• Fri. Jun 13th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

গুৱাহাটী প্ৰেছ ক্লাবতকালচক্ৰ পূৰ্ণাংগ পঞ্জিকা উন্মোচন

ByNaba Barta

Jan 21, 2025
Spread the love

নৱবার্তা গুৱাহাটী: ২০২৬ ৰ এপ্ৰিলৰ আগত নিৰ্বাচন অনুষ্ঠিত হ’ল বিজেপি দলে শুফল লাভ কৰিব । ৰাজ্যত ২০২৬ ৰ এপ্ৰিলৰ আগত যিকোনো পৰ্যায়ৰ নিৰ্বাচত বিজেপি দলে শুফল লাভ কৰিব বুলি ভৱিষ্যতবাণী কৰিছে কালচক্ৰ পঞ্জিকাই । মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত
অসম চৰকাৰৰ ৰাজজ্যোতিষী পুলিন চন্দ্ৰ দেৱ শৰ্মাৰ গণনাকৃত কালচক্ৰ পূৰ্ণাংগ পঞ্জিকা উন্মোচন কৰি পুলিন চন্দ্ৰ দেৱ শৰ্মাই কয় , “
বৰ্তমান বৰ্ষত অসমৰ কাৰক ৰাশি আৰু অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ জন্মৰাশি কাৰক কৰ্কট হোৱা বাবে উদ্যোম , একাগ্ৰতাৰে অসমৰ সমস্যা সমূহ সমাধানৰ পথ সুগম কৰিব। সহকৰ্মী , বন্ধু বা নলেগলে লগা ব্যক্তিয়ে তেওঁক বিপথে পৰিচালিত কৰিব পাৰে। ২০২৬ ৰ এপ্ৰিলৰ আগত যি কোনো নিৰ্বাচন হ’লে ১০০ শতাংশ বিজেপি দলে সুফল লাভ কৰিব । কিন্তু এপ্ৰিল পাৰ হলে চিন্তাৰ বিষয় হ’ব। বহু ক্ষেত্ৰত অৱনমিত হ’ব। আনহাতে কংগ্ৰেছ দলৰ বিশেষ বেয়া নহ’ব । কংগ্ৰেছৰ দলৰ সভাপতি ভূপেন বৰাৰ ধনুৰাশী হোৱাৰ বাবে সমিচীন নহ’ব বুলি মন্তব্য কৰে। আনহাতে শক্তিৰ বাবে সাম্প্ৰদায়িক সংঘৰ্ষ হোৱাৰ সম্ভাৱনা আছে।
ভাৰতবৰ্ষৰ ভাগ্য চক্ৰ সন্দৰ্ভত তেওঁ কয় ,ভাৰতৰ মকৰ ৰাশি হোৱাত বৰ্হিৰাষ্ট্ৰৰ ভিতৰত যশস্বী কৃত্তিশালী পৰাক্ৰমী আৰু প্রগতিশালী দেশৰূপে পৰিগনিত হব। মকৰৰাশিৰ ধনস্থানত শনি (স্বগৃহী) হৈ অৱস্থান কৰাত ভাৰতৰ বহু বন্ধু ৰাষ্ট্ৰই ভাৰতৰ লগত বন্ধুত্ব ও ব্যবসায় কৰিবলৈ আগ্রহী হব। বন্ধুস্থানৰ অধিপতি মঙ্গল নীচ্চস্থ হৈ সপ্তমস্হানত অৱস্থান কৰাত সামৰিক বাহিনীৰ উন্নতি। বৃষ্টি জনিত পানীৰ সৃষ্টি হোৱাত অঞ্চলসমূহ জলমগ্ন হৈ খাৰিফ শস্যাদি বিনষ্ট হোৱাৰ লগতে ধন-জনৰো ক্ষতিসাধনৰ যোগ দেখা যায় যদিও শস্য বিনষ্টকাৰী কীট-পতঙ্গৰ উপদ্ৰপৰ পৰা কৃষি অঞ্চল সমূহ সুৰক্ষিত হোৱাৰ লগতে খাদ্য শস্যৰ অনাটন লাঘৱ হ’ব। দেশত অশুভ শক্তিশালী সংগঠন সমূহে গা কৰি উঠাৰ সুযোগ পাব। দেশত নানা উদ্যোগ ব্যৱসায় বাণিজ্য গঢ়ি উঠিব। ৰাজনৈতিক দিশত অমূল পৰিবৰ্তন আহিব। ভাতৃস্থানত ৰাহু শুক্র বুধৰ উপস্থিতিয়ে উগ্রবাদী সংগঠন সমূহে দেশৰ ক্ষতি কৰাৰ সম্ভাৱনা দেখা যায় বা সীমা বিবাদ, মৌলবাদী সংগঠন সমূহৰ পৰা কূট-কৌশল আদিয়ে দেশ খন অশান্তি বা অস্থিৰ কৰিব। দেশত কুটাঘাটমূলক কার্য্য, সাম্প্রদায়িক সংঘর্ষ, মৰণাস্ত্ৰৰ প্ৰচলন আদি কৰি আভ্যন্তৰিণ দিশত অস্থিৰতা বৃদ্ধিৰ কাৰক হৈছে। গণ বিস্ফোৰণ, চৰকাৰৰ বিৰুদ্ধে গোপন ষড়যন্ত্র, অপৰাধ প্ৰৱণতা, চোৰাং কাৰবাৰ, আৰু হত্যাকাৰীৰ অশুভ প্রভাৱ বৃদ্ধি আদি বহুবোৰ দেশত অস্থিৰতাৰ আশঙ্কা হোৱাৰ যোগ। বছৰৰ আৰম্ভণিৰ পৰাই পশ্চিমৰ দেশবোৰত হত্যা, ধৰ্ম্মঘট, বিক্ষোভ, চুৰি-ডকাইতি, গুপ্তঘাটীৰ ৰাজত্ব, অপহৰণকাৰীৰ ৰাজত্ব বৃদ্ধিৰ লগতে ৰাজনৈতিক অস্থিৰতা বৃদ্ধিৰ যোগ। চতুৰ্থত ৰবিয়ে শিক্ষা, কাৰিকৰী শিক্ষা, গীত-মাত, ক্রীয়া আদিত আন্তঃৰাষ্ট্ৰ পাৰ্যায়ত কাৰিকৰী শিক্ষা মহাকাশ গবেষনা, ৰাষ্টা ঘাট নিৰ্ম্মাণ আদিত সফলতা দেখুৱাব পাৰিব। বৃহস্পতিৰ প্ৰভাৱত ভাৰতীয় ছাত্র-ছাত্রীয়ে আহুকালত ভূগিব পাৰে। শুক্র ৰাহুৰ প্ৰভাৱত যেনে অপৰাধ, অপহৰণ শিশু কর্মী বোৱাৰী হত্যা যৌতুক দাবী আদি বৃদ্ধি পাব। বিদেশত শিক্ষা লাভকৰা বিদ্যার্থীৰ সকলৰ শিক্ষা লাভত কিছু বাধাৰ সন্মুখীন হব পাৰে। সাহিত্য, সংস্কৃতি, ক্রীড়া সংস্কৃতিৰ আদিৰ ক্ষেত্ৰত শুক্র বুধ ৰাহু যুক্ত হোৱাত অতি অশুভ ফল প্রাপ্তিৰ সম্ভাৱনা দেখা যায়। দেশত অত্যাচাৰ বৃদ্ধি, অপৰাধ, ধৰ্ষন-বলৎকাৰ আদি, গুপ্ত হত্যা, শত্রু বৃদ্ধিৰ লগতে চুবুৰীয়া ৰাষ্ট্ৰ সমূহৰ পৰা অশান্তি সৃষ্টি হব। উত্তৰ পূবাঞ্চলত হত্যা, লুণ্ঠন চুৰী ডকাইতি, কূটাঘাট মূলক কাৰ্য্য, সন্ত্রাবাদী, গুপ্তঘাটী, অপহৰণ, অগ্নিদাহ, বিস্ফোৰণ আদি বৃদ্ধি পাব। বৃহস্পতিৰ প্রভাৱত ভাৰতবৰ্ষ ই পৃথিৱীৰ বিভিন্ন ৰাষ্ট্ৰৰ লগতসু সম্পৰ্ক স্থাপন কৰিবলৈ সক্ষম হব।’

Leave a Reply

Your email address will not be published. Required fields are marked *