নৱবার্তা গুৱাহাটী: নতুন অসমীয়া চলচ্চিত্ৰ
‘হোমৱ’ৰ্ক’ মুক্তিৰ দিন সলনি
কৰা হৈছে। ১২ ছেপ্টেম্বৰৰ পৰিৱৰ্তে ২৬ ছেপ্টেম্বৰত মুক্তি লাভ কৰিব ছবিখনে। শনিবাৰে দিছপুৰ প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সংবাদ মেলত এইকথা সদৰী কৰে ছবিখনৰ পৰিচালক অচিন্ত শংকৰে। তেওঁ লগতে কয়- ‘হোমৱৰ্ক’ ৰ ইতিমধ্যে চেঞ্চৰ হৈ গৈছে। অসমীয়া ভাষাৰ লগতে হিন্দীত ডাব কৰা ছবিখন ১২ ছেপ্তেম্বৰত অসমৰ লগতে সমগ্ৰ ভাৰতৰ চিনেমা গৃহত মুক্তি দিয়াৰ পূৰ্বে প্রিমিয়াৰৰ দিন পৰ্য্যন্ত ঠিক কৰি আগবঢ়া হৈছিল। বেচিভাগ স্কুলৰ ছয়মাহিলী পৰীক্ষা চলিব এই সময়ত। হোমর’র্ক চাবলৈ আগ্রহী ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকে আমাৰ লগত যোগাযোগ কৰিছিল। ছবিখনৰ মুক্তিৰ দিনটো পুনৰ বিবেচনাৰ প্ৰয়োজন। যিহেতু আমাৰ ছবিখনৰ মুখ্য বিষয় বস্তু ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক দিশৰ লগত জড়িত। ছাত্ৰ-ছাত্ৰীৰ লগতে পৰীক্ষাৰ সময়ত পঢ়া শুনাৰ লগত চিনেমা চোৱাৰ বাবে অধিকাংশ অভিভাৱকে এটা চাপত পৰিছিল। ছাত্ৰ-ছাত্ৰীৰ মৰমৰ দাবী, অভিভাৱকৰ অনুৰোধ আৰু শিক্ষাগুৰুসকলৰ পৰামৰ্শক শিৰোগত কৰি আমাৰ হোমৱ’ৰ্ক পৰিয়ালে এক আলোচনাত মিলিত হৈ মুক্তিৰ দিন পুণৰ নিৰ্ধাৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলো। সেয়েহে পূৰ্বৰ ১২ ছেপ্তেম্বৰৰ পৰিৱৰ্তে ২৬ ছেপ্তেম্বৰত হোমৱ’ৰ্ক মুক্তি দিয়া হ’ব।’
উল্লেখ্য, ছবিখনত বহুত নতুন পুৰণি শিল্পীয়ে অভিনয় কৰিছে। দেবজিৎ মজুমদাৰ, হিৰণ্য ডেকা, দেবজিত হাজৰিকা, পদ্মৰাগ গোস্বামী, চিন্ময় চক্ৰৱৰ্তী, ৰিম্পী দাস, গায়ত্রী মহন্ত, শিশু শিল্পী সূর্যাংগ জিউ মাৰ্ঘেৰিটা, বৃত্তান্ত নয়ন কাশ্যপ, অলংকৃতা পদ্মৰাগ গোস্বামী আদি শিল্পীৰ অভিনয় সমৃদ্ধ হোমৱৰ্কৰ কাহিনী আৰু পৰিচালনা অচিন্ত শংকৰৰ। সংগীত জুবিন গাৰ্গ আৰু অৰূপজ্যোতি বৰুৱা। ইতিমধ্যেই জুবিন গাৰ্গৰ যন্ত্ৰ শীৰ্ষক গীতৰ লগতে কিতাপৰ বোজা শীৰ্ষক গীতৰ ভিডিঅ মুক্তি দিয়া হৈছে। ৰাইজে আদৰি লৈছে।আউট ৰীচ এদভাৰটাইজিং প্রাইভেট লিমিটেডৰ বেনাৰত নিৰ্মাণ কৰা হোৱা চিনেমাখনৰ চিত্ৰনাট্য-সংলাপ হিমাংশু নাথৰ। চিত্ৰগ্ৰহণ ৰূপমজ্যোতিশইকীয়াৰ। সম্পাদনাত ৰিতু ৰঞ্জন হাতীমূৰীয়াৰ,শব্দ সজ্জাত দেবজিত গায়ন, কালাৰ গ্ৰেডিং ৰাজেশ যাদৱৰ, সংগীত পৰাণ বৰকটকীৰ।
সংবাদ মেলত বিশিষ্ট অভিনেতা দেবজিৎ মজুমদাৰ,
অভিনেত্ৰী ৰিম্পী দাস আদি উপস্থিত থাকে।
নতুন অসমীয়া চলচ্চিত্ৰ’হোমৱ’ৰ্ক’ মুক্তিৰ দিন সলনি
