নৱবার্তা গুৱাহাটী: সদৌ অসম ভাওনা সম্মিলন গুৱাহাটী মহানগৰ আৰু শ্ৰীমন্ত ফাউণ্ডেচনৰ যুটীয়া উদ্যোগত আৰু বৃহত্তৰ উজান বজাৰ ভাওনা শিল্পী সমাজৰ সহযোগত শনিবাৰে এক বিশেষ সম্বর্ধনা অনুষ্ঠন অনুষ্ঠিত হয়। গুৱাহাটীৰ উজানজাৰস্থিত কুমাৰ ভাস্কৰ নাট্য মন্দিৰত বিয়লি অনুষ্ঠিত এই সম্বর্ধনা সভাত ছট্টিশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ লগতে পদ্ম ভূষণ সন্মানেৰে সদ্যবিভূষিত যতীন্দ্রনাথ গোস্বামীক
বিশেষভাবে সম্বৰ্ধনা জনোৱা হয়। এই অনুষ্ঠানত পদ্মশ্রী সন্মানেৰে সদ্যবিভূষিত ৰেৱকান্ত মহন্ত, অনিল কুমাৰ বড়ো, গীতা উপাধ্যায় আৰু জয়নাচৰণ বাথাৰীক বিশেষভাৱে সম্বর্ধনা জনোৱাৰ কথা আছিল হযদিও বিশেষ অসুবিধাবশত কেইবাজনো সম্বৰ্ধনা প্ৰাপক অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিলে ।
সম্বৰ্ধনা প্ৰাপক সকলক
শৰাই, গামোচা, চেলেং, মানপত্ৰ আদি দিয়া হয়।
উল্লেখ্য, ভাষণত
উজান বজাৰৰ মহিলা সকলৰ দ্বাৰা তথা বৃহত্তৰ উজানবজাৰ শিল্পী সমাজৰ দ্বাৰা পৰিবেশিত ভাওনা চট্টিশগড়লৈ লৈ যোৱা হ’ব বুলি ভাষণত ছট্টিশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাই
উল্লেখ কৰে।
অনুষ্ঠানত শ্রীমন্ত ফাউণ্ডেচনৰ ন্যাসৰক্ষী ঘনকান্ত বৰা বৰবায়ন, সদৌ অসম ভাওনা সম্মিলন গুৱাহাটী মহানগৰৰ সভাপতি জয়ন্ত কুমাৰ ডেকা,
বৃহত্তৰ উজানবজাৰ শিল্পী সমাজৰ সভাপতি কৈশাল শৰ্মা,
সাধাৰণ সম্পাদিকা বন্দনা বৰঠাকুৰ প্ৰমুখ্যে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উল্লেখ্য, এই অনুষ্ঠানত সত্ৰীয়ানৃত্য পৰিবেশন কৰে নিষ্ঠা বৰ্মনে।
ভাওনা শিল্পী সমাজৰ বিশেষ সম্বর্ধনা অনুষ্ঠান
