• Tue. Nov 25th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

শিশু দিৱসৰ লগত সংগতি ৰাখি হায়াত হাস্পাতালত’এধানী হৃদয়ৰ বাবে এদিন”কাৰ্যসূচী

ByNaba Barta

Nov 13, 2025
Oplus_131072
Spread the love

নৱবার্তা গুৱাহাটী :
ৰোগীৰ সুৰক্ষা আৰু অত্যাধুনিক উন্নত মানদণ্ডৰ চিকিৎসাৰ প্রতিশ্রুতিকে দোহাৰে হায়াত চুপাৰ স্পেচিয়েলিটি হাস্পাতাল কর্তৃপক্ষই। বৃহস্পতিবাৰে হায়াত হাস্পাতালৰ প্রাঙ্গণত “শিশু দিৱস” উপলক্ষে আয়োজিত কৰা বিনামূলীয়া চিকিৎসা শিবিৰ আৰু সংবাদমেল সম্বোধি হায়াত কর্তৃপক্ষই সাংবাদিক আৰু অসমৰ জনতাক জনাই যে ক্রমবর্দ্ধমান প্রযুক্তিৰ উন্নতিৰ লগত খাপ খুৱাই উচ্চতম মানদণ্ডৰ চিকিৎসা প্রদানৰ বাবে হাম্পাতাল কর্তৃপক্ষ চিৰ প্রতিশ্রুতিবদ্ধ। হায়াট হাস্পাতালৰ হৃদশল্য আৰু হৃদৰোগ বিশেষজ্ঞ চিকিৎসকৰ দলটোৱে সংজ্ঞাহৰণ বিভাগ, শিশু হৃদৰোগ বিশেষজ্ঞ আৰু শিশু ক্রিটিকেল কেয়াৰ বিশেষজ্ঞ দলৰ সহযোগত শিশুৰ জটিল জন্মগত হৃদপিণ্ডৰ বিসংগতিৰ নিৰাময়মূলক অস্ত্রোপচাৰ, মিনিমেলি ইনভেশ্বিভ অস্ত্রোপচাৰ আৰু বিনা অস্ত্রোপচাৰে ইণ্টাৰভেনচনেল প্রযুক্তিৰ জৰিয়তে বহু বছৰ ধৰি কৰি আহিছে যাৰ দ্বাৰা অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ শিশুসকল আৰু তেওঁলোকৰ অভিভাৱক সকলৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে। বৃহস্পতিবাৰে হাস্পাতাল কর্তৃপক্ষই ডাঃ প্রশান্ত কুমাৰ গগৈ (চিকিৎসা সঞ্চালক) প্রমুখ্যে, ডাঃ সুৰজ কুমাৰ প্রধান (মুখ্য হৃদশল্য বিশেষজ্ঞ), ডাঃ দীপাংকৰ দাস (মুখ্য হৃদৰোগ বিশেষজ্ঞ) ডাঃ অনুপম বিশ্বাস (শিশু হৃদৰোগ বিশেষজ্ঞ) ডাঃ হৃষিকেশ ভৰালী (সংজ্ঞাহৰণ বিশেষজ্ঞ) ডাঃ ডলী কলিতাৰ (শিশুৰোগ বিশেষজ্ঞ) উপস্থিতিত সংবাদমেল সম্বোধি, সাংবাদিক সকলক জনাই যে সকলো ধৰণৰ শিশুৰ হৃদপিণ্ডৰ জটিল সমস্যাৰ প্ৰতিকাৰ এতিয়া অসম তথা উত্তৰ-পূৰ্বাঞ্চলত সুলভ আৰু হায়াত হাস্পাতালত জটিলৰ পৰা জটিলতম অস্ত্রোপচাৰো অভিজ্ঞতা সম্পন্ন চিকিৎসাকর্মীৰ দলৰ দ্বাৰা সুকলমে আৰু অস্ত্রোপচাৰ পচ্ছাৎ পার্শ্বক্রিয়া অবিহনে কৰাটো সহজলভ্য হৈছে।
আজি এই সংবাদমেলৰ লগতে, শিশু দিৱসৰ লগত সংগতি ৰাখি তেঁওলোকে এটা বিনামূলীয়া চিকিৎসা শিবিৰৰো আয়োজন কৰে য’ত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বহুতো শিশুৱে অংশগ্ৰহণ কৰে আৰু তেওঁলোকক অভিভাৱক সকলে অস্ত্রোপচাৰৰ পাছত এটি সুন্দৰ জীৱন উপহাৰ দিয়াৰ বাবে চিকিৎসক আৰু হাস্পতাল কর্তৃপক্ষক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে। সংবাদকর্মী সকলৰ সৈতে কথোপকথনত শিশু আৰু তেওঁলোকৰ অভিভাৱকসকলে হায়াত হাস্পতালৰ “এধানী হৃদয়ৰ বাবে এদিন” শীর্ষক এই পদক্ষেপক ভূয়সী প্রশংসা কৰে আৰু আশা ৰাখে যে ভৱিষ্যতেও এই হাস্পতালে ৰোগীসকলক এনেদৰে সেৱা আগবঢ়াই আন্তৰিক সমর্পণৰ মনোভাৱেৰে উত্তৰ পূৰ্বাঞ্চলৰ জনগণৰ আস্থা অক্ষুন্ন ৰাখিব।

Leave a Reply

Your email address will not be published. Required fields are marked *