• Thu. Mar 12th, 2026

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত দেশৰ প্ৰথমটো এমবেডেড স্মাৰ্ট টায়াৰ মুকলি জে কে টায়াৰৰ~ টায়াৰৰ সুৰক্ষা আৰু কাৰ্যক্ষমতা বৃদ্ধিৰ বাবে বুদ্ধিদীপ্ত প্ৰযুক্তিৰ প্ৰয়োগ ~

ByNaba Barta

Mar 12, 2026
Oplus_131072
Spread the love

নৱবার্তা গুৱাহাটী:: প্ৰযুক্তিচালিত যাতায়ত ব্যৱস্থাক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে টায়াৰ প্ৰযুক্তি আৰু উদ্ভাৱনৰ ক্ষেত্ৰত অগ্ৰণী প্ৰতিষ্ঠান জে কে টায়াৰ এণ্ড ইণ্ডাষ্ট্ৰীজ লিমিটেডে গুৱাহাটীত যাত্ৰীবাহী বাহনৰ বাবে মুকলি কৰিছে ভাৰতৰ প্ৰথমটো এমবেডেড স্মাৰ্ট টায়াৰ। উত্তৰ-পূব ভাৰতৰ দ্ৰুতগতিত বৃদ্ধি পোৱা অটোম’বাইল বজাৰখনত বুদ্ধিদীপ্ত টায়াৰ প্ৰযুক্তিৰ পৰিচয় কৰাই দিয়াৰ দিশত এই পদক্ষেপ এক গুৰুত্বপূৰ্ণ সংযোজন হিচাপে বিবেচিত হৈছে।

টায়াৰৰ গাঁথনিৰ ভিতৰতে পোনপটীয়াকৈ স্থাপন কৰা বিশেষ চেন্সৰৰ সহায়ত নিৰ্মিত এই অভিনৱ টায়াৰসমূহে বায়ুৰ চাপ, উষ্ণতা আৰু বায়ু নিৰ্গমনৰ দৰে গুৰুত্বপূৰ্ণ দিশসমূহৰ ওপৰত অহৰহ নজৰ ৰাখিবলৈ সক্ষম। এই প্ৰযুক্তিয়ে চালকক তাৎক্ষণিকভাৱে আগতীয়া সংকেত আৰু তথ্য যোগান ধৰে, যাৰ ফলত তেওঁলোকে সজাগ হৈ যান-বাহনৰ সুৰক্ষা নিশ্চিত কৰাৰ লগতে টায়াৰৰ কাৰ্যক্ষমতা আৰু সামগ্ৰিক পৰিচালনা দক্ষতাও বৃদ্ধি কৰিব পাৰে।

মন কৰিবলগীয়া যে, মধ্যপ্ৰদেশৰ বানমোৰত অৱস্থিত জে কে টায়াৰৰ উন্নত কাৰখানাত সম্পূৰ্ণ স্বদেশী প্ৰযুক্তিৰে নিৰ্মাণ কৰা হৈছে এই পৰৱৰ্তী প্ৰজন্মৰ এমবেডেড স্মাৰ্ট টায়াৰ। আধুনিক যাতায়তৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি কানেক্টেড মবিলিটী ছলিউচনৰ দিশত এয়া কোম্পানীটোৰ এক শেহতীয়া পদক্ষেপ।

এই মুকলি অনুষ্ঠানত ভাষণ প্ৰদান কৰি জে কে টায়াৰ এণ্ড ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ চেলছ এণ্ড মাৰ্কেটিং সঞ্চালক শ্ৰীনিভাসু আল্লাফানে কয়, “উত্তৰ-পূব ভাৰত সদায় জে কে টায়াৰৰ বাবে এক অত্যন্ত বিশেষ অঞ্চল। মটৰ স্পৰ্টছৰ সৈতে আমাৰ থকা দীৰ্ঘদিনীয়া সংযোগে ইয়াৰ বাহন প্ৰেমী আৰু গ্ৰাহকসকলৰ সৈতে এক শক্তিশালী সম্পৰ্ক গঢ়াত সহায় কৰিছে। আনহাতে আমাৰ ব্যৱসায়ৰ বাবেও এই অঞ্চলটো এক গুৰুত্বপূৰ্ণ বজাৰ হিচাপে আত্মপ্ৰকাশ কৰিছে। ইয়াতেই আমাৰ এমবেডেড স্মাৰ্ট টায়াৰৰ মুকলি কৰাটো জে কে টায়াৰৰ উদ্ভাৱনী যাত্ৰাৰ এক উল্লেখনীয় মাইলৰ খুঁটি। আমাৰ শক্তিশালী গৱেষণা আৰু বিকাশ (আৰএণ্ডডি) তথা উৎপাদন ক্ষমতাৰ দ্বাৰা সমৃদ্ধ এই প্ৰযুক্তিয়ে টায়াৰৰ সৈতে পোনপটীয়াকৈ বুদ্ধিমত্তা সংলগ্ন কৰিছে, যাৰ ফলত যাতায়ত ব্যৱস্থা অধিক স্মাৰ্ট আৰু সুৰক্ষিত হৈ পৰিব। উত্তৰ-পূৰ্বাঞ্চলত এই নতুন প্ৰযুক্তিৰ পৰিচয় কৰাই দিয়াটোৱে কানেক্টেড মবিলিটীক আগুৱাই নিয়াৰ প্ৰতি আমাৰ থকা দায়বদ্ধতা আৰু ভাৰতৰ পৰিবহণ ক্ষেত্ৰত এই অঞ্চলটোৰ ক্ৰমবৰ্ধমান ভূমিকাৰ প্ৰতি আমাৰ বিশ্বাসকে প্ৰতিফলিত কৰিছে।”

অঞ্চলটোৰ এক শক্তিশালী বিতৰণ ব্যৱস্থা আৰু গ্ৰাহকৰ সৈতে থকা নিবিড় সম্পৰ্কৰ ওপৰত ভিত্তি কৰি জে কে টায়াৰে উত্তৰ-পূৰ্বাঞ্চলত নিজৰ প্ৰসাৰ বৃদ্ধি কৰাৰ লগতে গ্ৰাহকৰ বাবে উন্নত যাতায়তৰ সমাধানসমূহ অধিক সহজলভ্য কৰি তুলিছে। যাত্ৰীবাহী বাহনৰ বাবে উপযোগী এই এমবেডেড স্মাৰ্ট টায়াৰসমূহ ১৪ ৰ পৰা ১৭ ইঞ্চি পৰ্যন্ত বিভিন্ন জোখত উপলব্ধ হ’ব আৰু জে কে টায়াৰৰ ডীলাৰ নেটৱৰ্কৰ জৰিয়তে ৰিপ্লেচমেন্ট মাৰ্কেটত গ্ৰাহকে ইয়াক ক্ৰয় কৰিব পাৰিব।

উল্লেখ্য যে, ভাৰতত টায়াৰ উদ্ভাৱনৰ ক্ষেত্ৰত জে কে টায়াৰ সদায় অগ্ৰণী স্থানত আছে। দেশত ৰেডিয়েল টায়াৰ প্ৰযুক্তিৰ পৰিচয় দিয়াৰ পৰা আৰম্ভ কৰি বুদ্ধিদীপ্ত টায়াৰৰ সমাধান প্ৰস্তুত কৰালৈকে, কোম্পানীটোৱে উন্নত ইঞ্জিনিয়াৰিং, গৱেষণা আৰু বহনক্ষম উৎপাদনৰ ক্ষেত্ৰত নিৰন্তৰ বিনিয়োগ কৰি আহিছে। ভৱিষ্যতৰ যাতায়ত ব্যৱস্থাক এক নতুন মাত্ৰা প্ৰদান কৰাৰ লক্ষ্যৰেই এই পদক্ষেপ গ্ৰহণ কৰিছে প্ৰতিষ্ঠানটোৱে।

Leave a Reply

Your email address will not be published. Required fields are marked *