• Fri. Jun 13th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

বিশ্ব হৃদ দিৱসঃ মহানগৰীত “দ্য হাৰ্ট, সহৃদয় গোষ্ঠী”ৰ সজাগতা সমদল

ByNaba Barta

Sep 29, 2024
Spread the love

বিশ্বত বছৰি ২০.০৫ মিলিয়ন লোকৰ মৃত্যু হয় হৃদৰোগত

ধপাত-সুৰাৰ অবাধ প্ৰচলন-আসক্তিয়ে ক্ষতি সাধন কৰিছে মানুহৰ হৃদযন্ত্ৰৰঃ ডাঃ চন্দন মোদক

নৱবার্তা গুৱাহাটী :সমগ্ৰ পৃথিৱীজুৰি আজি উদ্‌যাপিত হৈছে “বিশ্ব হৃদ দিৱস” ৷ ইয়াৰে সংগতি ৰাখি ৰাজ্যখনৰ আগশাৰীৰ স্বেচ্ছাসেৱী সংস্থা “দ্য হাৰ্ট, সহৃদয় গোষ্ঠী” আৰু দিছপুৰ হাস্পতালৰ উদ্যোগত গুৱাহাটী মহানগৰীত এটি স্বাস্থ্য সজাগতা শোভাযাত্ৰা উলিয়ায় ৷ পুৱা ৫ঃ৩০ বজাত দিছপুৰ হাস্পতালৰ পৰা আৰম্ভ কৰা এই কাৰ্যসূচীত সহযোগ কৰে “কাৰ্ডিঅ’লজীকেল ছ’চাইটি অৱ ইণ্ডিয়া”ৰ এন ই চেপ্টাৰ আৰু কাৰ্ডিঅ’লজীকেল ছ’চাইটি অৱ আছাম”-এ ৷ দুই শতাধিক লোকে অংশগ্ৰহণ কৰা সমদলটিৰ ফ্লেগ অফ কৰে বিশিষ্ট ফেশ্বন ডিজাইনিং শিল্পী গৰিমা শইকীয়া গাৰ্গে ৷ ইয়াত অংশগ্ৰহণ কৰি “দ্য হাৰ্ট, সহৃদয় গোষ্ঠী”ৰ সভাপতি তথা বিশিষ্ট হৃদৰোগ বিশেষজ্ঞ ডাঃ চন্দন মোদকে কয় যে বিশ্বত বছৰি ২০.০৫ মিলিয়ন লোকৰ মৃত্যু হয় হৃদৰোগত ৷ ইয়াৰ ভিতৰত ৮০% ই প্ৰতিৰোধ কৰিব পাৰি যদিও সজাগতাৰ অভাৱত অতি কৰুণভাৱে অকাল মৃত্যুৰ কৱলত পৰে সেইসকল লোক ৷ সেয়ে এইবেলি বিশ্ব হৃদ দিৱসৰ আহ্বান হৈছে “use heart for action”, অৰ্থাৎ হৃদযন্ত্ৰৰ বিষয়ে সকলোৱে বুজিব লাগে আৰু ইয়াক সুস্থ শৰীৰৰ বাবে কাৰ্যক্ষম কৰিব লাগে ৷ ইয়াৰ প্ৰতি লক্ষ্য ৰাখি মানুহৰ মাজত পূৰ্ণ সজাগতা সৃষ্টিৰ বাবে কৰ্মসূচী প্ৰস্তুত কৰিছে “দ্য হাৰ্ট”-এ ৷ তেওঁ লগতে কয় যে বৰ্তমানৰ বিভিন্ন চাপযুক্ত জীৱনশৈলী, ধপাত-সুৰা সেৱনৰ লগতে অন্যান্য ক্ষতিকাৰক মাদক দ্ৰব্যৰ অবাধ প্ৰচলন আৰু ইয়াৰ প্ৰতি মানুহৰ আসক্তি , উচ্চৰক্তচাপ, মধুমেহ ৰোগ, প্ৰয়োজনীয় শাৰীৰিক শ্ৰম-ব্যায়ামৰ ক্ষেত্ৰত অৱহেলা, মেদবহুলতা আৰু প্ৰকৃতিৰ সন্তুলনহীনতা আদি সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষ তথা অসমতো দিনে দিনে বৃদ্ধি পাই অহা হৃদৰোগৰ অন্যতম কাৰণ হিচাপে বিবেচিত হৈছে ৷ বৰ্তমান সময়ত সৰু-ডাঙৰ সকলোৰে সীমাহীন মোবাইল আসক্তি মানসিক ৰোগৰ এক শীৰ্ষ কাৰণ বুলি চিহ্নিত হৈছে ৷ ইয়াৰ ফলত হৃদযন্ত্ৰৰো ক্ষতি সাধন হ’ব পাৰে ৷ গতিকে এই দিশবোৰৰ ক্ষেত্ৰত ব্যক্তি আৰু সামাজিক পৰ্যায়ত যথোচিত সচেতনতা গঢ়ি তোলাটো অতীৱ প্ৰয়োজনীয় বুলি কয় ডাঃ মোদকে৷ সমান্তৰালভাৱে বিজ্ঞান মনস্কতা গঢ়ি তুলিবলৈও আহ্বান জনায় তেওঁ ৷ উল্লেখ্য যে দিছপুৰ হাস্পতালৰ পৰা সচিবালয়ৰ সন্মুখেৰে চুপাৰ মাৰ্কেট হৈ আজিৰ সজাগতা সমদলটি হাতীগাঁৱৰ নামঘৰ পথৰ সমীপত থকা “দ্য হাৰ্ট”ৰ শাখা কাৰ্যালয়ত সমৱেত হয় ৷ এই কাৰ্যসূচী সাফল্যমণ্ডিত কৰাত ইতিবাচক সঁহাৰি জনোৱা স্বাস্থ্য সচেতন ৰাইজ আৰু সংবাদ মাধ্যমক ধন্যবাদ জ্ঞাপন কৰিছে “দ্য হাৰ্ট, সহৃদয় গোষ্ঠী”-এ ৷

Leave a Reply

Your email address will not be published. Required fields are marked *