নৱবার্তা গুৱাহাটী, : মিছন ফাউণ্ডেচনৰউদ্যোগত আৰু গুৱাহাটীবাসী
ৰাইজৰ সহযোগত অহা ৭ নৱেম্বৰত পাঞ্জাবাৰীস্থিত শিল্পগ্রামৰ প্ৰেক্ষাগৃহত দিনযোৰা কাৰ্যসূচীৰে শ্ৰীকৃষ্ণৰ ৰাসলীলা মহোৎসৱৰ আয়োজন কৰা হৈছে। আজি শিল্পগ্রামত তদুপলক্ষে আয়োজিত এক ৰাজহুৱা সভাত প্ৰথম বার্ষিক কেন্দ্ৰীয় ৰাসলীলা মহোৎসৱ সন্দৰ্ভত বিশদভাবে আলোচনা কৰাৰ লগতে এখন পৰিচালনা সমিতি গঠন কৰা হয়। এম ডি ফাউণ্ডেচনৰ অধ্যক্ষ মাধৱ দাসৰ উপস্থিতিত অনুষ্ঠিত ৰাজহুৱা সভাত অঞ্চলটোৰ শতাধিক লোকে অংশগ্ৰহণ কৰি ফাউণ্ডেচনৰ এই প্ৰচেষ্টাৰ শলাগ লয়। এই অনুষ্ঠানত স্থানীয় বিধায়ক অতুল বৰাক মুখ্য উপদেষ্টা, বিশিষ্ট অভিনেতা ভবেশ দাস, প্ৰণৱ বৰঠাকুৰক উপদেষ্টা, প্রসন্ন গগৈক সভাপতি, যাদু সম্রাট বিক্রম তালুকদাৰক কাৰ্যকৰী সভাপতি, হেমলতা গগৈ চেতিয়া আৰু হেমন্ত হিৰ’ক যুটীয়া সম্পাদক হিচাপে লৈ এখন ২১ জনীয়া পৰিচালনা সমিতি গঠন কৰা হয়।
মিছন ডেভেলপমেন্ট ফাউণ্ডেচনৰ উদ্যোগত গুৱাহাটীবাসী ৰাইজৰ সহাৰি শিল্পগ্ৰামত শ্ৰীকৃষ্ণৰ ৰাসলীলা মহোৎসৱ
