• Sun. Nov 9th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

গুৱাহাটী লোক নিৰ্মাণ বিভাগৰ কাৰ্য্যালয় ঘেৰাও আছুৰ

ByNaba Barta

Aug 30, 2025
Spread the love

নৱবার্তা গুৱাহাটী:: সদৌ গুৱাহাটী ছাত্ৰ সন্থাই আজি গুৱাহাটীৰ চানমাৰিস্থিত লোক নিৰ্মাণ বিভাগৰ কাৰ্যালয়ত নুনমাটিৰ পৰা দীঘলীপুখুৰীলৈ ৰাজপথ পদপথৰ জৰাজীৰ্ণ অৱস্থাৰ প্ৰতিবাদত আৰু ৰাজপথ পদপথ মেৰামতি কৰাৰ দাবীত বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে৷ নুনমাটিৰ পৰা দীঘলীপুখুৰীলৈ পথচোৱাৰ অৱস্থা শোচনীয়, উৰণ সেতু নিৰ্মাণৰ অৱস্থাত মৰণফাণ্ডলৈ ৰূপান্তৰিত হোৱা দেখা গৈছে৷ গুৱাহাটী মহানগৰৰ জনসাধাৰণে এই পথচোৱাৰ নিৰাপদে অহা যোৱা কৰিব পৰাকৈ নিৰ্মাণ আৰু মেৰামতি কাম নকৰাটো লোক নিৰ্মাণ বিভাগৰ চৰম ব্যৰ্থতা আৰু দায়িত্ব হীনতাৰ চুড়ান্ত নমুনা৷ আজি লোক নিৰ্মাণ বিভাগৰ কাৰ্যালয়ত ছাত্ৰ সন্থাৰ প্ৰায় তিনি শতাধিক কৰ্মীয়ে অসম চৰকাৰ হায় হায়, লোক নিৰ্মান বিভাগ হায় হায়, মুখ্যমন্ত্ৰী হায় হায় আদি শ্লোগান দি লোক নিৰ্মাণ বিভাগৰ কাৰ্য্যালয় উত্তাল কৰি তোলে। লোক নিৰ্মাণ বিভাগৰ মুখ্য অভিযন্তাক স্মাৰক পত্ৰ প্ৰদান কৰি অতি শীঘ্ৰে বিধ্বস্ত ৰাষ্টা, পদপথ নিৰ্মাণ আৰু মেৰামতিৰ দাবী জনায়। সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সভাপতি কমল মহন্ত আৰু সাধাৰণ সম্পাদক প্ৰাঞ্জল ডেকাই এক প্ৰেছ বিবৃতিৰ জৰিয়তে কয় যে অতি শীঘ্ৰে ছাত্ৰ সন্থাৰ দাবী মানি নললে পুনৰ ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হব৷ আজিৰ বিক্ষোভ কাৰ্যসূচীত সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক জিতেন দাস, ৰূপম দাস, অলকেশ নাথ, সদৌ কামৰূপ মহানগৰ জিলাৰ সাধাৰণ সম্পাদক সমীৰণ কলিতা লগতে সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সমূহ বিষয়ববীয়া উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *