• Mon. Sep 22nd, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

লাচিত নগৰত মহা পালনাম আৰু নৱ নির্মিত বাট-চ’ৰা উদ্বোধন

ByNaba Barta

Feb 9, 2025
Spread the love

নৱবার্তা গুৱাহাটী:
গুৱাহাটীৰ লাচিত নগৰ ৰাজহুৱা নামঘৰ, লাচিত জ্যোতি সংঘ প্রাঙ্গনত দেওবাৰে মহা পালনাম আৰু নৱ নির্মিত বাট-চ’ৰা উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হয়। বাট-চ’ৰা উদ্বোধন কৰি গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই কয়- এই মাংগলিক কাৰ্যত উপস্থিত থাকি সকলোৰে মংগল কামনা কৰিলোঁ। ভক্তি ভাৱেৰে আয়োজন কৰা এই অনুষ্ঠানত উপস্থিত থাকি জীৱন ধন্য হোৱা যেন লাগিছে। গুৰুজনাই আমাক বহুখিনি দি গৈছে। আমাৰ জনজীৱনত নামঘৰ সমূহেও বিশেষ ভূমিকা পালন কৰিছে। লাচিত নগৰ ৰাজহুৱা নামঘৰ এনেদৰে গুৰুজনাৰ কৃষ্টি সংস্কৃতি জীয়াই ৰাখিব বুলি আশা কৰিলোঁ।’ এই অনুষ্ঠানত প্ৰাক্তন সাংসদ কুইন ওজা,
৩৬ নং ৱাৰ্ডৰ পাৰিষদ
মেঘনা হাজৰিকা আদি উপস্থিত থাকে। কাৰ্যসূচী অনুসৰি পুৱা প্ৰাত:
প্ৰসংগ পৰিচালনা কৰে
পালনাম আচার্য, কামৰূপ জিলা
মদন আতাই। পুৱা ৮-৩০ বজাত ধৰ্ম-পতাকা উত্তোলন কৰে কামৰূপ মহানগৰৰ সভাপতি
হৰকান্ত হাজৰিকাই। তাৰপাছত মঙ্গলদৈৰ আতা
কাৰ্ত্তিক শইকীয়াই মাধ্যাহ্ন প্রসংগ
পৰিচালনা কৰে।ইয়াৰ পাছত অনুষ্ঠিত ধর্মালোচনা সভাখন
একশৰন ভাগৱতী সমাজ কামৰূপ (মহানগৰ)সভাপতি হৰকান্ত হাজৰিকাই সভাপতিত্ব কৰে। সভাত
আচৰ্য প্ৰণাম কৰে
দৰং জিলাৰ সভাপতি
গুনেন্দ্র নাথ চলিহাই।
সভাত
মুখ্য অতিথি হিচাপে
শ্ৰীশ্ৰী মধুপুৰধাম সত্ৰ, কোচবিচাৰ, পশ্চিমবংগৰ ডেকা
সত্ৰাধিকাৰ
ধর্মাচার্য মাধৱ দেৱ মহন্ত উপস্থিত থাকে। সভাত
নিৰ্দিষ্ট বক্তা হিচাপে
একশৰণ ভাগৱতী সমাজ (অসম)অধ্যক্ষ
প্ৰতাপ চন্দ্ৰ মেধি, কটন বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক
ড° সোনালী বৰা হাজৰিকা
উপস্থিত থাকি বক্তব্য আগবঢ়ায়। সভাত
বিশিষ্ট সমাজকর্মী শংকৰলাল গোয়েংকা প্ৰমুখ্যে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
এই অনুষ্ঠানত উপস্থিত ক্তপ্ৰাণ ৰাইজক ধন্যবাদ জ্ঞাপন কৰে লাচিতনগৰ ৰাজহুৱা নামঘৰৰ সভাপতি – সৰস্বতী দাস আৰু সম্পাদক টুটুমণি কলিতাই।

Leave a Reply

Your email address will not be published. Required fields are marked *