• Sat. Jan 17th, 2026

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

গুৱাহাটী প্ৰেছ ক্লাবত সামাজিক, সাংস্কৃতিক অনুষ্ঠান দেশ ভাৱনাৰ উদ্যোগত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৰণ সভা

ByNaba Barta

Dec 31, 2025
oplus_0
Spread the love

সাংবাদিকক সম্বৰ্ধনা

নৱবার্তা গুৱাহাটী: গুৱাহাটী প্ৰেছ ক্লাবত বুধবাৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৰণ সভা আৰু সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানত
গভীৰ আবেগ, শ্ৰদ্ধা আৰু স্মৃতিচাৰণাৰ মাজেৰে প্ৰয়াত শিল্পী জুবিন গাৰ্গক স্মৰণ কৰি এক গাম্ভীৰ্যপূৰ্ণ স্মৰণসভা অনুষ্ঠিত হয়। এই স্মৰণ অনুষ্ঠানৰ আয়োজন কৰে দুটা সাহিত্য-সাংস্কৃতিক আৰু সামাজিক সংগঠন—দেশ ভাবনা (কলকাতা) আৰু কৃষ্টি পথাৰ অসমে। অনুষ্ঠানটোত আবেগিক পৰিবেশৰ সৃষ্টি হয়, বহুজনে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক স্মৰণ কৰি আবেগিক হৈ পৰে। উপস্থিত বিশিষ্ট ব্যক্তিসকলে জুবিন গাৰ্গক মৰণোত্তৰ ভাৰতৰত্ন সন্মানে ভূষিত কৰাৰ দাবী জনাইছে।
অনুষ্ঠানৰ আৰম্ভণিতে জুবিন গাৰ্গৰ বহুমুখী অৱদান স্মৰণ কৰা হয়। সংগীত, সমাজচিন্তা আৰু মানবিকতাৰ ক্ষেত্ৰত তেওঁৰ ভূমিকা আজিও মানুহৰ হৃদয়ত গভীৰভাৱে গাঁথি আছে—এই কথা বক্তাসকলে একমত হৈ স্বীকাৰ কৰে। জুবিন গাৰ্গক স্মৰণ কৰি আয়োজকসকলে কয় যে তেওঁ কেৱল এজন শিল্পীয়েই নাছিল, সমাজৰ প্ৰতি দায়বদ্ধ এক মানৱিক সত্তা আছিল।এই স্মৰণসভাত সাহিত্য, সাংস্কৃতিক আৰু সামাজিক ক্ষেত্ৰত অৱদানৰ স্বীকৃতি স্বৰূপে বিশিষ্ট ব্যক্তিসকলক স্মাৰক সম্বৰ্ধনা দিয়া হয়। সন্মানপ্ৰাপ্তসকলৰ হ’ল ক্ৰমে বিশিষ্ট সাংবাদিক সকল ক্ৰমে দৌলত ৰহমান, সুদীপ শৰ্মা চৌধুৰী, অৰুপ চক্রৱৰ্তী, মৃণাল চৰকাৰ, আজহাৰ আলম, অনুপমা ডেকা, ৰাজীবাক্ষ ৰক্ষিত আৰু জ্যেষ্ঠ সমাজকৰ্মী আব্দুল লতিফ,
বিজয় বিশ্বাস, মিতুল বৰ্মন, সুজিত নন্দী, সিদ্ধাৰ্থ মুখাৰ্জী, মালিনা বৰ্মন আৰু মহুৱা মণ্ডল আদি।
আদি।
আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত হৈ আব্দুল লতিফে কয়, “জুবিন গাৰ্গ এজন মহামানৱ আছিল। তেওঁ অমৰ, অজেয়। তেওঁৰ কৰ্ম আৰু চিন্তাই চিৰকাল মানুহক পথ দেখাব।” আনহাতে সাংবাদিক সুদীপ শৰ্মা চৌধুৰীয়ে তেওঁৰ বক্তব্যত কয়, “জুবিন গাৰ্গক পাহৰি যোৱা সম্ভৱ নহয়। তেওঁ কেৱল এজন শিল্পীয়েই নাছিল, তেওঁ প্ৰকৃতি, গছ-গছনি, জীৱ-জন্তু—সকলোকে ভাল পাইছিল। মানবতাৰ এক অনন্য প্ৰতীক হিচাপে তেওঁ জনমানসত চিৰস্থায়ী হৈ থাকিব।” তেওঁ লগতে আশাবাদ প্ৰকাশ কৰে যে আগন্তুক প্ৰজন্মে জুবিন গাৰ্গৰ গানক নতুন উচ্চতালৈ লৈ যাব।
অনুষ্ঠানত শিশু শিল্পী সায়ন ৰায়ে সংগীত পৰিৱেশনৰ জৰিয়তে শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। লগতে ত্ৰিপুৰা, কলকাতা আৰু অসমৰ বিভিন্ন অঞ্চলৰ পৰা অহা শিল্পীসকলেও অংশগ্ৰহণ কৰে। প্ৰখ্যাত শিল্পী প্ৰলয় ৰায়ৰ স্বৰলিপিত গোৱালপাৰীয়া গীত
শিল্পীসকলে পৰিৱেশন কৰা গান আৰু কবিতাই অনুষ্ঠানৰ সৌন্দৰ্য বহুগুণে বৃদ্ধি কৰে।
কলকাতা, ত্ৰিপুৰা আৰু অসমৰ শিল্পীসকলৰ সমিলিত অংশগ্ৰহণে অনুষ্ঠানটোৱে এক সৰ্বভাৰতীয় ৰূপ লাভ কৰে। কলকাতাৰ একশন গ্ৰুপ এই অনুষ্ঠানৰ অন্যতম সহযোগী হিচাপে সহযোগিতা আগবঢ়ায়। দেশ ভাবনাৰ হৈ সংস্থাৰ অন্যতম প্ৰধান শম্পি চক্রৱৰ্তী পুৰকায়স্থে কয় যে জুবিন গাৰ্গৰ আদৰ্শ আৰু কৰ্ম আগন্তুক প্ৰজন্মলৈ পোহৰাই দিয়ােই এই স্মৰণসভাৰ মুখ্য লক্ষ্য।
স্মৰণসভাৰ পৰা সৰ্বসম্মতিক্ৰমে দাবী উত্থাপন কৰা হয়—জুবিন গাৰ্গৰ অসামান্য সাংস্কৃতিক আৰু মানবিক অৱদানৰ স্বীকৃতি স্বৰূপে তেওঁক মৰণোত্তৰ ভাৰতৰত্ন প্ৰদান কৰা হওক। কলকাতাৰ অ্যাকশন গ্রুপৰ সহযোগিতাত দেশ ভাবনা কলকাতা আৰু কৃষ্টি পথাৰ অসম এই অনুষ্ঠানৰ আয়োজন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *