• Mon. Sep 22nd, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

দূৰদৰ্শী শল্য চিকিৎসক ডাঃ অনামিকা নাথ আৰু ডাঃ প্ৰণামী দাসক স্বাগতম টিআৰচিৰ: গুৱাহাটীত চকুৰ যত্নলৈ আনিছে নৱযুগ

ByNaba Barta

Sep 3, 2024
Spread the love

নৱবাৰ্তা গুৱাহাটী :দ্য ৰেটিনা চেণ্টাৰ(টিআৰচি)-এ দুগৰাকী বিশিষ্ট শল্য চিকিৎসক ডাঃ অনামিকা নাথ আৰু ডাঃ প্ৰণামী দাসৰ যোগদানৰ লগে লগে চকুৰ যত্নৰ উৎকৰ্ষতাৰ ক্ষেত্ৰত এক নতুন অধ্যায়ৰ আৰম্ভণি কৰিছে। দুয়োগৰাকী অভিজ্ঞ চিকিৎসকৰ সংযোজনে টিআৰচিৰ বাবে এক গুৰুত্বপূৰ্ণ মুহূৰ্ত হিচাপে চিহ্নিত হৈছে, যিয়ে গুৱাহাটীত বিশ্ব মানদণ্ডৰ চকুৰ চিকিৎসাৰ প্ৰতি নিজৰ দায়বদ্ধতা আকৌ এবাৰ প্ৰমাণ কৰিলে।
ভিট্ৰিঅ’ ৰেটিনাৰ অস্ত্ৰোপচাৰত নিজৰ দক্ষতাক সঠিকভাৱে প্ৰয়োগ কৰি ৰোগীৰ জীৱনলৈ অভূতপূৰ্ব পৰিৱৰ্তন আনিবলৈ সাজু হৈছে ডাঃ অনামিকা নাথে, চিকিত্সক অনামিকা নাথ হৈছে আঞ্চলিক চকু বিজ্ঞান প্ৰতিষ্ঠানৰ চকুবিজ্ঞান বিষয়ত এমএছ আৰু অৰবিন্দ চকু চিকিৎসালয়ৰ ফেলোশ্বিপপ্ৰাপক। উত্তৰ-পূৰ্বাঞ্চলৰ ভিআৰ অস্ত্ৰোপচাৰৰ ক্ষেত্ৰখনৰ অগ্ৰদূত ডাঃ এছ ইউ আহমেদৰ সৈতে নাথৰ সহযোগিতাই টিআৰচিত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আনিব বুলি আশা কৰা হৈছে। ডাঃ অনামিকা নাথে নিদানিক দায়িত্বৰ বাহিৰেও ৰামকৃষ্ণ মিছনৰ সৈতে জনহিতকৰ কামত জড়িত হৈ আহিছে, ইয়াৰ অংশ ৰূপে দেওবাৰে আৰ্তজনক বিনামূলীয়া পৰামৰ্শ আগবঢ়ায়। ডাঃ অনামিকা নাথৰ ছয় মহীয়া যাত্ৰাৰ বিষয়ে নিজৰ অভিমত ব্যক্ত কৰি কয় যে, “ডাঃ আহমেদৰ সৈতে একেলগে কাম কৰিবলৈ যথেষ্ট আশাবাদী। মই ইতিমধ্যে শিকা আৰু অৱদান আগবঢ়োৱা চকু ক্ষেত্ৰখনত সৰ্বোচ্চ উজাৰি ৰোগীৰ আৰোগ্যৰ বাবে সেৱা অব্যাহত ৰাখিবলৈ উৎসাহিত।”
অসম চিকিৎসা মহাবিদ্যালয়ৰ ফেকো চাৰ্জন ডাঃ প্ৰণামী দাসেও টিআৰচিত যোগদান কৰিছে, ডাঃ প্ৰণামী দাসৰ দক্ষতা-অভিজ্ঞতাই পিছপৰা বা চিকিত্সাৰ বাবে প্ৰয়োজনীয় লোকসকলৰ চকুৰ পৰীক্ষা শিবিৰত যথেষ্ট উপকৃত কৰিব। ৩ মহীয়া কাৰ্যকালত টিআৰচিত শিক্ষণ দিশটোক আৱেগেৰে আকোৱালি লৈ সুবিধা বিচৰা লোকসকললৈ নিজৰ অৱদান যোগোৱাৰ লক্ষ্য ৰাখিছে। চিকিত্সকগৰাকীয়ে সুষম খাদ্য বজাই ৰখা, চকুত চাপ হ্ৰাস কৰা আৰু অনুকূল স্বাস্থ্যৰ বাবে নিয়মিত চকু পৰীক্ষা কৰাৰ বিভিন্ন ইতিবাচক পৰামৰ্শ প্ৰদান কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *