• Mon. Sep 22nd, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

মিছা অভিযোগৰ বিৰুদ্ধে প্রতিবাদ – মৃত্যুঞ্জয় ১০৮ এমাৰজেঞ্চী সেৱা, অসমৰ

ByNaba Barta

Jul 9, 2025
Oplus_131072
Spread the love

অপপ্রচাৰত বিভ্রান্ত নহবলৈ ৰাইজক অনুৰোধ

অপপ্রচাৰত লিপ্ত যিকোনো ব্যক্তি আৰু সংগঠনৰ বিৰুদ্ধে অতি শীঘ্ৰে যথোচিত আইনী ব্যবস্থা গ্রহণ কৰিব কৰ্তৃপক্ষই

নৱবার্তা গুৱাহাটী:মৃত্যুঞ্জয় ১০৮ ইমাৰজেন্সি এম্বুলেঞ্চ সেৱাৰ বিৰুদ্ধে কিছুমান সংগঠনে ছপা, বৈদ্যুতিন আৰু ছ’চিয়েল মিডিয়াৰ জৰিয়তে বিভ্রান্তিকৰ আৰু ভিত্তিহীন অভিযোগ উত্থাপন কৰিছে। এই অভিযোগ সম্পূৰ্ণ ভিত্তিহীন বুলি অভিহিত কৰে ১০৮ ইমাৰজেন্সি এম্বুলেঞ্চ সেৱা কৰ্তৃপক্ষই। বুধবাৰে গুৱাহাটীৰ লখৰাস্থিত ১০৮ ইমাৰজেন্সি এম্বুলেঞ্চ সেৱাৰ কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদ মেলত ১০৮ ইমাৰজেন্সি এম্বুলেঞ্চ সেৱাৰ মানৱ সম্পদৰ মুৰব্বীৰ সিদ্ধাৰ্থ লস্কৰে কয়-এই ধৰণৰ অপ প্রচাৰে এটা অত্যন্ত গুৰুত্বপূর্ণ জন সেৱা প্রদানকাৰী সেৱাৰ মান নিম্নগামী কৰাৰ চেষ্টা কৰা দেখা গৈছে। আমাৰ স্পষ্ট বক্তব্য – এই সকলো অভিযোগ মিছা, ভুৱা আৰু উদ্দেশ্য প্রণোদিত। মৃত্যুঞ্জয় ১০৮ এম্বুলেঞ্জ সেৱা বিগত ১৫ বছৰৰ অধিক কাল ধৰি অসমৰ জনতাৰ বাবে ২৪ ঘন্টা নিম্ন খৰচ, নির্ভৰযোগ্য আৰু গুৰুত্বপূর্ণ জৰুৰীকালীন সেৱা আগবঢ়াই আহিছে।
আমাৰ অৱস্থাপন সমূহ হৈছে ই এম টি আৰু পাইলতৰ বেতন অন-লাইন পদ্ধিতিৰে নিয়মীয়াকৈ দি থকা হৈছে। মুখ চিনাক্তকৰণ আৰু জিঅ’ ফেন্সিং ব্যৱস্থা ব্যবহৃত হয়।
টেণ্ডাৰ উলংঘন অভিযোগ সন্দৰ্ভত আমি ক’ব বিচাৰো যে গাড়ীৰ ৰক্ষণাবেক্ষণ
আৰু অপাৰেশ্যন সম্পূর্ণ ডিজিটেলাইজড এছ ভি এছ প্লেটফৰ্মৰ জড়িয়তে হয়। সকলো তথ্য এন এইছ এম আৰু স্বাস্থ্য বিভাগক নিয়মিত দিয়া হয়। নিযুক্তিৰ অনিয়ম সন্দৰ্ভত আমি ক’ব বিচাৰো যে নিমুক্তি প্রক্রিয়া স্বচ্ছ আৰু লিখিত নিয়ম পদ্ধতি অনুসৰি চলে। প্রশিক্ষণৰ বাবে লোক্ ডিমাণ্ড ড্রাফ্ ট প্রশিক্ষণৰ খৰচৰ বাবে লোৱা হয়।এয়াৰ কণ্ডিচন সমস্যা সন্দৰ্ভত :- ২৫৫ টা বি এছ-ভি আই গাড়ীত পূর্ণ কার্যক্ষম এ চি আছে। পুৰণি গাড়ী বিলাকৰ সলনি প্রস্তাব চৰকালৈ আগবঢ়োরা হৈছে।
ঔষধ। উপকম্পৰ ঘাটনি:- অনলাইন মনিটৰিং-আৰু মাহিলী অডিটৰ জৰিমতে নিয়মীয়া পর্যবেক্ষণ কৰা হয় আৰু দৰকাৰ অনুসৰি যোগান ধৰা হয়। আপত্তিজনক মন্তব্যৰ অভিযোগ সন্দৰ্ভত আমি ক’ব বিচাৰো যে- আপত্তিজনক মন্তব্য কৰাটো সম্পূর্ণ মিছা উদ্দেশ্য প্রণোদিক আৰু ন্যস্ত স্বার্থ জড়িত প্রমাণবিহীন এক অপ প্ৰচাৰ। মৃত্যুঞ্জয় ১০৮ এম্বুলেঞ্চ সেৱা অসমৰ জনতাৰ বাবে এক জীৱন ৰক্ষা কৰোৱা সেৱা। এই সেৱা এন এইছ এম আৰু অসম চৰকাৰৰ দ্বাৰা কৰা স্বচ্ছ টেণ্ডাৰৰ জড়িয়তে আমাক দায়ীত্ব দিছে আৰু আমি নির্ধাৰিত বাজেটৰ ভিতৰত এই সেৱা আগবঢ়াইছো। ইয়াত কোনো ধৰণৰ ৰাজহ অপব্যয় হোৱা নাই।আমি জনসাধাৰণ, সংবাদমাধ্যম আৰু সকলো পক্ষক🎂 এই অপপ্রচাৰত বিভ্রান্ত নহবলৈ অনুৰোধ জনাইছো। অপপ্রচাৰত লিপ্ত যিকোনো ব্যক্তি আৰু সংগঠনৰ বিৰুদ্ধে আমি অতি শীঘ্ৰে যথোচিত আইনী ব্যবস্থা গ্রহণ কৰিম।’ সংবাদ মেলত
১০৮ ইমাৰজেন্সি এম্বুলেঞ্চ সেৱাৰ কোৱালিটী মুৰব্বী
মানস ৰঞ্জন বৰঠাকুৰ উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *