‘
নৱবাৰ্তা গুৱাহাটী: তাদেবশ্ৰী ৱেলফেয়াৰ ফাউণ্ডেশ্যনৰ ডব্লিউ আই এছ ই -এ মনোবিজ্ঞানী-লেখিকা ডিম্পী দাসৰ প্ৰথম গ্ৰন্থ
(Whispers! – When the Mind Hurts, the Body Screams ) বৃহস্পতিবাৰে গুৱাহাটীত
উন্মোচন কৰে। বেষ্টছেলিং লেখিকা তাপশ্ৰী বৰুৱাৰ মেন্টৰশ্বিপত
— বেষ্টছেলিং লেখিকা তাপশ্ৰী বৰুৱাৰ মেন্টৰশ্বিপত, তাদেবশ্ৰী ৱেলফেয়াৰ ফাউণ্ডেশ্যনৰ উদ্যোগত ডব্লিউ আই এছ ই এ
উদীয়মান লেখক-লেখিকাসকলক প্ৰেৰণা দি, প্ৰকাশিত লেখক হোৱাৰ সপোনক বাস্তৱ ৰূপ দিবলৈ সহায় কৰাৰ লক্ষ্য লৈছে। গ্ৰন্থখনৰ লেখিকা,মনোবিজ্ঞানী ডিম্পী দাসে কয় যে-মোৰ এই প্ৰথমখন গ্ৰন্থ
ব্যক্তিগত কাহিনী আৰু মনোবৈজ্ঞানিক অন্তৰ্দৃষ্টিৰ এক হৃদয়স্পৰ্শী সংমিশ্ৰণ।
লেখিকাই ভগ্নী দীক্ষিতা বৰ্মনে আদৰণি ভাষণ দিয়া সভাৰ আৰম্ভণিতে লেখিকাৰ আইতাক ভাগ্যৱতী বৰ্মন, জেঠায়েক কল্পনা ডেকা আৰু লেখিকাৰ পিতৃ গোপাল চন্দ্ৰ দাস আৰু বৰ্ণালী বৰ্মনে বন্তি প্ৰজ্বলন কৰে।
লেখিকাৰ পিতৃ গোপাল চন্দ্ৰ দাস আৰু বৰ্ণালী বৰ্মনে গ্ৰন্থখন উন্মোচন কৰে।
তাদেবশ্ৰী ৱেলফেয়াৰ ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক নিৰ্দেশিকা দেবাংশ্ৰী বৰুৱা গৌতমে প্ৰথমবাৰৰ বাবে গ্ৰন্থখন প্ৰকাশ কৰিছে।

