• Mon. Sep 22nd, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

নীট ইউ জি ২০২৫: উৎকৰ্ষ অৱধিয়া (সৰ্বভাৰতীয় স্থান-২), কৃষাংগ যোশী (সৰ্বভাৰতীয় স্থান- ৩), অবিকা আগৰৱাল (সৰ্বভাৰতীয় স্থান-৫), হৰ্ষ কেদাৱত (সৰ্বভাৰতীয় স্থান-৯), আৰভ আগৰৱাল (সৰ্বভাৰতীয় স্থান-১০), আকাশ এডুকেশ্যনেল চাৰ্ভিছেচ লিমিটেড (এ ই এছ এল)ৰ ৩৩ গৰাকী ছাত্ৰ-ছাত্ৰীৰো উত্তৰ-পূব ভাৰতৰ পৰা শীৰ্ষ কৃতিত্ব অৰ্জনৰ তালিকাত স্থান লাভ

ByNaba Barta

Jun 17, 2025
Spread the love

নৱবার্তা গুৱাহাটী:: চলিত বৰ্ষত অনুষ্ঠিত হোৱা নীট ইউ জি ২০২৫ পৰীক্ষাত উত্তৰ-পূৰ্বাঞ্চলৰ পৰা উল্লেখযোগ্য সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছে আকাশ এডুকেশ্যনেল চাৰ্ভিচেছ লিমিটেডে। ভাৰতৰ শীৰ্ষ পৰীক্ষা প্ৰস্তুতি প্ৰতিষ্ঠান হিচাপে পৰিচিত আকাশ ইনষ্টিটিউটে গৌৰৱেৰে ঘোষণা কৰিছে যে তেওঁলোকৰ উত্তৰ পূৰ্বাঞ্চল শাখাৰ ৩৩ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে নীট পৰীক্ষাত শীৰ্ষস্থান দখল কৰিছে। এই ব্যতিক্ৰমী প্ৰদৰ্শন ছাত্ৰ-ছাত্ৰীসকলৰ নিষ্ঠা, শৈক্ষিক অনুশাসন আৰু আকাশ ইনষ্টিটিউটে প্ৰদান কৰা বিশ্বমানৰ প্ৰশিক্ষণ তথা মাৰ্গদৰ্শনৰ প্ৰমাণ। আজি ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই আনুষ্ঠানিকভাৱে ঘোষণা কৰে পৰীক্ষাৰ ফলাফল।

শীৰ্ষস্থানীয় ছাত্ৰ-ছাত্ৰীৰ তালিকাত আছে উৎকৰ্ষ অৱধিয়া (সৰ্বভাৰতীয় স্থান-২), কৃষাংগ যোশী (সৰ্বভাৰতীয় স্থান-৩), অবিকা আগৰৱাল (সৰ্বভাৰতীয় স্থান-৫), হৰ্ষ কেদাৱট (সৰ্বভাৰতীয় স্থান-৯) আৰু আৰভ আগৰৱাল (সৰ্বভাৰতীয় স্থান-১০)। উত্তৰ-পূব ভাৰতৰ শাখাসমূহেও এইবাৰ নীট ২০২৫-ত উন্নত প্ৰদৰ্শন আগবঢ়ায়। অসমৰ বৈষ্ণৱী দেৱগনে সৰ্বভাৰতীয় পৰ্যায়ত ১০৩৯ নং স্থান লাভ কৰাৰ বিপৰীতে নেইনা আগৰৱালাই সৰ্বভাৰতীয় স্থান ১১২৯ লাভ কৰে। ইয়াৰ সমান্তৰালভাৱে তাৰিং য়াজেৰ, মায়ংক বুঢ়াগোহাঁই আৰু আন ২৯ গৰাকী ছাত্ৰ-ছাত্ৰীয়েও আকাশ ইনষ্টিটিউটৰ পৰা শীৰ্ষ সাফল্য অৰ্জন কৰি প্ৰতিষ্ঠানখনৰ সুনাম বৃদ্ধি কৰে। লক্ষ্যণীয়ভাৱে, এই উল্লেখযোগ্য কৃতিত্ব কেৱল এক ফলাফল নহয়, এয়া হৈছে আকাশ ইনষ্টিটিউটৰ সামঞ্জস্যপূৰ্ণ উৎকৃষ্টতাৰ প্ৰমাণ। শিক্ষাৰ্থীসকলৰ নিষ্ঠা আৰু অধ্যৱসায়ৰ লগতে প্ৰতিষ্ঠানখনৰ অভিজ্ঞ শিক্ষকৰ দিশগত পাঠদান পদ্ধতি আৰু গঠনমূলক পাঠ্যক্ৰমৰ প্ৰকৃত প্ৰতিফলন এই ফলাফল। এই ফলাফলসমূহে উত্তৰ-পূবৰ কেন্দ্ৰীভূত, শিক্ষাৰ্থী-কেন্দ্ৰিক পাঠদানৰ সুনাম আৰু অবিৰত সফলতাক পুনৰবাৰ উজ্জ্বল কৰি তুলিছে।

উল্লেখ্য যে, নীটৰ দৰে কঠিন আৰু প্ৰতিযোগিতামূলক চিকিৎসা প্ৰৱেশ পৰীক্ষাৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা শ্ৰেণীকোঠাভিত্তিক কাৰ্যসূচীত নামভৰ্তি কৰা হৈছিল এই ছাত্ৰ-ছাত্ৰীসকলক। তেওঁলোকে কয় যে আকাশ ইনষ্টিটিউটৰ শক্তিশালী শৈক্ষিক ভেঁটি, স্পষ্ট ধাৰণা, নিয়মিত আৰু অনুশাসিত অধ্যয়ন অনুশীলন তেওঁলোকৰ সফলতাৰ চাবিকাঠি।

ছাত্ৰ-ছাত্ৰীসকলে কয়, “এই যাত্ৰাত আকাশ ইনষ্টিটিউটে আমাক যিদৰে বাট দেখুৱাইছে তাৰ বাবে আমি চিৰকৃতজ্ঞ। এটা সুসংগঠিত পাঠ্যক্ৰম, দক্ষ পাঠদান, আৰু ব্যক্তিগত মেণ্টৰিঙৰ সহায়ত আমি কম সময়ৰ ভিতৰতে জটিল বিষয়বোৰো আয়ত্ত কৰিবলৈ সক্ষম হৈছিলোঁ। আকাশ ইনষ্টিটিউটৰ অবিহনে এই সফলতা সম্ভৱ নহ’লহেঁতেন।”

আকাশ ইনষ্টিটিউটৰ আঞ্চলিক সঞ্চালক অজয় বাহাদুৰ সিঙে কয়, “নীট ইউ জি ২০২৫-ত আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ উল্লেখযোগ্য সাফল্যৰ বাবে আমি অত্যন্ত গৌৰৱান্বিত। সমগ্ৰ দেশৰ ২৩ লাখতকৈও অধিক পৰীক্ষাৰ্থী অৱতীৰ্ণ হোৱা এনে এক কঠিন পৰীক্ষাত এই ফলাফল সাধাৰণ কথা নহয়। ই কেৱল ছাত্ৰ-ছাত্ৰীসকলৰ কঠোৰ পৰিশ্ৰম আৰু অধ্যৱসায়েই নহয়, তেওঁলোকৰ পিতৃ-মাতৃৰ সমৰ্থন আৰু আমাৰ শৈক্ষিক দলৰ দায়বদ্ধতাও প্ৰতিফলিত কৰে। আমি তেওঁলোকৰ ভৱিষ্যত চিকিৎসা কেৰিয়াৰত অধিক সফলতা কামনা কৰিছোঁ।’’

মন কৰিবলগীয়া যে, নীট হৈছে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ দ্বাৰা অনুষ্ঠিত হোৱা বাৰ্ষিক পৰীক্ষা। এই পৰীক্ষা মূলতঃ সেইসকল ছাত্ৰ-ছাত্ৰীৰ বাবে, যিসকলে ভাৰতৰ চৰকাৰী আৰু ব্যক্তিগত প্ৰতিষ্ঠানত এম বি বি এছ, বি ডি এছ আৰু আয়ুস (বি এ এম এছ, বি ইউ এম এছ, বি এইচ এম এছ ইত্যাদি) পাঠ্যক্ৰমত স্নাতক অধ্যয়ন কৰিব বিচাৰে। তদুপৰি বহিঃৰাজ্যত চিকিৎসা বিজ্ঞানৰ মৌলিক পাঠ্যক্ৰম গ্ৰহণ কৰিব বিচৰাসকলৰ বাবেও এই পৰীক্ষাৰ ফলাফল বাধ্যতামূলক।

Leave a Reply

Your email address will not be published. Required fields are marked *