• Mon. Sep 22nd, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

শুকুৰবাৰে ৰাজ্যজুৰি মুক্তি লাভ কৰিব অসমীয়া ছবি’ ‘কেচটো নগেন’

ByNaba Barta

May 14, 2025
Spread the love

ভাৰত-পাক যুদ্ধৰ বাবে ৰাজ‍্য জুৰি মুক্তি দিয়া হোৱা নাছিল ছবিখন

১১ মে’ অসমৰ মাত্ৰ কেইটামান ছবি গৃহত মুক্তি দিয়া হৈছিল ছবিখন

মুক্তিৰ পাছতে দৰ্শকৰ বিপুল সঁহাৰি লাভ কৰে ছবিখনে

নৱবার্তা গুৱাহাটী ‘: শুকুৰবাৰে ৰাজ্যজুৰি মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি’ ‘কেচটো নগেন’। ভাৰত-পাক যুদ্ধৰ বাবে ৰাজ্য জুৰি মুক্তি দিয়া হোৱা নাছিল ছবিখন।
১১ মে’ অসমৰ মাত্ৰ কেইটামান ছবি গৃহত মুক্তি দিয়া হৈছিল ছবিখন-এইদৰে কয় ছবিখনৰ পৰিচালক ধনজিত দাসে। বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সংবাদ মেলত তেওঁ লগতে কয়-আমাৰ ছবিখনে
মুক্তিৰ পাছতে দৰ্শকৰ বিপুল সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে। বহুকেইটা ছবিগৃহতে এতিয়া ছবিখনৰ প্ৰতিটো দৰ্শনীয়ে হাউছফুল ।গুৱাহাটী: পাকিস্তান আৰু ভাৰতৰ মাজত যুদ্ধবিৰতি ঘোষণা হোৱাৰ পিছতেই নতুন অসমীয়া চিনেমা ‘কেচটো নগেন’ খনক দৰ্শকে আদৰি লোৱা বাবে আমি ধন্যবাদ জনালো।
দৰাচলতে বিগত ৯ মে’ত কেচটো নগেন ছবিখনে মুক্তিলাভ কৰা কথা আছিল যদিও দেশৰ সংকটকালীন সময়ছোৱাত ‘দেশ প্ৰথম তাৰ পাছতহে যিকোনো শিল্পকৰ্ম’ এনে এক মনোভাৱেৰে ছবিখনৰ মুক্তিৰ তাৰিখ অনিৰ্দ্দিষ্ট কাললৈ স্থগিত ৰাখিছিলো। ১০মে’ত ঘোষণা হোৱা যুদ্ধবিৰতিৰ পাছত দেওবাৰে অৰ্থাৎ ১১ মে’ত ছবিখন মুক্তি দিয়া হয় ।
‘কেচটো নগেন’ আদৰি লৈছে দৰ্শকে । ৰাজ্যৰ বহুকেইটা ছবিগৃহতে এতিয়া ছবিখনৰ প্ৰতিটো দৰ্শনীয়ে হাউছফুল । আনহাতে ছবিগৃহৰ পৰা ওলাই অহা প্ৰতিগৰাকী দৰ্শকৰ মুখত ছবিখন ভাল হৈছে বুলিয়ে এতিয়া শুনিবলৈ পোৱা গৈছে । বহুকেইটা ছবিগৃহতে এতিয়া প্ৰায়কেইটা দৰ্শনী হাউছফুল হৈ আছে । ছবিখনৰ মুক্তিৰ দুটা দিন পিছুৱাবলগীয়া হোৱাৰ বাবে কিছুমান ঠাইত ছবিগৃহৰ দৰ্শনী পোৱাত অসুবিধাৰ সন্মুখীন হৈছে ছবিখনে । অৱশ্যে যিসমূহ ঠাইত দৰ্শনী লাভ কৰিছে বিশেষকৈ ৰঙিয়া, মঙলদৈৰ লগতে উজনি অসমৰ কেইবাটাও ছবিগৃহৰ প্ৰায় ভাগতে ছবিখনে দৰ্শকৰ পৰা যথেষ্ট ভাল সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে । অৱশ্যে কৰ্মদিন হোৱাৰ বাবে গুৱাহাটীত দৰ্শক অকণমান কম হোৱা দেখা গৈছে । অন্য ঠাইত যিসমূহ অসুবিধাৰ সন্মুখীন হৈছে সেইসমূহ অতি শীঘ্ৰে নাইকীয়া হ’ব।’ সংবাদ মেলত অভিনেতা অতুল পাচনিয়ে কয়- ভাৰত-পাকিস্তানৰ যুদ্ধ ৰ বাবে
দেওবাৰে ছবিখন মুক্তি দিয়া হয়। যিসকলে গম পোৱা নাই তেওঁলোকক অৱগত কৰাৰ বাবে এই সংবাদ মেলৰ আয়োজন কৰা হৈছে। চলচ্চিত্ৰ উদ্যোগটো জীয়াই ৰখাৰ প্ৰয়াস সকলোৱে কৰা উচিত ।’ সংবাদ মেলত ছবিখনৰ প্ৰযোজক খালেকুৰ জামান, অভিনেতা সিদ্ধাৰ্থ মুখাৰ্জীৰ লগতে ছবিখনৰ কলা-কুশলী উপস্থিত থাকে।
উল্লেখ‍্য,
চানডুবিৰ জৰাংখুৰিয়া গাঁওত দৃশ্যগ্ৰহণ কৰা এই ছবিখনত অভিনয় কৰিছে হিমাংশু প্ৰসাদ দাস, প্ৰণামী ভাৰতী, সিদ্ধাৰ্থ মুখাৰ্জী, অতুল পাঁচনি,তপন দাস, অতনু মহন্ত, সংকল্পজিৎ হাজৰিকা, জয়ন্ত নাৰ্জাৰী, নিতুম বৰ্মন, প্ৰণৱ কলিতা, অমৃতা গগৈ, পুৰ্ণদা হাজৰিকা আৰু অনামিকা শৰণীয়াই আদিকে ধৰি বহু ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে। ছবিখনৰ সংগীত কৰিছে পল্লৱ তালুকদাৰে, শব্দ সংমিশ্ৰণ দেৱব্ৰত চলিহাৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *