• Sun. Nov 9th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

জিএনআৰচি হাস্পতালৰ দিছপুৰ শাখাত বটুলিনাম টক্সিন ক্লিনিক উদ্বোধন

ByNaba Barta

Aug 12, 2025
Spread the love

নৱবার্তা গুৱাহাটী : জিএনআৰচি গ্রুপ অব হাস্পতালৰ উদ্যোগত স্নায়ুৰোগৰ বিভিন্ন চিকিৎসাৰ বাবে আজি জিএনআৰচি দিছপুৰ শাখাত বটুলিনাম টক্সিন ক্লিনিক উদ্বোধন কৰা হয়। এই বটুলিনাম টক্সিন স্নায়ুৰ বিভিন্ন ৰোগৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হয়। জিএনআৰচি দিছপুৰ শাখাৰ জ্যেষ্ঠ স্নায়ুৰোগ বিশেষজ্ঞ ডাঃ নৱজ্যোতি বৰকটকীৰ নেতৃত্বত গঠিত বটুলিনাম টক্সিন ক্লিনিকৰ সহযোগীসকল হ’ল- স্নায়ুৰোগ বিশেষজ্ঞ ডাঃ ৰূপজ্যোতি দাস আৰু ডাঃ আলফবিদ ছাহিদ আলী। জিএনআৰ চি দিছপুৰৰ প্রেক্ষাগৃহত আয়োজিত এখন সংবাদ মেলখনত জিএনআৰ চি হাস্পটেলৰ কেইবাগৰাকীও উচ্চপদস্থ বিষয়া উপস্থিত থাকে। উল্লেখযোগ্য যে ক্লষ্টিডিয়াম বটুলিনাম বেক্টেৰিয়াৰ দ্বাৰা উৎপন্ন হোৱা এটা নিউৰ’ টক্সিক প্র’টিন হ’ল বটুলিনাম-টক্সিন। ইয়াৰ নিজস্ব ৰূপত ই আটাইতকৈ বিষাক্ত পদার্থসমূহৰ ভিতৰত অন্যতম যদিও নিয়ন্ত্রিত চিকিৎসাৰ মাত্রাত ই বিভিন্ন স্নায়ুজনিত সমস্যাৰ বাবে সমগ্র বিশ্বতে নিৰাপদ, ফলপ্রসূ আৰু বহুলভাবে ব্যৱহৃত। এই বটুলিনাম টক্সিনৰ ব্যৱহাৰ চিকিৎসা সেৱা ত বিভিন্ন ধৰণে কৰা হয়। ইয়াৰ ভিতৰত ষ্ট্ৰ’ক হোৱাৰ পিছত বা মূৰত আঘাত পোৱাৰ পিছত নিয়ন্ত্রণহীন মাংসপেশীৰ জঠৰতা আৰু স্পাজম নিয়ন্ত্রণ। ডিঙিৰ পেশীৰ সমস্যাসমূহৰ বাবে মূৰৰ অস্বাভাৱিক অৱস্থানৰ চিকিৎসা। দীঘলীয়া মাইগ্রেনৰ ক্ষেত্ৰত, চলন-ফুৰনৰ অসুবিধা দূৰীকৰণ আদি। বিশ্বজুৰি কাৰ্যকৰী হিচাপে পৰিচিত ‘বটুলিনাম টক্সিন’ অস্বাভাবিক মাংসপেশীৰ সংকোচন সৃষ্টি কৰা স্নায়ুৰ সংকেতসমূহক বাধা প্রদান কৰাৰ ফলত শৰীৰৰ বিষ, জঠৰতা আৰু অনিচ্ছাকৃত গতিৰ পৰা পৰিত্ৰাণ পাব পাৰি। সংবাদমেলখনত ডাঃ নৱজ্যোতি বৰকটকীয়ে জনায় যে স্নায়ুগত সমস্যাত ভোগা ৰোগীসকলৰ বাবে বটুলিনাম টক্সিনৰ চিকিৎসাসমূহ বৈজ্ঞানিকভাবে প্রমাণিত নিৰাপদ চিকিৎসা ব্যৱস্থা। বহু ৰোগীয়ে ইয়াৰ চিকিৎসা লাভ কৰি চলাচল আৰু সামগ্রিক জীৱনশৈলীৰ মান উন্নত কৰি এক আধামদায়ক জীৱন যাপন কৰিব পাৰে। এনে সুবিধাৰ দ্বাৰা সমাজৰ সকলো শ্ৰেণীৰ বাবে বিশ্বমানৰ যত্ন আৰু উন্নত চিকিৎসা প্রযুক্তিৰ প্রতি জিএনআৰচি হাস্পটেল গোটৰ দায়বদ্ধতা প্রতিফলিত হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *