• Mon. Sep 22nd, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

পুৱ-গুৱাহাটী বিহু সন্মিলনৰ লাইখুঁটা স্থাপন

ByNaba Barta

Apr 1, 2025
Spread the love

নৱবার্তা গুৱাহাটী : অসমৰ ঐতিহ্যমণ্ডিত পূব-গুৱাহাটী বিহু সম্মিলনৰ ৬৪ সংখ্যক সমাৰোহৰ লাইখুঁটা স্থাপন কার্য্সূচী দেওবাৰে গুৱাহাটীৰ চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত অনুষ্ঠিত হয়। পূব-গুৱাহাটী বিহু সম্মিলনৰ উপদেষ্টা তথা আজীৱন সদস্যা পাৰুল দেৱীয়ে লাইখুঁটা স্থাপন কৰি ৬৪ সংখ্যক সমাৰোহখনিৰ শুভাৰম্ভ কৰি বিহুখনৰ সফলতা কামনা কৰে। এই উপলক্ষে ৬৪ সংখ্যক সমাৰোহৰ সভাপতি বিপুল তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত সভাখন আঁতধৰে
সাধাৰণ সম্পাদক সীমান্ত ঠাকুৰীয়াই। সভাত সমাৰোহৰ উপদেষ্টা সঞ্জীৱ কুমাৰ লহকৰ, কাৰ্যকৰী সভাপতি
নৱ কুমাৰ মজুমদাৰ, পল্লৱ বৰা, উপ-সভাপতি প্ৰমোদ চন্দ্ৰ মেধি, কবিতা ভূঞা,যুটীয়া সম্পাদক গোবিন্দ শৰ্মা, মুকুট বৈশ্য, কোষাধ‍্যক্ষ এ এইছ মোজা দ্দেদ আলি,
পূব-গুৱাহাটী বিহু সন্মিলনৰ সমূহ পৃষ্ঠপোষকমণ্ডলী, প্রধান উপদেষ্টামণ্ডলী তথা উপদেষ্টামণ্ডলী, বিষয়ববীয়া, কার্যনির্বাহক সদস্য, আজীৱন তথা সাধাৰণ সদস্যৰ লগতে বহু সংখ্যক শুভাকাংক্ষী ৰাইজক উপস্থিত থাকে। উল্লেখ‍্য,
পূব-গুৱাহাটী বিহু সন্মিলনৰ উদ্যোগত পহিলা এপ্ৰিলৰ পৰা বিহু কৰ্মশালা অনুষ্ঠিত হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *