• Sun. Nov 9th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

ট্ৰাকৰ খুন্দাত গুৰুতৰভাৱে আহত পিংকুমণিক ১৮টা অস্ত্ৰোপচাৰেৰে পুনৰ জীৱন দান অমৃতা হাস্পতালৰ

ByNaba Barta

Aug 12, 2025
Spread the love

গুৱাহাটীত বিশেষজ্ঞ চিকিৎসকৰ সংবাদ মেল

নৱবার্তা গুৱাহাটী:চিকিৎসাৰ ক্ষেত্ৰত সঠিক দল আৰু প্ৰস্তুতিৰ দ্বাৰা অতি প্ৰত্যাহ্বানজনক পৰিস্থিতিতো সফল হ’ব পাৰি আৰু ইয়াৰে এক উদাহৰণ দাঙি ধৰিছে ফৰিদাবাদৰ অমৃতা হাস্পতালে। চলিত বৰ্ষৰ আৰম্ভণিতে এক ভয়াৱহ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত গুৱাহাটীৰ পিংকুমণি তালুকদাৰে চিকিৎসালয়খনৰ উন্নত চিকিৎসাৰ বাবেই আজি মৃত্যুমুখৰ পৰা উভতি আহিবলৈ সক্ষম হৈছে।
মঙলবাৰে গুৱাহাটীত অনুষ্ঠিত এখন সংবাদ মেলত এইকথা সদৰী কৰে
ডাঃ শিখা গুপ্তাই। তেওঁ লগতে কয়- যোৱা ২০ জানুৱাৰীত গুৱাহাটীৰ ৩৩ বছৰীয়া পিংকুমণি তালুকদাৰে স্বামীৰ সৈতে স্কুটিৰে গৈ থকা অৱস্থাত এখন তীব্ৰবেগী ট্ৰাকে তেওঁলোকক খুন্দা মৰাত স্কুটিৰ পৰা উফৰি পৰা পিংকুমণিক কেইবা মিটাৰলৈ চোচৰাই নিয়াৰ ফলত তেওঁৰ সোঁ ভৰি, নিতম্ব আৰু পেৰিনেল অংশ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। দুৰ্ঘটনা ইমানেই ভয়াবহ আছিল যে পিংকুমণিৰ ছাল, পেশী আৰু কোমল টিছ্যুৰ বৃহৎ অংশ ফাটি গৈছিল, যাৰ ফলত তাই চেপ্চিছ আৰু জীৱনলৈ ভাবুকি কঢ়িয়াই অনা পৰিস্থিতিৰ সন্মুখীন হৈছিল।
ততালিকে গুৱাহাটীৰ এখন চিকিৎসালয়ত প্ৰাৰম্ভিক চিকিৎসাৰ পিচত চিকিৎসকে শীঘ্ৰেই উন্নত চিকিৎসাৰ পৰামৰ্শ দিয়াত তাইক বিমানেৰে দিল্লীলৈ লৈ যোৱা হৈছিল। কিন্তু আচৰিতভাৱে বিচনাৰ অভাৱ বা তাইৰ অৱস্থাৰ জটিলতাৰ বাবে কেইবাখনো আগশাৰীৰ চিকিৎসালয়ে চিকিৎসা প্ৰদানৰ পৰা বিৰত থকাত অৱশেষত দিল্লীৰ এখন চিকিৎসালয়ৰ এগৰাকী নাৰ্চৰ পৰামৰ্শ অনুসৰি ২৫ জানুৱাৰীৰ সন্ধিয়া ফৰিদাবাদৰ অমৃতা হাস্পতাললৈ পিংকুমণিক লৈ যোৱা হয়।
বন্ধৰ দিন হোৱা স্বত্বেও প্লাষ্টিক এণ্ড ৰিকনষ্ট্ৰাকটিভ ছাৰ্জাৰী বিভাগৰ জ্যেষ্ঠ পৰামৰ্শদাতা ডাঃ শিখা গুপ্তাই তৎক্ষণাত পিংকুৰ পৰিস্থিতিৰ বুজ লয়। ডাঃ শিখাই কয়, “তাইৰ অৱস্থা ইমানেই সংকটজনক আছিল যে আমি ৰৈ থাকিব নোৱাৰিলোঁ। ২৬ জানুৱাৰীত আমি জৰুৰীকালীন ডিব্ৰাইডমেণ্ট আৰু চিকিৎসা প্ৰক্ৰিয়া আৰম্ভ কৰোঁ। আমাৰ মূল কথা আছিল সংক্ৰমণ নিয়ন্ত্ৰণ কৰা, ভৰিৰ কাৰ্য্যক্ষমতা ৰক্ষা কৰা, আৰু হেৰুওৱা টিছ্যু পুনৰ নিৰ্মাণ কৰা। এই সমগ্ৰ প্ৰক্ৰিয়াটো যথেষ্ট দীঘলীয়া আৰু প্ৰত্যাহ্বানজনক আছিল, কিন্তু আমি তাইৰ ভৰি আৰু জীৱন দুয়োটাই ৰক্ষা কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ আছিলো।”
জটিল ফ্লেপ পুনৰ্গঠনকে ধৰি মুঠ ১৮টা অস্ত্ৰোপচাৰৰ পিচত কেইবা সপ্তাহ ধৰি আই চি ইউত থকাৰ অন্তত চিকিৎসালয়ৰ পৰা ছুটী দিয়াৰ পূৰ্বেই খোজ কাঢ়িবলৈ আৰম্ভ কৰিছিল পিংকুমণিয়ে।
এতিয়া গুৱাহাটীলৈ ঘৰলৈ উভতি আহি পিংকুমণিয়ে সুন্দৰভাৱে চলা-ফুৰা কৰি আছে।’

Leave a Reply

Your email address will not be published. Required fields are marked *