• Sun. Jun 15th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

সদৌ অসম কৈৱৰ্ত্ত যুৱ-ছাত্ৰ সন্মিলনৰ ত্রয়োদশ বার্ষিক প্রতিষ্ঠা দিৱস

ByNaba Barta

Nov 28, 2023
Spread the love

নৱবার্তা গুৱাহাটী, গুৱাহাটীৰ উজানবজাৰস্থিত বিষ্ণু নিৰ্মলা ভৱনত সোমবাৰে দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় সদৌ অসম কৈৱৰ্ত্ত যুৱ-ছাত্ৰ সন্মিলনৰ ত্রয়োদশ বার্ষিক প্রতিষ্ঠা দিৱস আৰু বাৰ্ষিক অধিৱেশন।সদৌ অসম কৈৱৰ্ত্ত যুৱ-ছাত্ৰ সন্মিলনৰ সভাপতি জয়ন্ত দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাত অসমৰ বিশিষ্ট ব্যক্তি তথা কৈৱৰ্ত জনগোষ্ঠীৰ ১৫ জন সমাজকর্মীক সম্বৰ্ধনা জনোৱা হয়। সন্মিলনৰ সাধাৰণ সম্পাদক গৌৰী শংকৰ দাসে আঁত ধৰা এই অধিবেশনত ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা কৈৱৰ্ত যুব ছাত্ৰ সংগঠনৰ প্ৰায় দুই শতাধিক কৰ্মকৰ্তা উপস্থিত থাকে।কৈৱৰ্ত্ত জনগোষ্ঠীৰ বিভিন্ন সমস্যা আৰু সমাধানৰ ওপৰত গুৰুত্ব দিবলৈ চৰকাৰলৈ আহ্বান জনায় সংগঠনটোৰ সভাপতি জয়ন্ত দাসে। তদুপৰি এই অধিবেশনত কৈৱৰ্ত জনগোষ্ঠীক লোক সভা নিৰ্বাচনৰ পুর্বে স্বায়ত্ব শাসন প্ৰদান কৰা,উন্নয়ন পৰিষদ গঠন কৰি দিয়া, অসমৰ প্ৰতিজন জিলাত ড০ ভূপেন হাজৰিকাৰ নামত ভূমি প্ৰদান কৰি পুঁজি দিয়া, কৈৱৰ্ত জনগোষ্ঠীৰ ছাত্র-ছাত্ৰীৰ বাবে এ পি এছ চি, ইউ পি এছ চিত অৱতীৰ্ণ হ’ব পৰাকৈ বিনামূলীয়া পাঠদানৰ ব্যৱস্থা কৰা আদি প্ৰস্তাৱ গ্ৰহণ কৰা হয়। এই অনুষ্ঠানত অনুচিত জাতি সংগ্রামী যুৱপৰিষদ,অসমৰ সভাপতি সঞ্জীৱ দাস,অসম অনুসূচিত জাতি যুৱ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক নিত্যানন্দ দাস, সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক দেৱ কুমাৰ দাস,ডাঃ অম্লান দাস, প্ৰসন্ন দাস,বলেন্দ্ৰ দাস, পবিত্র হাজৰিকা,ঘনকান্ত দাস, সুতৰাম দাস, জয়ন্ত দাস, পল্লৱী দাস, সূৰ্যকান্ত দাস, মাধৱ দাস, মৃদুপৱন দাস, চন্দ্ৰ দাস,অচুৎ দাস আদিক সম্বৰ্ধনা জনোৱা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *