নৱবার্তা গুৱাহাটী: গুৱাহাটীৰ জিএনআৰচি দিছপুৰ হাস্পতালৰ প্ৰেক্ষাগৃহত শনিবাৰে “সংক্রামক ৰোগঃ গোলকীয় স্বাস্থ্যৰ প্রতি বিশেষ ভাবুকি” শীর্ষক এক অবিৰত চিকিৎসা শিক্ষা (চি এম ই) অনুষ্ঠিত হয়। এই অনুষ্ঠানত মাইক্র ‘বায় ‘লজিষ্ট, পেথ’ল ‘জিষ্ট আৰু চিকিৎসকসকলে এক হৈ গোলকীয় সংক্রামক ভাবুকি আৰু ইয়াৰ নিদানৰ প্রত্যাহ্বানসমূহৰ বিষয়ে আলোচনা কৰে।
জিএনআৰচি সার্বজনীন স্বাস্থ্য অভিযান অংশ হিচাপে আয়োজিত এই চিএমইৰ লক্ষ্য আছিল বিশেষজ্ঞসকলে বাস্তৱ জীৱনত সম্মুখীন হোৱা অধ্যয়ন আৰু ব্যৱহাৰিক জ্ঞানৰ আদান-প্রদানৰ জৰিয়তে চিকিৎসকসকলক সহায় কৰা।
অনুষ্ঠানৰ আৰম্ভণিতে জিএনআৰচি হাস্পতালৰ দিছপুৰ শাখাৰ মাইক্রবায় ‘লজিষ্ট বিভাগৰ মুখ্য পৰামৰ্শদাতা ডাঃ প্রণিতা শইকীয়া মেধিয়ে আদৰণি ভাষণ প্রদান কৰাৰ লগতে বস্তি প্রজ্বলন কৰে। ” এই চিএমই কার্যসূচীত অগ্রণী প্রতিষ্ঠানৰ বিশেষজ্ঞসকলৰ দ্বাৰা পৰিচালিত পাঁচখন বৈজ্ঞানিক তথ্যভিত্তিক বিশ্লেষণো অন্তর্ভুক্ত আছিল।
মণিপালৰ কেএমচিৰ (KMC) মাইক্ৰ’বায়’লজী বিভাগৰ অধ্যাপক ডাঃ চিৰঞ্জয় মুখোপাধ্যায়ই “মেলিওড চিছ (Melioidosis)- এই মাৰাত্মক সংক্রমণৰ প্রত্যাহ্বানসমূহ
ক’ত” শীর্ষক বিষয়ত উপস্থাপন আগবঢ়ায়।
অসম চিকিৎসা মহাবিদ্যালয়ৰ মাইক্ৰ’বায় ‘লজী বিভাগৰ অধ্যাপক ডাঃ চিমানজিতা ফুকনে “অসমত মেলিওড চিছব স্থিতি” সম্পর্কে আলোচনা কৰি এই ৰোগৰ আঞ্চলিক বোজা বৃদ্ধিৰ কথা উল্লেখ কৰে।
দিছপুৰ জিএনআৰচি হাস্পতালৰ মাইক্ৰ’বায়’লজী বিভাগৰ পৰামৰ্শদাতা ডাঃ ফুদাং আৰ তবিপিয়ে জিএনআৰচি হাস্পতালত ধৰা পৰা কিছুমান বিৰল সংক্রামক গোচৰৰ অভিজ্ঞতাৰ তথ্য আৰু লগতে চিকিৎসকসকলৰ বাবে প্রয়োজনীয় ব্যৱহাৰিক পৰামৰ্শও আগবঢ়ায়।ডাঃ চিৰঞ্জয় মুখোপাধ্যায়ই তেওঁৰ দ্বিতীয়টো বক্তৃতাত “MIC-ৰ পৰা PK/PD-লৈ ক্লিনিকেল সিদ্ধান্ত গ্রহণত এপ্টিমাইক্র’বিয়াল ষ্টিবার্ডশিপৰ প্রয়োগ” বিষয়ত এন্টিবায় ‘টিকৰ দায়িত্বশীল আৰু প্রমাণভিত্তিক ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
জিএনআৰচি হাস্পতালৰ পেথ’লজী বিভাগৰ উপ-পৰামর্শদাতা ডাঃ অভিষেক ছেত্রীয়ে “কৰ্কট ৰোগৰ বৰ্তমানৰ ধাৰা শীর্ষক লগতে সংক্ৰমণৰ দ্বাৰা সম্প্ৰসাৰিত হোৱা কেঞ্চাৰ জিএনআৰচি হাস্পতালৰ অভিজ্ঞতা” শীর্ষক আলোচনাৰে চিকিৎসক সকলক বিষয় সম্পর্কত অৱগত কৰে।
সংক্রামক ৰোগঃ গোলকীয় স্বাস্থ্যৰ প্রতি বিশেষ ভাবুকি” শীর্ষক এক অবিৰত চিকিৎসা শিক্ষা সম্পন্ন
Oplus_131072 