• Mon. Sep 22nd, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

২১ নৱেম্বৰত মুক্তি লাভ কৰিব “ককাদেউতা নাতি আৰু হাতী ২”

ByNaba Barta

Sep 5, 2025
Spread the love

নৱবাৰ্তা গুৱাহাটী:
‘ককাদেউতা নাতি আৰু হাতী’ পুনৰ এবাৰ ৰূপালী পৰ্দাত দৰ্শকে উপভোগ কৰিব পাৰিব দৰ্শকে।২১ নৱেম্বৰত ছবিগৃহত মুক্তিলাভ কৰিব “ককাদেউতা নাতি আৰু হাতী ২”।সময়ে গৰকা এটি কাহিনীয়ে লাভ কৰিব এক নতুন গতি, এক নতুন ৰূপ। ৪২ টা বসন্তৰ পাচত পুনৰ এবাৰ ৰূপালী পৰ্দাত দৰ্শকে উপভোগ কৰিব পাৰিব “ককাদেউতা নাতি আৰু হাতী ২”। ২১ নৱেম্বৰত ৰাজ্যৰ প্ৰতিটো ছবিগৃহতে মুক্তিলাভ কৰিব নতুন অসমীয়া ছবি “ককাদেউতা নাতি আৰু হাতী”। শুকুৰবাৰে গুৱাহাটীৰ পাঞ্জাবাৰীস্থিতি আইদেউ ছবিগৃহত ‘ককাদেউতা নাতি আৰু হাতী ২’ ছবিখনৰ পোষ্টাৰ মুকলি কৰা হয়।
প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টৰ বেনাৰত নিৰ্মাণ হোৱা এই ছবিখনৰ প্ৰযোজনা ৰিণিকি ভূঞা শৰ্মাৰ। আনহাতে পৰিচালনা কৰিছে বিশ্বজিত বৰাৰ ।”ৰামধেনু” আৰু “পৰিচয়” ছবিৰ পিছত প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টৰ এয়া তৃতীয় নিবেদন।
এই অনুষ্ঠানত উপস্থিত থাকি ৰিণিকি ভূঞা শৰ্মা কয়,’ এয়া প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টৰ এটা আবেগিক যাত্ৰা। প্ৰযোজক হিচাপে যিমান পাৰিছো চেষ্টা কৰিছো। কাহিনীৰ ক্ষেত্ৰতো যথেষ্ট কাম কৰা হৈছে। ২১নৱেম্বৰত ৰাজ্যৰ প্রতিটো ছবিগৃহতে ছবিখন মুক্তি দিয়া হ’ব। পৰৱৰ্তী পৰ্যায় আমি বাহিৰতো ছবিখন মুক্তি দিম। আমি বলিউদৰ ছবিক প্ৰত্যাহ্বান দিব পৰাকৈ ছবিখন নিৰ্মাণ কৰিছোঁ। ছবিখনে এক বুৰঞ্জী সৃষ্টি কৰিব বুলি আশা কৰিলো।’
এই ছবিখন যাতে কোনোৱে পাহৰি নাযায় তাৰপ্ৰতি লক্ষ্য ৰাখি নিৰ্মান কৰা হৈছে। ছবিখন সফল হ’ব বুলি আমি আশা প্ৰকাশ কৰিছোঁ।’ পোষ্টাৰ মুকলি অনুষ্ঠানত ছবিখনৰ প্ৰযোজক
ৰিণিকি ভূঞা শৰ্মা,জ্যেষ্ঠ সাংবাদিকচৈয়দ জাৰিৰ হুছেইন, অভিনেতা উৎপল দাস, অভিনেত্ৰী প্রীতি কংকনা,কণ্ঠশিল্পী নাহিদ আফ্ৰিন, পৰিচালক বিশ্বজি বৰা আদি উপস্থিত থাকে। এই সম্পৰ্কে ছবিখনৰ
পৰিচালক বিশ্বজি বৰাই কয়- এইছবিখনৰ ধুমুহা এতিয়াও চলি আছে। ১৯৮৩ চনৰ ছবিখনৰ দ্বিতীয় খণ্ড ৰ ৰূপ দিবলৈ যোৱা এটা প্ৰত্যাহ্বান। ইমান ডাঙৰ অভিনেতাৰ সৈতে কাম কৰিবলৈ পোৱাটো মোৰ বাবে সৌভাগ্য
। ২১ নম্বেম্বৰত ৰাইজে ছবিখন চাবলৈ পাব। এইখন এখন গ্ল’বেল ছবি হ’ব বুলি আশা কৰিলো। এইখন ধুনীয়া ছবি হ’ব বুলি মই আশা কৰিছোঁ।’এই নতুন ছবিখনৰ মুখ্যসহকাৰী পৰিচালক হিচাপে আছে মুম্বাইৰ অৰুণ বিশ্বকৰ্মা। আনহাতে সহকাৰী পৰিচালক হিচাপে আছে জিতুল ৰাজবংশী, আকাশ ভৰদ্বাজ, দেৱশীষ কলিতা, আৰু নিলোৎপল ৰাজবংশী। যতীন বৰা, প্ৰাঞ্জল শইকীয়া, পংকজ মহন্ত, প্ৰীতি কংকনা, প্ৰস্তুতি পৰাশৰ, তপন দাস,উৎপল দাস , আদিল হুছেইন আদিক ধৰি কেইবাগৰাকী ন-পুৰণি অভিনেতা অভিনেত্ৰীয়ে অভিনয় কৰা এই ছবিখনৰদৃশ্যগ্ৰহণ কৰিছে প্ৰদীপ দৈমাৰীয়ে।
উল্লেখ্য যে, ৮০ৰ দশকৰ এখন বিখ্যাত ছবি আছিল ‘ককাদেউতা নাতি আৰু হাতী’। এন চি দত্তই প্ৰযোজনা কৰা ছবিখনে মুক্তি লাভ কৰিছিল ১৯৮৩ চনৰ ১৮ নৱেম্বৰত। যিখন ছবি চাবলৈ অসমৰ গাঁৱে-ভূঞেৰ পৰা হিলদল ভাগি ছবিগৃহলৈ ওলাই আহিছিল দৰ্শক। ককাদেউতা নাতি আৰু হাতী পৰিচালনা কৰিছিল বিশিষ্ট পৰিচালক নিপ বৰুৱাই। আনহাতে ছবি অভিনয় কৰিছিল বিশিষ্ট অভিনেতা নিপন গোস্বামী, প্ৰাঞ্জল শইকীয়া, মৃদুলা বৰুৱা আদিকে ধৰি ভালেকেইগৰাকী বিশিষ্ট শিল্পীয়ে। ছবি খনত শিশু চৰিত্ৰত অভিনয় কৰিছিল অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ছবিখনৰ এটি চিৰসেউজ গীত এক, দুই, তিনি, চাৰি/ যুতি দিলো গৰুগাড়ী… অ’ দেখিছানে, হাতীয়ে চলায়…।’

Leave a Reply

Your email address will not be published. Required fields are marked *