গুৱাহাটীত বিৰলা ফাৰ্টিলিটি এণ্ড আই ভি এফৰ বৰ্ষপূৰ্তি উপলক্ষে সম্বৰ্ধনা অনুষ্ঠান
নৱবার্তা গুৱাহাটী : সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰোগীসকলৰ বাবে সুলভ, উচ্চ মানৰ ফাৰ্টিলিটি কেয়াৰৰ এক শক্তিশালী ট্ৰেক ৰেকৰ্ড গঢ়ি দুবছৰ সম্পূৰ্ণ কৰিলে বিৰলা ফাৰ্টিলিটি এণ্ড আই ভি এফৰ গুৱাহাটী কেন্দ্ৰই৷ ৩ বিলিয়ন মাৰ্কিন ডলাৰৰ চি কে বিৰলা গ্ৰুপৰ অংশ আৰু ভাৰতৰ তৃতীয় বৃহৎ আই ভি এফ শৃংখল বিৰলা ফাৰ্টিলিটি এণ্ড আই ভি এফৰ এই কেন্দ্ৰটোৱে উন্নত ক্লিনিকেল চিকিৎসাৰ সৈতে সম্প্ৰদায়ৰ প্ৰসাৰ আৰু শিক্ষাৰ সংমিশ্ৰণ ঘটাই অঞ্চলটোত প্ৰজনন সেৱাৰ বাবে এক নতুন মাপকাঠী স্থাপন কৰিছে৷
দেওবাৰে বৰ্ষপূৰ্তি উপলক্ষে গুৱাহাটী কেন্দ্ৰত আয়োজিত এটা সম্বৰ্ধনা অনুষ্ঠানত কেন্দ্ৰটোত চিকিৎসা কৰি সুফল লাভ কৰা পৰিয়ালসমূহে নিজৰ ব্যক্তিগত কাহিনীৰ লগতে চিকিৎসা সম্পূৰ্ণ কৰি পিতৃ-মাতৃ হোৱাৰ গৌৰৱ অৰ্জনৰ সময়ৰ অনুভৱ ব্যক্ত কৰিছে৷ তেঁওলোকক উদ্যোক্তাসকলে বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়।
এই অনুষ্ঠানটোৱে কেন্দ্ৰটোৱে বিগত দুবছৰত সহায়ৰ হাত আগবঢ়োৱা বহু পৰিয়ালৰ মাজত থকা শক্তিশালী সংযোগক প্ৰতিফলিত কৰে৷ উল্লেখ্য, ভাৰতৰ প্ৰায় ১০-১৫ শতাংশ দম্পতীৰ জীৱনত বন্ধ্যাত্বই প্ৰভাৱ পেলোৱাৰ ফলত উত্তৰ-পূৰ্বাঞ্চলত সুলভ তথা উন্নত ফাৰ্টিলিটিত সেৱাৰ প্ৰয়োজনীয়তা বৃদ্ধি পাইছে৷
৷এই সন্দৰ্ভত প্ৰতিষ্ঠানটোৰ মুখ্য কাৰ্যবাহী বিষয়া অভিশেষ আগৰৱালাই কয়– ‘সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ সৈতে ইয়াৰ সংযোগৰ প্ৰতি লক্ষ্য ৰাখি দেশজুৰি ফাৰ্টিলিটি কেয়াৰক অধিক সুলভ কৰি তোলাৰ ক্ষেত্ৰত গুৱাহাটীৰ এই কেন্দ্ৰটো আমাৰ বাবে সদায়ে এক কেন্দ্ৰবিন্দু হৈ আহিছে৷ যোৱা দুবছৰত কেন্দ্ৰটোৱে আই ভি এফ চিকিৎসাৰ ক্ষেত্ৰত বিশেষজ্ঞতা আগবঢ়োৱাৰ লগতে পি চি অ’ এছকে ধৰি অন্যান্য ক্ষেত্ৰতো বিশেষ সেৱা আগবঢ়োৱাত সফল হৈছে৷ অনুষ্ঠানত বিৰলা ফাৰ্টিলিটি এণ্ড আই ভি এফৰ গুৱাহাটী কেন্দ্ৰৰ মূৰব্বী, বিশিষ্ট চিকিৎসক ডাঃ কল্পনা জৈন উপস্থিত থাকে।

