‘নৱবার্তা গুৱাহাটী: সংগীত শিল্পী জীনা ৰাজকুমাৰী আৰু তেওঁৰ স্বামী দিৱ্যজোতি গোস্বামীয়ে শনিবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আই বেংকত তেওঁলোকৰ নেত্ৰ দান কৰে । উল্লেখ্য, প্ৰতিষ্ঠিত সংগীত শিল্পী জীনা ৰাজকুমাৰীয়ে বিগত সময়বোৰত স্তনৰ কৰ্কট ৰোগৰ সজাগতাৰ বিষয়ে বিভিন্ন কাৰ্য্যসূচীত অংশগ্ৰহন কৰি আহিছে । দুয়োগৰাকী সাংস্কৃতিক কৰ্মীয়ে সকলোকে স্বেচ্ছাই নেত্ৰ দান কৰিবলৈ অনুৰোধ জনাইছে । ৰাষ্ট্ৰীয় নেত্ৰ দান পষেক উপলক্ষে নেত্রদান কৰি শিল্পী দম্পতিয়ে সকলোকে কলেষ্ট্ৰ তথা ৰক্তচাপৰ পৰা হ’ব পৰা ভয়াবহতাৰ বিষয়ে দৃষ্টি দিবলৈ অনুৰোধ জনায়।