• Sat. Jan 17th, 2026

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

ছাত্ৰীৰ বাবে আজিম প্ৰেমজী ফাউণ্ডেচনৰ জলপানি ঘোষণা

ByNaba Barta

Jan 9, 2026
Spread the love


দেশৰ ১৮ খন ৰাজ্য আৰু ১খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ ছাত্ৰী উপকৃত হ’ব
উত্তৰ-পূবৰ ৩০ হাজাৰ ছাত্ৰী উপকৃত হোৱাৰ সম্ভাৱনা
দ্বিতীয় ৰাউণ্ডৰ আবেদন প্ৰক্ৰিয়া ১০ জানুৱাৰীৰ পৰা ৩১ জানুৱাৰীলৈ খোলা থাকিব

নৱবার্তা গুৱাহাটী:: আজিম প্ৰেমজী ফাউণ্ডেচনে আজিম প্ৰেমজী জলপানি,২০২৫-২৬ বর্ষৰ দ্বিতীয় ৰাউণ্ডৰ আবেদন পত্ৰ মুকলিৰ ঘোষণা আগবঢ়াইছে ৷ আজি মহানগৰীত অনুষ্ঠিত হোৱা এক সংবাদ মেলত এই কথা আনুষ্ঠানিক ভাৱে ঘোষণা কৰা হয়। কলেজীয়া শিক্ষাগ্ৰহণত আর্থিক বাধাৰ সন্মুখীন হোৱা পিছপৰা শ্ৰেণী তথা দৰিদ্ৰ ছাত্ৰীক সহায়ৰ উদেশ্যে এই জলপানি মুকলি কৰা হৈছে ৷ এই পদক্ষেপে আজিম প্ৰেমজী ফাউণ্ডেচনৰ গুণগত আৰু সম শিক্ষাৰ প্ৰতিশ্ৰুতি ৰক্ষাৰ ধাৰাবাহিকতাক প্ৰতিফলিত কৰিছে ৷ ২০২৫-২৬ বর্ষৰ বাবে দুটা ৰাউণ্ডত আবেদন গ্ৰহণ কৰা হৈছে ৷ ইতিমধ্যে বিগত বর্ষৰ ছেপ্টেম্বৰত প্ৰথম ৰাউণ্ডৰ প্ৰক্ৰিয়া শেষ হৈছে৷ দ্বিতীয় ৰাউণ্ডৰ আবেদন প্ৰক্ৰিয়া ১০ জানুৱাৰীৰ পৰা ৩১ জানুৱাৰীলৈ খোলা থাকিব ৷ দেশৰ ১৮ খন ৰাজ্য আৰু ১ খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ যিকোনো চৰকাৰী বিদ্যালয়ৰ পৰা নিয়মীয়া শিক্ষার্থী হিচাপে দশম আৰু দ্বাদশ উর্ত্তীণ হব লাগিব ৷
দেশৰ যিকোনো এখন ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলৰ অর্ন্তগত চৰকাৰী মহাবিদ্যালয়-বিশ্ববিদ্যালয়ত ২০২৫-২৬ বর্ষত স্নাতক অথবা কোনো ডিপ্লমাত প্ৰথম বর্ষত নিয়মীয়া শিক্ষার্থী হিচাপে নাম ভর্তি কৰা ছাত্ৰী হব লাগিব ৷ স্নাতক বা ডিপ্লমাৰ সময়ত ছাত্ৰীগৰাকীৰ সফলতাৰ ধাৰাবাহিকতাৰ ভিত্তিত প্ৰতিবছৰে ৩০হাজাৰ টকাকৈ প্ৰদান কৰা হব ৷ এই জলপানীৰ বাবে স্নাতক বা ডিপ্লমাৰ প্ৰথম বর্ষত আবেদন কৰিব পাৰিব, যাৰ শিক্ষাবর্ষ ২,৩,৪ বা ৫ বছৰ হব পাৰে ৷ জলপানিৰ ধনৰাশি টিউচন মাচুল বা শিক্ষা সম্পূর্ণ কৰাৰ বাবে যিকোনো ব্যয়ত ব্যৱহাৰ কৰিব পাৰিব ৷ ২০২৫-২৬ বর্ষত এই জলপানি ১৮ খন ৰাজ্য আৰু ১খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ শিক্ষার্থীৰ বাবে উপলব্ধ হব ৷ ইয়াৰ ভিতৰত আছে অসম, অৰুণাচল প্ৰদেশ, বিহাৰ, চট্টীশগড়, ঝাৰখণ্ড, কর্নাটক, মধ্যপ্ৰদেশ, মণিপুৰ, মেঘালয়, মিজোৰাম ,নাগালেণ্ড, উৰিষ্যা, ৰাজস্থান, ছিকিম, তেলেংগনা, ত্ৰিপুৰা, উত্তৰপ্ৰদেশ, উত্তৰা খণ্ড আৰু পুডুচেৰী ৷ ২০২৫-২৬ বর্ষত আজিম প্ৰেমজী জলপানিয়ে দেশৰ ২.৫ লাখ পর্যন্ত ছাত্ৰীক সামৰি লব বুলি ঘোষণা কৰিছে আজিম প্ৰেম জী ফাউণ্ডেচনে ৷ এই জলপানিৰ বাবে আবেদনৰ সময়ত কোনো মাচুল পৰিশোধ কৰিব নালাগে ৷ আজিম প্ৰেমজী ফাউণ্ডেচনৰ https://azimpremjifoundation.org/what-we-do/education/azim-premji-scholarship/ এই ৱেবচাইটৰ স্কলাৰশ্বিপ পর্টেলত ইচ্ছুক ছাত্ৰীয়ে আবেদন কৰিব পাৰিব ৷ ২০২৪-২৫বর্ষত প্ৰথমবাৰলৈ মধ্যপ্ৰদেশৰ লগতে উত্তৰ প্ৰদেশ, ৰাজস্থান আৰু ঝাৰখণ্ডত আজিম প্ৰেম জী জলপানি মুকলি কৰা হৈছিল৷ সেই বর্ষত এই জলপানিৰ জৰিয়তে ২৫ হাজাৰতকৈ অধিক ছাত্ৰী উপকৃত হৈছিল ৷

Leave a Reply

Your email address will not be published. Required fields are marked *