• Sun. Nov 9th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

সেৱা মন্দিৰ ৰাজহুৱা নামঘৰৰ সভাগৃহনিৰ্মাণ কাৰ্যৰ আধাৰশিলা স্থাপন

ByNaba Barta

Apr 28, 2025
Spread the love

নৱবার্তা গুৱাহাটী: গুৱাহাটী পৌৰনিগমৰ
মেয়ৰ মৃগেন শৰণীয়াই দেওবাৰে গুৱাহাটীৰ ২৯ নং ৱাৰ্ডৰ “অসম দর্শন” আঁচনিৰ অধীনত ৰূপনগৰস্থিত সেৱা মন্দিৰ ৰাজহুৱা নামঘৰৰ সভাগৃহৰ নিৰ্মাণ কাৰ্যৰ আধাৰশিলা স্থাপন কৰে। এই উপলক্ষে নামঘৰ প্ৰাংগণত
সেৱা মন্দিৰ ৰাজহুৱা নামঘৰৰ প্ৰাক্তন সভাপতি কুমুদ চন্দ্ৰ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত এখন সভাত মেয়ৰ মৃগেন শৰণীয়াই কয়- এই নামঘৰটো অতি শোচনীয় অৱস্থাত আছিল। নামঘৰটোত
আইসকলে যাতে নাম-প্ৰসংগ সুচাৰুভাৱে কৰি যাব পাৰে তাৰবাবে নামঘৰটোৰ নিৰ্মাণ কাৰ্য ১৫ মে’ৰ পৰা আৰম্ভ কৰাৰ চিন্তা-চৰ্চা কৰা হৈছে। নামঘৰৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠিলে অঞ্চলটোৰ বাট-পথকে ধৰি অন্যান্য সমস্যা সমাধানৰ প্ৰয়াস কৰিম।’ সভাত বিশিষ্ট অতিথি হিচাপে
বিপুল দাস,জয়ন্ত কলিতা উপস্থিত থকাৰ লগতে
ৰূপনগৰ অঞ্চলৰ জ্যেষ্ঠ নাগৰিক গোলক ৰাজবংশী, সেৱা মন্দিৰ ৰাজহুৱা নামঘৰৰ উপদেষ্টা দময়ন্তী ডেকা, যমুনা কোঁৱৰ, সভাপতি মহিমা দাস,সম্পাদক দিপ্তী দাস, সদস্য পূৰ্ণিমা দাস, মঞ্জুবালা দাস, বেবী সোণোৱাল, ৰিজু কোৱঁৰ আদি উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *