নৱবার্তা গুৱাহাটী: জয়শ্রী পাৱাৰলে গুৱাহাটীত পৰিবেশ অনুকূল শেহতীয়া চিপিচিবিআইভি +
ইমিছন ষ্টেণ্ডার্ড কম্পাইয়েন্ট ৰেঞ্জৰ ডিজেল জেনেৰেটৰ চেট মুকলি কৰাৰ কথা বৃহস্পতিবাৰে গুৱাহাটীত অনুষ্ঠিত এখন সংবাদ মেলত ঘোষণা কৰিছে। অসম চি পি চি বি আই ভি+ জেনছেট মুকলি কৰে মহিন্দ্ৰা পাৱাৰলৰ ব্যৱসায়িক মুৰব্বী সঞ্জয় জৈন, মহিন্দ্রা এণ্ড মহিন্দ্রা লিমিটেডৰ আঞ্চলিক বিক্ৰী পৰিচালক সুসন্তা দাস, উত্তৰ-পূব, মহিন্দ্রা এণ্ড মহিন্দ্ৰা লিমিটেডৰ এলেকা বিক্ৰী পৰিচালক সৌবিন দাস, জয়শ্রী পাৱাৰলৰ পৰিচালন অংশীদাৰ শ্যাম আগৰৱাল্লা আৰু মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা লিমিটেডৰ কর্তৃত্বপ্রাপ্ত ডিলাৰ পি এল বাগ্রী এন্ড কোম্পানীৰ পৰিচালন সঞ্চালক বিমল কুমাৰ বাগ্ৰীযে।
অনুষ্ঠানত ভাষণ দি মহিন্দ্ৰা পাৱাৰলৰ ব্যৱসায়িক মুৰব্বী সঞ্জয় জৈনে কয় যে মহিন্দ্রা গ্ৰুপে পৰিৱেশ সংৰক্ষণ আৰু উন্নতিৰ দীৰ্ঘম্যাদী প্রতিশ্রুতি ৰাখিছে। চিপিচিবিআইভি+ জেনচেট প্ৰৱৰ্তনৰ লগে লগে মহিন্দ্রাই স্বচ্ছ প্রযুক্তি আকোৱালি লোৱা আৰু বহনক্ষম শক্তিৰ ভৱিষ্যতত অৰিহণা যোগোৱাৰ ক্ষেত্ৰত নিজৰ দায়বদ্ধতা প্ৰদৰ্শন কৰে।নতুন চিপিচিবিআইভি+ প্ৰযুক্তিৰ সহায়ত এতিয়া মহিন্দ্ৰা পাৱাৰল ডিজি চেট অধিক নিৰ্ভৰযোগ্য, ইন্ধন দক্ষ, আৰু ডিজাইনত কমপেক্ট হৈ পৰিছে। এই জেনছেটসমূহ ৫ কেভিএৰ পৰা ৬৫০ কেভিএৰ ভিতৰত উপলব্ধ। ইতিমধ্যে কোম্পানীটোৱে নতুন ছিৰিজৰ জেনেৰেটৰৰ উৎপাদন আৰম্ভ কৰিছে আৰু ইতিমধ্যে ভাৰতৰ বিভিন্ন প্ৰান্তত শ শ ইউনিট সফলতাৰে চলি আছে।
পৰিৱেশ অনুকূল নতুন চিপিচিবিআইভি+ইমিছন ষ্টেণ্ডার্ড কম্পাইয়েন্ট ৰেঞ্জৰ ডিজেল জেনেৰেটৰ মুকলি
