• Fri. Jun 13th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

অসমৰ পটভূমিত নিৰ্মিত হিন্দী শিশু চলচ্চিত্ৰ “ইউ আৰ মাইন”ৰ পোষ্টাৰ মুকলি

ByNaba Barta

Jun 7, 2024
Spread the love

মুখ্য চৰিত্ৰত অভিনয় কৰিছে চুপাৰ ডান্সাৰ খ্যাত প্ৰতিভাশালী শিশু শিল্পী, ফ্লৰিনা গগৈযে

নৱবার্তা গুৱাহাটী : ৰেট ৰেচ ফ্ৰেমছৰ সহযোগত সুবীৰ ৰাজীব প্ৰডাকচনে বৃহস্পতিবাৰে গুৱাহাটীত যথেষ্ট উৎসাহ-উদ্দীপনাৰে তেওঁলোকৰ আহিবলগীয়া হিন্দী শিশু চলচ্চিত্ৰ “ইউ আৰ মাইন”ৰ পোষ্টাৰ উন্মোচন কৰে। অসমৰ পটভূমিত নিৰ্মিত চল্চিত্ৰখনৰ মুকলি অনুষ্ঠানটো চলচ্চিত্ৰপ্ৰেমী, সংবাদ মাধ্যমৰ কৰ্মচাৰী আৰু চলচ্চিত্ৰখনৰ সমূহ কলাকুশলী তথা কৰ্মচাৰীয়ে প্ৰশংসাৰে ওপচাই পেলায়।সুমন অধিকাৰীৰ দ্বাৰা পৰিচালিত আৰু সুবীৰ দত্তৰ দ্বাৰা প্ৰযোজিত, “ইউ আৰ মাইন” হৈছে অসমৰ মাজুলীৰ মনোৰম দৃশ্যপটত নিৰ্মিত এক হৃদয়স্পৰ্শী কাহিনী। সমগ্ৰ গাঁওৰ আদৰৰ জী, ১২ বছৰীয়া উৎসাহী ছোৱালী মিছমিৰ চৌপাশে ঘূৰি থকা এটি স্পৰ্শকাতৰ কাহিনীৰ সৈতে সংযোজিত হোৱা আন চৰিত্ৰসমূহে প্ৰতিগৰাকী দৰ্শকক আকৰ্ষিত কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে।কম বয়সতে অনাথ হোৱা মিছমি তাইৰ মৰমীয়াল আইতাকৰ সৈতে বাস কৰে। সময়ৰ লগে লগে মিছমিয়ে ক্ৰমান্বয়ে প্ৰকৃতি আৰু তাইৰ উজ্জ্বল সপোনৰ সৈতে এক গভীৰ সম্পৰ্ক গঢ়ি তোলে। নিষ্কলুষ আৰু কল্পনাৰে ভৰা তাইৰ জীৱনটোৱে বাস্তৱ পৃথিৱীৰ সন্মুখীন হোৱাৰ লগে লগে এক কণ্টকময় পথেৰে আগুৱাবলৈ লয়। পোষ্টাৰ উন্মোচন অনুষ্ঠানত প্ৰদৰ্শিত চলচ্চিত্ৰখনৰ সুন্দৰ শিল্পকৰ্মই উপস্থিত সকলৰ মাজত উৎসাহ আৰু প্ৰত্যাশাৰ সৃষ্টি কৰে। মিছমিৰ মুখ্য চৰিত্ৰত অভিনয় কৰা চুপাৰ ডান্সাৰ খ্যাত প্ৰতিভাশালী শিশু শিল্পী, ফ্লৰিনা গগৈকে ধৰি সুস্মিতা মুখাৰ্জী, অথৰ্ব বিশ্বকৰ্মা, সংকলিতা ৰয়, সিদ্ধাৰ্থ মুখাৰ্জী আৰু পাৰ্থ দত্তৰ সৈতে অন্য কলাকুশলী আৰু কৰ্মচাৰীসকলো অনুষ্ঠানটোত উপস্থিত থাকে।
“ইউ আৰ মাইন”ত মিছমিৰ এজন সুদৰ্শন ৰাজকুমাৰৰ মনোমোহা সপোন, সৰু সৰু কথাবোৰত লুকাই থকা তাইৰ সহজ-সৰল আনন্দ আৰু আইতাকৰ সৈতে থকা এটি গভীৰ বন্ধন প্ৰতিফলিত হৈছে। কিন্তু, তাই বাস্তৱত তাইৰ সপোনৰ ৰাজকুমাৰৰ মুখামুখি হোৱাৰ পাছত তাইৰ সপোনৰ পৃথিৱীখন ভাগি পৰে আৰু জীৱন ছেদেলি-ভেদেলি হৈ যায়।
সুমন অধিকাৰীৰ পৰিচালনা আৰু সংকলিতা ৰয়ৰ চিত্ৰনাট্যৰে পূৰ্ণাঙ্গ ৰূপ লাভ কৰা এই চলচ্চিত্ৰখন দৰ্শকক এক আৱেগিক অথচ চাবলগীয়া সৃষ্টি হিচাপে পৰিগণিত হ’ব বুলি আশা কৰা হৈছে। সুমন অধিকাৰী, ৰাজীৱ ৰয়চৌধুৰী আৰু দুদুল শইকীয়াৰ দ্বাৰা প্ৰস্তুত আৱহ সংগীতে ছবিখনৰ আৱেগিক ভাৱধাৰাক অধিক পৰিস্ফুট কৰি তুলিছে। আনহাতে সুমন আধিকাৰী বিৰচিত গীতবোৰে মিছমিৰ সপোন আৰু আকাংক্ষাক সুন্দৰভাৱে ব্যাখ্যা কৰিছে। প্ৰডাকচন মেনেজাৰ আজিবুল আলীয়ে এই বিশেষ প্ৰকল্পটোৰ সুন্দৰ পৰিচালনা কৰিছে।
এক বৃহৎ সফলতাৰে সমাপ্ত হোৱা এই পোষ্টাৰ উন্মোচন অনুষ্ঠানটোৱে দৰ্শকসকলক এক মনোমোহা চলচ্চিত্ৰ অভিজ্ঞতা প্ৰদান কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে। উপস্থিত লোকসকলে ছবিখনৰ মুক্তিৰ বাবে তেওঁলোকৰ উৎসাহ আৰু প্ৰত্যাশা ব্যক্ত কৰি ডাঙৰ পৰ্দাত মিছমিৰ যাত্ৰা চাবলৈ আগ্ৰহেৰে অপেক্ষা কৰি থকা উল্লেখ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *