• Sun. Jun 15th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

২০ ছেপ্টেম্বৰত চলচ্চিত্ৰগৃহলৈ জুবিন গাৰ্গৰ ‘চিকাৰ’

ByNaba Barta

Sep 18, 2024
Spread the love

নৱবার্তা গুৱাহাটী:বহুপ্ৰতীক্ষিত, বৰ্তমান সময়ৰ সৰ্বাধিক চৰ্চিত চলচ্চিত্ৰখন উপভোগ কৰিবলৈ সাজু হওক। জুবিন গাৰ্গ অভিনীত ‘চিকাৰ’ চলচ্চিত্ৰখনৰ সংগীত পৰিচালনা কৰিছে জুবিন গাৰ্গেই। বিগ বাজেটৰ কথাছবিখনৰ প্ৰযোজনা কৰিছে লণ্ডনস্থিত প্ৰযোজক ছেম ভট্টাচাৰ্য আৰু মিত্ৰা ভট্টাচাৰ্যই। চিনেমাখনৰ কাহিনী আৰু পৰিচালনা দেবাংকৰ বৰগোহাঁইৰ। চলচ্চিত্ৰখনৰ সংলাপ লিখিছে বিষ্ণুজ্যোতি সন্দিকৈয়ে। অহা ২০ ছেপ্টেম্বৰ শুকুৰবাৰে চলচ্চিত্ৰগৃহত শুভমুক্তি লাভ কৰিব।

চাহ বাগিচাৰ শ্ৰমিকসকলৰ জীৱনক লৈয়ে সমগ্ৰ চলচ্চিত্ৰখন নিৰ্মাণ কৰা হৈছে, কিদৰে বাগিচাৰ মহিলাসকলে অকল্পনীয় কষ্ট আৰু নিৰ্যাতন বা সংগ্ৰামৰ সন্মুখীন হয় আৰু কিদৰে শ্ৰমিকসকলে এই পৰিস্থিতি অতিক্ৰম কৰে সেই বিষয়ে আকৰ্ষণীয় ৰূপত চিত্ৰায়ন কৰা হৈছে। ‘চিকাৰ’ত কেতিয়াও নেদেখা অৱতাৰত হাৰ্টথ্ৰৱ জুবিন গাৰ্গক চাবলৈ সাজু হওক, চলচ্চিত্ৰখনত এগৰাকী সাধাৰণ চাহ শ্ৰমিকৰ চৰিত্ৰত অভিনয় কৰিছে জুবিন গাৰ্গে। আনহাতে, মোহময়ী অভিনেত্ৰী উৰ্মিলা মহন্তই মুখ্য নাৰী চৰিত্ৰত অভিনয় কৰিছে।

আনহাতে, চলচ্চিত্ৰখনত জনপ্ৰিয় অভিনেতা আদিল হুছেইন, সিদ্ধাৰ্থ শৰ্মা, অন্তৰীক্ষ চহৰীয়া, ধ্যানী মোহন, যতীন খনিকৰ আৰু সঞ্জীৱ বুঢ়াগোহাঁইকে ধৰি কেইবাগৰাকী বলিষ্ঠ শিল্পীয়ে অভিনয় কৰিছে। ছবিখনৰ দৃশ্যগ্ৰহণ অসমৰ বিভিন্ন মনোৰম লোকেশ্বনৰ লগতে লণ্ডনতো কৰা হৈছে , ‘চিকাৰে’ অভিনৱ আৰু সাংস্কৃতিক পৰিৱেশৰ এক অনন্য সংমিশ্ৰণৰ সোৱাদ দিব। চলচ্চিত্ৰখনে সকলো ধৰণৰ দৰ্শকক মোহিত কৰি অসমীয়া চলচ্চিত্ৰ জগতলৈ এক নতুন ধাৰা বোৱাই আনিব বুলি আশাবাদী চলচ্চিত্ৰখনৰ কলা-কুশলীসকল।

Leave a Reply

Your email address will not be published. Required fields are marked *