• Mon. Sep 22nd, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

দেওবাৰে পূর্ণ চন্দ্রগ্রহণ

ByNaba Barta

Sep 6, 2025
Spread the love

নৱবার্তা গুৱাহাটী : – কাইলে নিশা হ’বলগীয়া পূর্ণ
চন্দ্রগ্রহণ ইউৰোপ
অষ্ট্ৰেলিয়া আৰু আফ্রিকাকে ধৰি এছিয়া মহাদেশৰ অন্যান্য অঞ্চলৰ লগতে সমগ্ৰ ভাৰতবৰ্ষৰ পৰাও দৃশ্যমান হ’ব। অসম তথা উত্তৰ-পূর্বাঞ্চলৰ পৰাও দৃশ্যমান হ’বলগীয়া এই চন্দ্রগ্রহণৰ আংশিক গ্রহণ আৰম্ভ হ’ব ৭ ছেপ্তেম্বৰৰ নিশা ৯:৫৭ বজাত যিয়ে পূর্ণগ্রহণৰ ৰূপ পাব ৭ ছেপ্তেম্বৰৰ নিশা ১১:০০ বজাত আৰু এই পূর্ণ চন্দ্রগ্রহণ ৮ ছেপ্তেম্বৰ নিশা ১২:২২ বজালৈ বর্তি থাকিব। এই চন্দ্রগ্রহণৰ আংশিক ৰূপৰ পৰিসমাপ্তি ঘটিব ৮ ছেপ্তেম্বৰৰ নিশা ১:২৬ বজাত। পূর্ণ চন্দ্রগ্রহণৰ সর্বমূঠ পর্য্যায় হ’ব প্রায় ১ ঘন্টা ২২ মিনিট।এই পূর্ণ চন্দ্রগ্রহণ এটা সম্পূর্ণ প্রাকৃতিক পৰিঘটনা, যিটো নীৰিক্ষণৰ বাবে সমগ্র বিশ্বৰ বিজ্ঞানীসকলে অধীৰ আগ্রহেৰে বাট চাই আছে। গ্রহণৰ সময়ত পৃথিবীৰ বায়ুমণ্ডলৰ মাজেষে একমাত্র ৰঙা পোহৰখিনিহে প্রতিসৰিত হৈ চন্দ্রপৃষ্ঠত পৰে আৰু অন্যান্য ৰশ্মিসমূহ বিচ্ছুৰিত হৈ অন্য দিশলৈ গতি কৰে বাবে চন্দ্রপৃষ্ঠভাগ তাম বৰণীয়া ৰঙচুৱা হোৱা যেন দেখা যায়। সূর্যগ্রহণৰ বিপৰীতে চন্দ্রগ্রহণৰ পৰিঘটনা খালী চকুৰেই নীৰিক্ষণ কৰাটো সম্পূর্ণ নিৰাপদ হয় বুলি গুৱাহাটী প্লেনেটৰিয়ামৰ জ্যোতিৰ্বিজ্ঞানী
বাবুল চন্দ্ৰ বৰাই জানিবলৈ দিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *