• Mon. Sep 22nd, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

ড০ দয়ানন্দ শ্বাহৰ প্ৰৱন্ধ সংকলন ‘লুইতৰ সোঁতত অসমীয়াৰ যাত্ৰা’ উন্মোচন

ByNaba Barta

Jun 8, 2025
Spread the love

নৱবাৰ্তা গুৱাহাটী, : সমাজকৰ্মী আৰু লেখক ড০ দয়ানন্দ শ্বাহৰ প্ৰথমখন প্ৰৱন্ধ সংকলন ‘লুইতৰ সোঁতত অসমীয়াৰ যাত্ৰা’ আজি গুৱাহাটী প্ৰেছ ক্লাবত আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। গ্ৰন্থখন উন্মোচন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, পদ্মশ্ৰী ড০ সূৰ্যকান্ত হাজৰিকাই। উন্মোচনত তেওঁক সহায় কৰে কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভানেত্ৰী সবিতা দেৱী, অসম সত্ৰ মহাসভাৰ সভাপতি বৈকুণ্ঠ প্ৰসাদ গোস্বামী, জ্যেষ্ঠ সাংবাদিক ৰক্তাভ জ্যোতি বৰাই। গ্ৰন্থখন উন্মোচন কৰি ড০ সূৰ্যকান্ত হাজৰিকাই কয় যে ‘লুইতৰ সোঁতত অসমীয়াৰ যাত্ৰা’ শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰি আনন্দ অনুভৱ কৰিছোঁ। কিয়নো গ্ৰন্থখনৰ নামটোৱে ভাল লগা। লুইতক লৈ বহুজনে বহুভাৱে নিজৰ ভাৱধাৰা প্ৰকাশ কৰিছে। ড০ দয়ানন্দ শ্বাহেও লুইতক লৈ তেওঁৰ প্ৰৱন্ধ সংকলনত নিজৰ ভাবধাৰা প্ৰকাশ কৰিছে। সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাই লুইতক লৈও বহু কথা কৈ গৈছে। আজিৰ লেখকেও তেওঁৰ গ্ৰন্থত লুইতক লৈও বহু প্ৰেৰণাদায়ক কথা লিখিছে। যাৰ দ্বাৰা পঢ়ুৱৈ সমাজ উপকৃত হ’ব। সকলো পঢ়ুৱৈ সমাজক গ্ৰন্থখন পঢ়িবলৈ আহ্বান জনায়। লগতে লেখকগৰাকীৰ পৰা আগন্তুক সময়চোৱা এনে ধৰণৰ গ্ৰন্থ লাভ কৰিব পাম বুলি আশা প্ৰকাশ কৰে। গ্ৰন্থখনৰ লেখক ড০ দয়ানন্দ শ্বাহে প্ৰৱন্ধ সংকলনখনৰ সন্দৰ্ভত কয় যে জীৱন আগবাঢ়িলৈ ডাঙৰ লক্ষ্য হ’ব লাগে। জীৱনত অনুশাসন মানি চলিব লাগে। এনেধৰণৰ বিষয়ৰ ওপৰত প্ৰবন্ধ সংকলনখন লিখি উলিওৱা হৈছে। ভবিষ্যতে এনেদৰে লিখি যাম বুলি প্ৰকাশ কৰে। গ্ৰন্থ উন্মোচনী সভাখন বন্তি প্ৰজ্বলনৰে আৰম্ভ হয়। য’ত ৰাষ্ট্ৰপতি বঁটা প্ৰাপক ড০ আৰতি কলিতাই বন্তি প্ৰজ্বলন কৰে। ইয়াৰ পিছত ডাঃ কৰবী গোস্বামীয়ে এটি বৰগীত পৰিবেশন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *