এণ্ড বিউটি সামগ্রী প্রস্তুত কৰিব পাৰি বুলি। অসমৰ জনসাধাৰণৰ ছাল আৰু চুলিৰ সমস্যাসমূহৰ প্ৰতি লক্ষ্য ৰাখিয়ে প্রস্তুত কৰি উলিওৱা হৈছে ছিগনেছাৰ হার্বেল প্রডাক্টৰ। ছিগনেছাৰ হার্বেল প্রডাক্টৰ বিষয়ে জনসাধাৰণক অৱগত কৰাৰ উদ্দেশ্যে সোমবাৰে ছিগনেছাৰ ইনষ্টিটিউটত এখন সংবাদমেলৰআয়োজন কৰা হয়।অসমৰ যুৱক-যুৱতীক আর্থিকভাবে স্বাৱলম্বী কৰি তুলিবলৈ আমি সদায় থলুৱা সামগ্ৰীসমূহৰ ব্যৱহাৰৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিব লাগে। থলুৱা সামগ্রী ক্ৰয় কৰি ব্যৱহাৰ কৰিবলৈ শিল্পী, উদ্যোগী, ব্যৱসায়ী তথা জনসাধাৰণক সদায় অনুপ্রাণিত কৰিব লাগে। প্রাচীন কালৰে পৰা অসমৰ থলুৱা বন দৰবসমূহ সৌন্দর্য চর্চাৰ বাবে ব্যৱহাৰ কৰি অহা হৈছে।সংবাদ মেলত এন ই এইচ এইচ ডিচিৰ মহাপ্ৰবন্ধক ব্রিগেদিয়াৰ আৰ কে সিঙে থলুৱা বন দৰবসমূহৰ গুণাগুণ আৰু ইয়াৰ পৰা হ’ব পৰা আর্থিকভাবে স্বৱলম্বিতাৰ বিষয়ে অৱগত কৰে। তেওঁ লগতে জনায় যে ২০২১ চনৰ পৰা আমি এখন থলুৱা বন দৰবৰ উদ্যান খোলাৰ লগতে সংৰক্ষণ আৰু গৱেষণা তথা খেতি কৰাৰ বাবে এটি গ্রীন হাউছো প্রস্তুত কৰিছো। অসমত প্রায় ৫২৬ বিধ থলুৱা বনৌষধি আছে আৰু ইয়াৰে ৫০বিধৰো অধিক আমাৰ হাতত আছে। ইয়াৰ সংখ্যা বৃদ্ধি কৰিবলৈ আমি অহৰহ গৱেষণা চলাই আছো। থলুৱা বনৌষধি তথা গৱেষণাৰ প্রতি আগ্রহী লোকসকলে বাগিচালৈ আহিব পাৰিব আৰু বিশদ তথ্য লাভ কৰিব পৰাকৈ এটা হার্বেবিয়ামো প্রস্তুত কৰি উলিয়াইছো। বনৌষধিৰ খেতি কৰি বনৌষধি গছ বিক্রী কৰাৰ লগতে প্রছেছ কৰা আৰু কম ঠাইতে খেতি কৰিব পৰাকৈ ব্যক্তিগত বনৌষধি বাগিচাও আমি ডিজাইন কবি দিবলৈ আৰম্ভ কৰিছো। এই হার্ব গার্ডেন আৰু গ্রীন হাউছৰ পৰামৰ্শদাতা হ’ল ডাঃ মধুমিতা শইকীয়া।
প্রছেচিং পদ্ধতিৰে বনৌষধিৰ পৰা প্ৰস্তুত কৰা সামগ্ৰীবিধেই হ’ল ছিগনেছাৰ বিউটি আয়ুর্বেদিক প্রডাক্ট। উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকলৰ ছাল আৰু চুলিৰ বাবে এই সামগ্রীসমূহ অতি উপকাৰী। বয়স ৰোধ আৰু চুলিৰ গঠনৰ বাবেও উত্তম। সংবাদ মেলত উপস্থিত থাকি এন ই এইচ এইচ ডি চিৰ (জীৱিকা আৰু উদ্যোগীকৰণ) উপদেষ্টা ডাঃ শ্রীপর্ণা বি বৰুৱাই জনাই যে এই সামগ্ৰীসমূহ প্রস্তুত কৰোতে পৰোক্ষ বা প্রত্যক্ষভাবে ১০০ গৰাকীতকৈও অধিক যুৱক-যুবতী স্বাৱলম্বী হ’বলৈ সক্ষম হৈছে। বনৌষধিৰ প্ৰচাৰ আৰু প্রসাৰে বহু যুৱক-যুৱতীক স্বাৱলম্বী কৰিবলৈ বিভিন্ন ধৰণৰ সুযোগ উপলব্ধ হৈ পৰিছে। ব্যক্তিগত আৰু চৰকাৰী সৌন্দর্য প্রতিষ্ঠানসমূহে প্রশিক্ষণৰ উদ্দেশ্যে এনেধৰণৰ সামগ্ৰীসমূহ ব্যৱহাৰ কৰিব পাৰিব।

সৌন্দর্য শিক্ষক আৰু বনৌষধিৰ পৰামৰ্শদাতা ডাঃ মধুমিতা শইকীয়াই সংবাদমেলখনত উপস্থিত থাকি জনায় যে অসমীয়া লোকসকল যথেষ্ট উদ্যোগী আৰু সদায় নিজৰ উদ্যোগ স্থাপনত বিশেষ আগ্রহী। হার্বেল বিউটি কছমেটিক দিশত সংস্থাপিত হ’ব পৰাকৈ বহু সুযোগ আছে। ছিগনেছাৰৰ দ্বাৰা প্রস্তুত হোৱা কছমেটিক সামগ্ৰীসমূহ অসমৰ জলবায়ুৰ সৈতে মিলি যোৱাকৈ বনোবা হয়। সেয়ে ই সকলো বয়সৰ ব্যক্তিৰ বাবে উপকাৰী।সংবাদ সেলখনত অধক্ষ তথা পি ভি এচ এল এন পৰিচালান মঞ্চালক মূর্তি ও উপস্থিত থাকে ।

Leave a Reply

Your email address will not be published. Required fields are marked *