• Sun. Nov 9th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

মৰোৱাৰী হাস্পতালৰ ষ্টেট অৱ আৰ্ট ডায়েবেটিক চেণ্টাৰৰ উদ্বোধন

ByNaba Barta

Jul 24, 2025
Spread the love

নৱবার্তা ‘গুৱাহাটী : গুৱাহাটীৰ আঠগাঁৱস্থিত মাৰোৱাৰী চিকিৎসালয়ত বৃহস্পতিবাৰে ষ্টেট অৱ আৰ্ট ডায়েবেটিক চেণ্টাৰৰ উদ্বোধন কৰা হয়। কেন্দ্ৰটো উদ্বোধন কৰে
ইণ্ডিয়া ৰেগুলেটৰী এফেয়াৰ্ছ, কৰ্পৰেট ৰিলেচনছ এণ্ড চি এছ আৰ, ছান ফাৰ্মাচিউটিকেল ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ উপ-সভাপতি ডাঃ আজাদাৰ খানে। তেওঁ ভাষণত কয়- চিকিৎসালয়খনত ছুপাৰ স্পেচিয়েলিটি সেৱা উপলব্ধ হোৱাৰ লগে লগে অদূৰ ভৱিষ্যতে চিকিৎসালয়খন অধিক আৰু অধিক অগ্ৰগতি লাভ কৰিব। চিকিৎসালয়খনত প্ৰৱৰ্তিত ষ্টেট অৱ আৰ্ট ডায়েবেটিছ চেণ্টাৰে বৰ্তমান সময়ত এক সাধাৰণ ৰোগত পৰিণত হোৱা ডায়েবেটিছ ৰোগীসকলক সহায় কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।অনুষ্ঠানত মাৰোৱাৰী হাস্পতালৰ সভাপতি শৰৎ জৈন, সাধাৰণ সম্পাদক কিশোৰ ছাবু, মাৰোৱাৰী হাস্পতালৰ চিকিৎসা সেৱাৰ সঞ্চালক ডাঃ জে পি শৰ্মা, চিকিৎসালয়ৰ অধীক্ষক ৰোহিত উপাধায় গুৱাহাটী প্লাণ্ট ছান ফাৰ্মাচিউটিকেল ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ আন এজন বিষয়া অভিনাশ চৌহান আৰু কৰ্ম সমিতিৰ অন্যান্য সদস্যসকল উপস্থিত থাকে।উল্লেখযোগ্য যে ডায়েবেটিছ চেণ্টাৰত থকা সকলো মেচিন আৰু সঁজুলি ছান ফাৰ্মাৰ চি এছ আৰ পদক্ষেপ ছান ফাৰ্মাৰ দ্বাৰা দান কৰা হৈছে।ডায়েবেটিছ চেণ্টাৰত এই আধুনিক সা-সুবিধা আৰু মেচিন উপলব্ধ হোৱাৰ লগে লগে মহানগৰস্থিত চিকিৎসালয়খন, মাৰোৱাৰী হাস্পতালসমূহে মানৱতাৰ প্ৰতি সমৰ্পণ আৰু সেৱাৰ দিশত এখোজ আগুৱাই গৈছে আৰু ‘ডায়েবেটিছ’ নামৰ ৰোগৰ মোকাবিলাত এই সুবিধাসমূহ আৰু সুবিধাসমূহ লাভ কৰিবলৈ সকলো মানুহে আগবাঢ়ি আহিব লাগে।

Leave a Reply

Your email address will not be published. Required fields are marked *