• Sun. Nov 9th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

লক্ষীৰাম বৰুৱা সদনত বঁটা প্ৰদান অনুষ্ঠান

ByNaba Barta

Nov 26, 2023
Spread the love

নৱবার্তা গুৱাহাটী: সোণপৰুৱা শিশু আৰু সমাজ কল্যাণ পৰিষদ, অসমৰ তৃতীয় বাৰ্ষিক অধিবেশন উপলক্ষে দেওবাৰে বঁটা প্ৰদান, গ্ৰন্থ উন্মোচন আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। অসম সাহিত্য সভা ভৱনৰ লক্ষী ৰাম বৰুৱা সদনত অনুষ্ঠিত হয়। লেখিকা উষামণি শইকীয়াই আঁতধৰাঅনুষ্ঠানত মুখ্য অভিথি হিচাপে বিশিষ্ট শিক্ষাবিদ, সাহিত্য সমালোচক,ড° দয়ানন্দ পাঠক,বিশিষ্ট অতিথি হিচাপে বিশিষ্ট সাহিত্যিক ইছমাইল হোছেইন
আৰু আমন্ত্রিত অতিখি হিচাপে লোক সংস্কৃতিৰ গৱেষক লীলাধৰ হাজৰিকা , উপাচার্য, আৰোহণ ফাউণ্ডেশ্যনৰ সঞ্চালক ড০ সীমা বৰা, দীনজ্যোতি ফাউণ্ডেশ্যনৰ হৈ চুমী ৰহমান,কবি, লেখক,
আব্দুৰ কাদিৰ খান আদি উপস্থিত থাকে। আনহাতে গল্প প্রতিযোগিতাৰ বিচাৰক হিচাপে অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী নিৰুপমা দাস, কবি, লেখিকা ক্ৰমে কিৰণ দাস, অলি বৰুৱা,
কাব্যমণি বৰা,অৰুণি বৰা বৰ্মন আৰু অভিনেত্রী, প্রাক্তন খেলুৱৈ হেমলতা চেতিয়া গগৈ
আদি উপস্থিত থাকে। এই অনুষ্ঠানত সোণপৰুৱা সমাজ ৰত্ন বঁটা-২০২৩ সমাজ বন্ধু ছাজন ভূঞাক, সোণপৰুৱা শ্ৰেষ্ঠ উদ্যোগী তথা শিক্ষাকর্মী বঁটা আই আই বি আই টি ৰ সঞ্চালক ৰোহিত দাসক, সোণপৰুৱা শ্ৰেষ্ঠ মহিলা উদ্যোগী বঁটা লেখিকা, ‘উৰুকা’ ৰেস্তোঁৰাৰ স্বত্বাধিকাৰী কৰিশ্মা বেগমক, সোণপৰুৱা শ্ৰেষ্ঠ চিকিৎসক বঁটা চিকিৎসক, লেখিকা ডাঃ ঝৰ্ণা দেউৰীক, সোণপৰুৱা শ্ৰেষ্ঠ অনুপ্ৰেৰণা বঁটা লেখিকা, সমাজকৰ্মী দিব্যৰেখা গোস্বামীক আৰু সোণপৰুৱা শ্ৰেষ্ঠ সম্ভাৱনা বঁটা লেখিকা, কবি অনিমা তালুকদাৰ,সংগীত শিল্পী মিনতি বৰ্মন, অধ্যাপক, লেখক ৰেণুমাই সন্দিকৈক প্ৰদান কৰা হয়। সেইদৰে সোণপৰুৱা শ্রেষ্ঠ সমাজসেৱিকা বঁটা সমাজকৰ্মী ৰীণা বেগমক প্রদান কৰা হয়।এই বঁটাৰ সৈতে চেলেং চাদৰ, গামোচা, মানপত্ৰ, এটা ফুলাম জাপি, এটা স্মাৰক আদি দিয়া হয়।এই অনুষ্ঠানত শ্রেষ্ঠ শিশুগল্প পুথিৰ পুৰস্কাৰ বিনু দাসৰ ‘বন্ধুত্ব’শ্রেষ্ঠ উপন্যাস প্রথম আকাশী গংগা বিচৰা নাই (বিনীতা বৰাক মংগলদৈ, দৰং), শ্রেষ্ঠ উপন্যাসৰ পাণ্ডুলিপি – যুঁজ (মাণিকচন্দ্র সোণোৱাল লখিমপুৰ),সুৰক্ষা বিষয়ক শ্রেষ্ঠ গ্রন্থ: গাড়ী চালনাৰ হাতপুখি আৰু পথ সৃৰষ্কাৰ নিয়ম-সঞ্জীৱ হাজৰিকা (ডিব্রুগড়), গল্পপুখি প্ৰথম পুৰস্কাৰ অন্তঃসলিলা (হৰেশ্বৰ কলিতা ওদালগুৰি),দ্বিতীয় পুৰস্কাৰ এনকাউন্টাৰ
(কুশল কুমাৰ দাস যোৰহাট),তৃতীয় পুৰস্কাৰ বিবেচিত নহ’ল,কাব্যগ্রন্থৰ প্ৰথম পুৰস্কাৰ ‘বৈ থকা নৈখন’ ড০ জ্যোতিশিখা দত্ত (গুৱাহাটী),দ্বিতীয় পুৰস্কাৰ ‘মহাবাহু ব্ৰহ্মপুত্ৰ (ৰাহুল কলিতা, মাজুলী),তৃতীয় পুৰস্কাৰ গধূলি বকুলৰ সুবাসে (দীনেশ ডেকা, বশিষ্ঠ),প্রবন্ধ-ৰ প্ৰথম পুৰস্কাৰ ‘ব্যক্তি কৃষ্টি আৰু সমাজ’ (ডাঃ মহেশ ডেকা, দৰং)দ্বিতীয় পুৰস্কাৰ চিন্তা বিচিত্রা (অলকা বুজৰ বৰুৱা (টিহু),তৃতীয় পুৰস্কাৰ (যুটীয়া) লুইতৰ ইপাৰ সিপাৰ অনিল ডেকা,সাহিত্য সংস্কৃতিৰ সুবাস (ৰুণু দেৱী গুৱাহাটী)ক ,কবিতাৰ পাণ্ডুলিপিৰ প্ৰথম পুৰস্কাৰ যুদ্ধৰ শেষত (মনালিছা শইকীয়া,বোকাখাত), দ্বিতীয় পুৰস্কাৰ স্বপ্নদ্রষ্টাৰ দিনলিপি (হৰেণ চন্দ্র কলিতা (নগাঁও) তৃতীয় পুৰস্কাৰ লাজে ঢকা জোন (ৰেণুমাই সন্দিকৈ,ধেমাজি) ক প্ৰদান কৰা হয়। এই অনুষ্ঠানতে কেইবাখনো গ্ৰন্থ উন্মোচন কৰাৰ লগতে বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *