• Sun. Nov 9th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ উদ্যোগতআন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰৰ আয়োজন

ByNaba Barta

Aug 6, 2025
Spread the love


আলোচনাচক্ৰত অংশ গ্ৰহণ কৰিব কানাডা, ওমান, বাশ্বিংটনৰ প্ৰতিনিধিয়ে


নৱবার্তা গুৱাহাটী :– গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ উদ্যোগত আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ এলামনাই এছ’চিয়েছনৰ সহযোগত
“Sustainable Business Transformations: Innovations, Policies and Inclusive Practices for Viksit Bharat @2047” শীৰ্ষক বিষয়টোক লৈ অহা ১১ আৰু ১২ আগষ্টত এখন আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰৰ আয়োজন কৰা হৈছে । এই সন্দৰ্ভত আজি গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত এখন সংবাদ মেলত ভাগ লৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ মুৰব্বী অধ্যাপক তথা আলোচনা চক্ৰৰ সভাপতি অধ্যাপক প্ৰশান্ত শৰ্মাই কয় যে এই আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰৰ লক্ষ্য হৈছে ব্যৱসায়িক পদ্ধতিত বহনক্ষমতা আৰু উদ্ভাৱনৰ পৰিৱৰ্তনশীল ভূমিকা অন্বেষণ কৰিবলৈ শিক্ষাবিদ, নীতি নিৰ্ধাৰক, উদ্যোগী আৰু গৱেষকসকলক একত্ৰিত কৰা। ইয়াত মানৱ সম্পদ ব্যৱস্থাপনা, বিপণন কেনেকৈ কৰা হ’ব তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব। আলোচনা চক্ৰত বিশেষকৈ ঔদ্যোগিক উন্নয়ন আৰু প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা আৰু কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰৰ ওপৰত আলোচনা কৰা হব । এই আলোচনা চক্ৰখনে সমগ্ৰ বিশ্বৰ পণ্ডিতসকলৰ শিক্ষাবিদ আৰু নীতি নিৰ্ধাৰকসকলৰ মাজত চিন্তাশীল আলোচনা, বৌদ্ধিক বিনিময় আৰু সহযোগিতাৰ বাবে এক গতিশীল মঞ্চ হিচাপে কাম কৰিব । সংবাদ মেলত আলোচনা সভাৰ সমন্বয়ক ড০ তিলক চন্দ্ৰ দাসে কয়-প্ৰকৃতিৰ ভাৰসাম‍্য নষ্ট নোহোৱাকৈ আমাক উন্নয়নৰ প্ৰয়োজন। সেইবাবে এই আলোচনা চক্ৰৰ প্ৰয়োজন কৰা হৈছে । আমাৰ চিন্তা চেতনাক আমি জ্ঞানৰ মাজেদি লৈ যাব বিচাৰো। আমাক উদ্যোগ লাগিবই। কিন্তু আমি পৰিবেশ বিনষ্ট নকৰাকৈ ভাৰ সাম‍্যতা ৰক্ষা কৰিব লাগিব। আমি কেনেকৈ গ্ৰীণ মাৰ্কেটিঙ কৰিব পাৰো তাত গুৰুত্ব দিব লাগিব। সেয়েহে এই আলোচনা সভাৰ প্ৰথম দিনা উদ্যোগিক উন্নয়ন আৰু প্ৰকৃতিৰ ভাৰসাম্যতা ৰক্ষা বিষয়ত আলোচনা কৰা হ’ব। সেইদৰে দ্বিতীয় দিনা কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰিক দিশৰ ওপৰত আলোচনা কৰা হ’ব। আমাৰ থলুৱা এম এছ এম ই সকলে কেনেদৰে আগবাঢ়িব পাৰি তাতো গুৰুত্ব দিয়া হ’ব। এই আলোচনা চক্ৰ দুয়োদিনে দিনৰ ১০ বজাৰ পৰা অনুষ্ঠিত হ’ব । আলোচনাচক্ৰত কানাডা, ওমান, বাশ্বিংটনৰ পৰা অহা কেইবাজনো প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব।লগতে ১২০ গৱেষণা পত্ৰও পাঠ কৰা হ’ব।’ সংবাদ মেলত প্ৰাক্তন বাণিজ‍্য গুৰু অধ্যাপক ভাস্কৰ জোতি বৰাই কয়- এই সভাত উন্নয়ন,মুনাফাৰ লগতে সেউজীয়া প্ৰকৃতিৰ কথাও থাকিব। সকলোৰে সমন্নিত ভাৱনা থাকিব। বিদেশত কি হৈ আছে সেই বিষয়েও আমি জানিব পাৰিম। ইচ্ছুক সকলৰ এই সভাৰ জড়িয়তে উপকৃত হ’ ব পাৰিব।’ সংবাদ মেলত এই আলোচনা সভাৰ সমন্বয়ক ড০ মহুৱা দেৱ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ প্ৰাক্তন ছাত্ৰ-সন্মিলনৰ সভাপতি নয়ন বৰুৱাৰ লগতে অন্যান্য বিষয়ববীয়া উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *