নৱবার্ত গুৱাহাটী: ভাৰতৰ অন্যতম বৃহৎ টেলিকম আন্তঃগাঁথনি প্ৰতিষ্ঠান ইণ্ডাছ টাৱাৰ্ছে ইয়াৰ ফ্লেগশ্বিপ চি এছ আৰ পদক্ষেপ ‘প্ৰগতি’ৰ অধীনত আজি মেঘালয়ৰ ৰি-ভয় জিলাৰ ১১খন বিদ্যালয়ত অনাময় আন্তঃগাঁথনি শক্তিশালী কৰি ছোৱালীৰ ৱাশ্বৰূম সুবিধা মুকলি কৰে ।
নেহৰু মেম’ৰিয়েল এইচ এছ স্কুলত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত উমছনিং চি এণ্ড আৰ ডি ব্লকৰ বি ডি অ’ আৰু ৰি-ভয়ৰ সহকাৰী আয়ুক্ত এন্ড্ৰিউ এল মাইৰথঙে অংশগ্ৰহণ কৰে । ইয়াৰ উপৰিও এই অনুষ্ঠানটো সুবিধাসমূহ উন্নীত কৰা অতিৰিক্ত ছখন বিদ্যালয়ত লাইভ-কাষ্ট কৰা হয় ।
উদ্বোধনী অনুষ্ঠানত ভাষণ দি মাইৰথঙে কয়, “বিদ্যালয়সমূহত উপযুক্ত অনাময় ব্যৱস্থা প্ৰদান কৰাটো ছাত্ৰ-ছাত্ৰী, বিশেষকৈ কণমানি ছোৱালীসকলে যাতে শিক্ষাৰ বাবে এক সুৰক্ষিত আৰু আৰামদায়ক পৰিৱেশ লাভ কৰে সেই দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ । এনে পদক্ষেপসমূহে আমাৰ শিক্ষা ব্যৱস্থাৰ মৌলিক আন্তঃগাঁথনি শক্তিশালী কৰে আৰু ছাত্ৰ-ছাত্ৰীৰ সৰ্বাংগীন কল্যাণত সহায় কৰে । অঞ্চলটোৰ বিদ্যালয়সমূহৰ প্ৰতি সমৰ্থন আগবঢ়োৱাত ইণ্ডাছ টাৱাৰ আৰু ইয়াৰ অংশীদাৰসকলৰ দ্বাৰা আগবঢ়োৱা অৱদানৰ আমি শলাগ লৈছো ।”
এই পদক্ষেপৰ তাৎপৰ্য্যৰ ওপৰত আলোকপাত কৰি নেছা, ইণ্ডাছ টাৱাৰ্ছ লিমিটেডৰ মাণ্ডলিক চি ই অ’ ৰাজেন্দৰ গুৰুঙে কয়, “ইণ্ডাছ টাৱাৰ্ছত আমি বিশ্বাস কৰোঁ যে কণমানি ছোৱালীৰ মৰ্যাদা, স্বাস্থ্য, আৰু আত্মবিশ্বাসৰ বাবে সুৰক্ষিত আৰু পৰিষ্কাৰ অনাময় ব্যৱস্থাৰ সুবিধা লাভ কৰাটো অতি গুৰুত্বপূৰ্ণ । আমাৰ ফ্লেগশ্বিপ চি এছ আৰ পদক্ষেপ প্ৰগতিৰ জৰিয়তে আমি বিদ্যালয়ৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ লগতে ছোৱালীৰ শিক্ষা আৰু সুস্থতাত প্ৰভাৱ পেলাব পৰা জটিল ব্যৱধানসমূহ দূৰ কৰাত গুৰুত্ব আৰোপ কৰিছো । এই পদক্ষেপে সহায়ক শিক্ষণ পৰিৱেশ সৃষ্টি আৰু অভাৱগ্ৰস্ত অঞ্চলসমূহত অৰ্থপূৰ্ণ পৰিৱৰ্তন আনিবলৈ সম্প্ৰদায়ৰ অংশীদাৰসকলৰ সৈতে কাম কৰাৰ আমাৰ অবিৰত প্ৰচেষ্টাক প্ৰতিফলিত কৰে ।”
এই প্ৰকল্পটো NEAID (নৰ্থইষ্ট চেণ্টাৰ ফৰ ইকুইটি একচন অন ইন্টিগ্ৰেটেড ডেভেলপমেণ্ট)-এ ৰূপায়ণ কৰিছে, যিয়ে স্থানীয় বিদ্যালয় আৰু সম্প্ৰদায়ৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি উন্নত অনাময় ব্যৱস্থাৰ বিকাশত সহায় কৰি আহিছে । ইণ্ডাছ টাৱাৰে সমগ্ৰ ভাৰততে অনাময় ব্যৱস্থাৰ সুবিধা সম্প্ৰসাৰণৰ বাবে সম্প্ৰদায়ৰ অংশীদাৰৰ সৈতে কাম কৰি আহিছে ।
মেঘালয়ৰ চৰকাৰী বিদ্যালয়সমূহত ছোৱালীৰ বাবে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ আন্তঃগাঁথনি উন্নত কৰিছে ইণ্ডাছ টাৱাৰ্ছে
