• Fri. Jul 11th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

আধুনিকতা আৰু পৰম্পৰাৰ দীপ্তিময় সংমিশ্রণেৰে গুৱাহাটীত মুকলি কিছনাৰ বিশেষ গহনা সংগ্ৰহ

ByNaba Barta

Jun 27, 2025
Spread the love

নৱবার্তা গুৱাহাটী: ভাৰতৰ দ্রুত জনপ্ৰিয় হৈ উঠা গহনা ব্রেণ্ড কিছনা ডায়মণ্ড এণ্ড গোল্ড জুৱেলাৰীয়ে গুৱাহাটীৰ জু ৰোডৰ এ আই ডি চিত অৱস্থিত অসমৰ বিশ্বাসযোগ্য গহনাৰ সহযোগী আৰ্চনেহ জুৱেলাৰ্ছত তেওঁলোকৰ উৎকৃষ্ট ডায়মণ্ড গহনাৰ সংগ্ৰহৰ শুভ উদ্বোধন কৰে। এই বিশেষ মুহূৰ্তটোত জনপ্ৰিয় মডেল তথা অভিনেত্ৰী মেঘৰঞ্জনী মেধি আৰু আৰ্চনেহ জুৱেলাৰ্ছৰ স্বত্বাধিকাৰী জয়শ্ৰী তালুকদাৰৰ উপস্থিতিয়ে অনুষ্ঠানটোক অধিক আকৰ্ষণীয় কৰি তোলে।উল্লেখ্য যে, প্ৰভু জগন্নাথ ৰথযাত্ৰাৰ এই শুভ উপলক্ষত কিছনাই হীৰাৰ গহনাৰ নিৰ্মাণ খৰচত ১০০% পৰ্যন্ত ৰেহাইৰ এক আকৰ্ষণীয় অফাৰ ঘোষণা কৰিছে। ইয়াৰ উপৰিও, কিছনাৰ গ্ৰাহক-বান্ধৱ নীতিৰ জৰিয়তে ক্ৰেতাসকলে ৯০% ক্ৰয়-পৰিশোধ আৰু ৯৫% বিনিময় মূল্যৰ সুবিধা পাব, য’ত নিৰ্মাণ খৰচো অন্তৰ্ভুক্ত। এই সুবিধাবোৰে গ্ৰাহকৰ বাবে দীৰ্ঘদিনৰ মূল্য, স্বচ্ছতা আৰু ভৰসাৰ নিশ্চয়তা প্ৰদান কৰে।২৯খন ৰাজ্যত বিস্তৃত ১,৫০০তকৈ অধিক বিশ্বাসযোগ্য গহনাৰ সহযোগী আৰু ৮০ টাতকৈ অধিক নিজস্ব ব্রেণ্ড শ্ব’ৰূমৰ সৈতে কিছনাই দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ নগৰসমূহত নিজৰ উপস্থিতি ধাৰাবাহিকভাৱে শক্তিশালী কৰি আহিছে। হৰি কৃষ্ণ গ্ৰুপৰ সমৰ্থনত খনিৰ পৰা বজাৰলৈকে স্বচ্ছ প্ৰক্ৰিয়াৰ জৰিয়তে কিছনাই গ্ৰাহকৰ বাবে উচ্চমানৰ গহনাৰ নিশ্চয়তা প্ৰদান কৰি আহিছে।হৰি কৃষ্ণ গ্ৰুপৰ প্ৰতিষ্ঠাপক তথা ব্যৱস্থাপনা সঞ্চালক ঘনশ্যাম ধোলকিয়াই কয়, “উত্তৰ-পূৰ্বাঞ্চলত গহনাৰ চাহিদা দিনকদিন বাঢ়ি আহিছে, আৰু গুৱাহাটী এনে এখন বজাৰ য’ত সম্ভাৱনাৰ সীমা নাই। আৰ্চনেহ জুৱেলাৰ্ছৰ সৈতে আমাৰ এই সহযোগিতাই স্থানীয় গ্ৰাহকৰ প্ৰয়োজন পূৰণ কৰাৰ লগতে কিছনাৰ জাতীয় বৃদ্ধিৰ পথত নতুন গতি যোগ কৰিব। আমাৰ সপোন হৈছে ‘ঘৰে ঘৰে কিছনা’, যাৰ জৰিয়তে প্ৰতিগৰাকী মহিলাৰ হীৰাৰ গহনাৰ সপোন সাকাৰ কৰিব পাৰো।”কিছনা ডায়মণ্ড এণ্ড গোল্ড জুৱেলাৰীৰ সঞ্চালক পৰাগ শ্বাহে কয়, “কিছনাত আমি গ্ৰাহকৰ পছন্দ আৰু চাহিদাৰ প্ৰতি সদায় গুৰুত্ব দিওঁ। গুৱাহাটীত এই নতুন যাত্ৰাৰ জৰিয়তে আমি এনে গহনা আগবঢ়াব বিচাৰো যিবোৰ দৈনন্দিন ব্যৱহাৰ, উপহাৰ বা বিশেষ মুহূৰ্তৰ বাবে উপযোগী হ’ব। আমাৰ লক্ষ্য হৈছে প্ৰতিগৰাকী গ্ৰাহকৰ বাবে সুলভ, আকৰ্ষণীয় আৰু অৰ্থপূৰ্ণ গহনা সুনিশ্চিত কৰা।”
আৰ্চনেহ জুৱেলাৰ্ছৰ স্বত্বাধিকাৰী জয়শ্ৰী তালুকদাৰে কয়, “কিছনাৰ দৰে এটা শক্তিশালী ৰাষ্ট্ৰীয় ব্ৰেণ্ডৰ সৈতে এই সহযোগিতাই আমাৰ গ্ৰাহকৰ বাবে এক অনন্য অভিজ্ঞতা আনিছে। তেওঁলোকৰ বৈচিত্ৰ্যময় ডিজাইন আৰু সৰল নীতিসমূহ আমাৰ স্থানীয় বজাৰৰ চাহিদাৰ সৈতে খাপ খাইছে। আমি একেলগে গুৱাহাটীত গহনাৰ খুচৰা ব্যৱসায়ৰ বাবে নতুন মানদণ্ড স্থাপন কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।”

Leave a Reply

Your email address will not be published. Required fields are marked *