• Sun. Nov 9th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

ৰূপনগৰ সেৱা মন্দিৰ ৰাজহুৱা নামঘৰৰ দ্বাৰ মুকলি

ByNaba Barta

Jul 13, 2025
Spread the love

নৱবার্তা গুৱাহাটী : গুৱাহাটী পৌৰনিগমৰ
মেয়ৰ মৃগেন শৰণীয়াই দেওবাৰে গুৱাহাটীৰ ২৯ নং ৱাৰ্ডৰ “অসম দর্শন” আঁচনিৰ দ্বাৰা নিৰ্মিত ৰূপনগৰস্থিত সেৱা মন্দিৰ ৰাজহুৱা নামঘৰৰ দ্বাৰ মুকলি কৰে।
এই উপলক্ষে নামঘৰ প্ৰাংগণত সেৱা মন্দিৰ ৰাজহুৱা নামঘৰৰ প্ৰাক্তন সভাপতি, বৰ্তমানৰ উপদেষ্টা কুমুদ চন্দ্ৰ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত এখন সভাত মেয়ৰ মৃগেন শৰণীয়াই কয়- এই নামঘৰটোৰ সামগ্ৰিক উন্নয়নৰ লগতে চাৰিওফালে দেৱাল দিয়ৰো কাম আৰম্ভ হ’ব। লগতে নামঘৰৰ চৌদহত গছপুলি ৰোপন কৰা হ’ব।
নামঘৰটোত বাপ-
আইসকলে যাতে নাম-প্ৰসংগ সুচাৰুভাৱে কৰি যাব পাৰে
তাৰবাবে যাৱতীয় ব্যৱস্থা গ্ৰহন কৰা হ’ব। তেওঁ লগতে
অঞ্চলটোৰ বাট-পথকে ধৰি অন্যান্য সমস্যা শীঘ্ৰে সমাধানৰ কৰা হ’ব বুলি কয়। সভাত বিশিষ্ট অতিথি হিচাপে জয়ন্ত কলিতা,সত্যজিত দাস
সঞ্জয় সিং,ৰাহুল মেধি,
গোলক ৰাজবংশীৰ লগতে নামঘৰৰ উপদেষ্টা দময়ন্তী ডেকা, সভাপতি মহিমা দাস,সম্পাদক দিপ্তী দাস, সদস্য দীপাঞ্জলি ডেকা,
পূৰ্ণিমা দাস, মঞ্জুবালা দাস, বেবী সোণোৱাল, ৰিজু কোৱঁৰ, ৰুণুবালা দাস, সুৰঞ্জনা কোঁৱৰ আদি উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *