• Sun. Nov 9th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

ব্যতিক্ৰমৰ জয়ন্ত হাজৰিকাৰ ৪৮তম মৃত্যুবার্ষিকী সোঁৱৰণী অনুষ্ঠানৰ সফল সমাপ্তি

ByNaba Barta

Oct 15, 2025
Spread the love

এই বৰ্ষৰ জয়ন্ত হাজৰিকাৰ সোঁৱৰণী বঁটা প্ৰদান কৰা হ’ল আন্তঃৰাষ্ট্ৰীয় লোক শিল্পী পখিলা লেকথেপি-ক

নৱবার্তা গুৱাহাটী:জয়ন্ত হাজৰিকা অসমীয়া সংগীতৰ ইতিহাসৰ এক চিৰসেউজ নাম। সময়ৰ সীমা অতিক্ৰম কৰি এতিয়াও আৱেগৰ ধাৰা কঢ়িয়াই অনা অনন্য শিল্পীগৰাকীৰ ৪৮তম মৃত্যু বার্ষিকী উপলক্ষে অসমৰ আগশাৰীৰ সংস্থা ব্যতিক্ৰম আৰু সুৰ বাহিনীৰ উদ্যোগত এক সশ্রদ্ধ স্মৰণ দিনৰ উদযাপন কৰিলে বুধবাৰে গুৱাহাটীৰ মাছখোৱাস্থিত প্রাগজ্যোতিষ আই টি এ প্রেক্ষাগৃহত। এই অনুষ্ঠানৰ উদ্দেশ্য আছিল জয়ন্ত হাজৰিকাৰ অমৰ সংগীত সৃষ্টি আৰু সাংস্কৃতিক অৱদানৰ প্রতি গভীৰ শ্রদ্ধাঞ্জলি জনোৱা, আৰু সেই সুৰৰ উত্তৰাধিকাৰ নতুন প্ৰজন্মৰ হৃদয়লৈ প্রেৰণ কৰা।গীত মাতৰে আৰম্ভ হোৱা এই দিনটোত প্রথমে এগচি বস্তি প্রজ্জ্বলন লগতে দুইগৰাকী মহান শিল্পী জয়ন্ত হাজৰিকা আৰু জুবিন গাৰ্গৰ প্রতিচ্ছবি ত একেলগে সকলো গুণমুগ্ধৰ পুষ্প নিবেদন কৰে। বিশিষ্ট অতিথি হিচাপে উপস্থিত আছিল জয়ন্ত হাজৰিকাৰ পত্নী তথা বিশিষ্ট সংগীত শিল্পী মনিষা হাজৰিকা, গুৱাহাটীস্থ বাংলাদেশৰ সহকাৰী উচ্চাযুক্ত জিকৰুল হাছান ফাহাদ, সমাজকর্মী শংকৰ লাল গোরেংকা, লায়ন্স ক্লাব অৱ গুৱাহাটী ব্যতিক্রম তথা ব্যতিক্রম গ্ৰুপৰ সভাপতি সৌমেন ভাৰতীয়া আদি।
প্রতি বছৰৰ দৰে এই বর্ষৰটো সংগীত শিল্পী পখিলা লেকথেপি ‘জয়ন্ত হাজৰিকা ব্যতিক্রম জীবনজোড়া সাধনা বঁটা ২০২৫’ বঁটাৰে সন্মানিত কৰা হয়। পাখিলা লেকথেপি পাঁচ দশকৰো অধিক সময় ধৰি কাৰ্বি সংস্কৃতি আৰু সংগীতক মঞ্চৰ তীব্র বেৰিটন কন্ঠ আৰু সুন্দৰ সংগীত দক্ষতাত মেধাবী বাবে তেওঁৰ হাতত তুলি দিয়া হ’ল এই বঁটা।বঁটা গ্রহণ কৰি পখিলা লেখঠেপি কয় “মই এই মহান সন্মান ‘জয়ন্ত হাজৰিকা ব্যতিক্রম জীৱনজোড়া সাধনা বঁটা’ গ্রহণ কৰি ধন্য হৈছোঁ। ৰানাদাৰ গীতে মন স্পর্শ কৰে আৰু জীৱনলৈ নতুন প্রেৰণা যোগাই। এই সম্মান মই উৎসর্গ কৰিছো সেই সকলো শিল্পীসকলক, যিয়ে নিজৰ মাটিৰ সুৰক জিয়াই ৰাখিবলৈ চেষ্টা আহিছে। তেনে এজন শিল্পী আমাৰ মৰমৰ জুবিন গাৰ্গ সেয়ে মই এই সুযোগত আমাৰ প্ৰজন্মৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গকো গভীৰ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰিছো। তেওঁৰ অকাল মৃত্যু আমাৰ মনত এক গভীৰ শূন্যতা সৃষ্টি কৰিছে, কিন্তু তেওঁৰ সুৰ আৰু প্ৰতিভা সদায় আমাক অনুপ্রাণিত কৰিব।”দৰদী শিল্পী গৰকিৰ পত্নী তথা সংগীতশিল্পী মনিষা হাজৰিকা জনাই যে, “মোৰ স্বামী জয়ন্ত হাজৰিকা যি সংগীত চর্চা কৰিছিল সেই চর্চাক মই আগবঢ়াই লৈ যোৱা মোৰ এটা প্রয়াস য’ত মোক সহায় কৰিছে ব্যতিক্রমে। তেওঁৰ স্মৃতিকে সাবটি মই ‘সুৰবাহিনী’ক জীয়াই ৰাখি সাংগীতিৰ যাত্রা অব্যাহত ৰাখিছো। তৰুণ প্রজন্মৰ মাজলৈ সংগীত শুদ্ধ আৰু নিখুঁত ভাবে লৈয় যাবলৈ মই দ্বায়বদ্ধ।”

ড° সৌমেন ভাৰতীয়ায়ে গভীৰ আবেগৰে কয় “জয়ন্ত হাজৰিকা কেরল এজন শিল্পী নহয়, তেওঁ অসমীয়া সংগীতৰ আত্মা। তেওঁৰ সুৰত সময় থমকি থাকে, আৰু সেই সুৰত আজিও আমি নতুনত্বৰ সোঁত অনুভৱ কৰোঁ। এনে মহৎ শিল্পীসকল এক যুগতে জন্ম লয় ঠিক তেনে দৰে এই প্ৰজন্মৰ প্ৰাণৰ শিল্পী জুবিন

গাৰ্গৰ অকাল মৃত্যুরে আমাৰ হৃদয়ত গভীৰ আঘাত দিছে। প্রজন্ম প্রজন্মই এনে প্রতিভাৰ সন্ধান পোৱা কঠিন। গতিকে, এই মঞ্চ সেই হেৰাই যোৱা সুৰবোৰক পুনৰ জীৱন্ত কৰি তোলাৰ লগতে, তেওঁলোকৰ অনন্ত সৃষ্টিশীল আত্মাক স্মৰণ কৰাৰ এক পবিত্র অনুষ্ঠান হ’ব।”
গীতে মাতে ৰোমন্থন হোৱা এই অনুষ্ঠানটিত অংশগ্ৰহণ কৰিছিল অসমৰ ন- পুৰণি বহু কেইগৰাকী কণ্ঠশিল্পীয়ে। কবুল কলিতা, মিতালী কলিতা, প্রসান্ত ৰাজখোৱা, সংস্কৃতা মালাকাৰ, স্পন্দন চক্রবর্তী, পাৰবীন হুছেইন, আৰু ৰঞ্জিত শর্মা দবদি শিল্পী গৰাকী সংগীত পৰিৱেশনৰে দৰ্শকক আপ্লুত কৰে। নৃত্য প্রদর্শনৰে দৰ্শনৰ মোহিত কৰে চম্পা চক্রৱতীৰ নেতৃত্বত ছাত্র-ছাত্রীয়ে। জয়ন্ত হাজৰিকাৰ প্ৰতিচ্ছবি লাইভআর্ট কৰে মানস তালুকদাৰ, মৌচুমী বৰঠাকুৰ, কুকিমা কলিতা, ফৰনাজ ইছলাম।অনুষ্ঠানত সহযোগিতা আগবঢ়াই নুমলীগড় শোধনাগাৰ লিমিটেড (এনআৰএল), গুৱাহাটী বাংলাদেশৰ সহকাৰী উচ্চাযুক্ত, আৰু লায়ন্স ক্লাব অফ গুৱাহাটীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *