• Sun. Jun 15th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

অনিতা গগৈৰ কাব্যগ্ৰন্থ প্ৰাক বৈদিক শামুকবোৰ উন্মোচন

ByNaba Barta

Jan 20, 2025
Spread the love

কবিতাৰে আৰম্ভ হৈছিল ভাৰতৰ সাহিত্য- সংস্কৃতিৰ যাত্ৰাঃ ড° সূৰ্য্যকান্ত হাজৰিকা

নৱবার্তা গুৱাহাটী : “ভাৰতৰ সাহিত্য -সংস্কৃতিৰ যাত্ৰা কবিতাৰে আৰম্ভ হৈছিল৷ গতিকে কবিতাৰ এক সুদূৰ প্ৰসাৰী ইতিহাস আছে৷ অসমীয়া কবিতাৰো এক বিশেষ ঐতিহ্য আছে৷ অসমৰ প্ৰথিতযশা কবি নীলমণি ফুকনে জ্ঞানপীঠৰ দৰে সন্মানীয় বঁটা লাভ কৰাটো আমাৰ বাবে অতিশয় গৌৰৱৰ বিষয়৷ এই মন্তব্য বিশিষ্ট সাহিত্যিক তথা অসম সাহিত্য সভাৰ সভাপতি ড° সূৰ্য্যকান্ত হাজৰিকাৰ৷ অসম সাহিত্য সভাৰ সিংহ পুৰুষ ৰাধা গোবিন্দ বৰুৱা প্ৰেক্ষাগৃহত আগশাৰীৰ কবি অনিতা গগৈৰ “ প্ৰাক বৈদিক শামুকবোৰ ” শীৰ্ষক কাব্যগ্ৰন্থ উন্মোচন কৰি সভাপতি ড° হাজৰিকাই কয় যে লেখিকাগৰাকীক পূৰ্বৰ কাব্য সংকলনসমূহৰ দৰে এইখন কবিতা পুথিৰ কবিতাবোৰো উচ্চমানৰ হৈছে আৰু পাঠকে আদৰি ল’ব বুলি আশা কৰা হৈছে৷ অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকি বিশিষ্ট শিক্ষাবিদ, লেখক ড° দয়ানন্দ পাঠকে কয় যে, কবিতাৰ সৰ্বসন্মত সংজ্ঞা আজিলৈকে কোনেও দিব পৰা নাই৷ যুগে যুগে মানুহৰ কবিতাৰ প্ৰতি দৃষ্টিভংগী সলনি হৈ আহিছে৷ এই দৃষ্টিভংগীক কবিয়ে সাকাৰ ৰূপত পঢ়ুৱৈৰ আগত দাঙি ধৰিব লাগে৷তেওঁ আধুনিক কবিতাত আবেগতকৈ দক্ষতাৰ অধিক প্ৰয়োজন বুলি উল্লেখ কৰি অনিতা গগৈৰ কবিতাৰ উচ্চ প্ৰশংসা কৰে৷ বিশিষ্ট কবি আনিছ উজ জামানে ভাষণ প্ৰসংগত কয় যে অনিতা গগৈয়ে তেওঁৰ কবিতা পুথিখনৰ নামটোত থকা শামুক শব্দটোৱে বুজাই দিছে যে শামুকৰ পেটত মুকুতা থকাৰ দৰে তেওঁৰ কবিতাৰ মাজতো নিশ্চয় মুকুতা বিচিৰি পোৱা যাব৷ বিশিষ্ট কবিগৰাকীয়ে কয় যে কবি অনিতা গগৈৰ কবিতাৰ নামবোৰে প্ৰমাণিত কৰিছে যে তেওঁৰ মাজত কাব্যিক চেতনা নিহিত হৈ আছে৷ জ্যেষ্ঠ সাংবাদিক কৌশিক দাসে আঁত ধৰা অনুষ্ঠানটোৰ আৰম্ভণিতে লেখিকাগৰাকীয়ে আদৰণি ভাষণেৰে উপস্থিত সকলোকে অভিনন্দন জনায়৷ অনুষ্ঠানত সুলেখিকা,কবি, “অসম লেখিকা সমাজ”ৰ প্ৰতিষ্ঠাপক সভাপতি পদুমী গগৈ, ড° নমিতা ডেকা, বিশিষ্ট লেখক,সাহিত্যিক গোপাল জালান, “অসম সাহিত্য সভা সংবাদ কাকত”ৰ মুখ্য সম্পাদক সদানন্দ গগৈ, অসম সাহিত্য সভাৰ আইন উপদেষ্টা, অধিবক্তা অনন্ত ৰাম মেধি, প্ৰফুল্ল বৰ্মন, লগতে কেইবাজনো বিশিষ্ট ব্যক্তিয়ে সাৰগৰ্ভ ভাষণ দিয়ে৷ অনুষ্ঠানত উপস্থিত থাকে “অসম সাহিত্য সভা” কোষাধ্যক্ষ মিহিৰ বৰুৱা, নিয়মীয়া বাৰ্তাৰ সহ-সম্পাদক জ্যেষ্ঠ সাংবাদিক কুমুদ তালুকদাৰ, আৰ্হি প্ৰকাশনৰ
স্বতাধিকাৰ , জ্যেষ্ঠ সাংবাদিক গৌতম গগৈ , গুৱাহাটী মহানগৰ সাহিত্য সভাৰ সভাপতি প্ৰফুল্ল বৰ্মনকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি৷

Leave a Reply

Your email address will not be published. Required fields are marked *